--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট-ৰোহিত-শুভমনৰ বেটিং বিক্ৰমেৰে বাংলাদেশৰ বিৰুদ্ধে সহজ বিজয় সাব্যস্ত কৰিছে ভাৰতে। পুনেত অনুষ্ঠিত হোৱা বিশ্বকাপৰ একপক্ষীয় মেচখনত ভাৰতক জয়ী হ’বলৈ প্ৰয়োজন হৈছিল ২৫৭ ৰান। ভাৰতীয় বেটাৰসকলৰ দূৰ্দা্ত প্ৰদৰ্শনৰ বাবে সহজেই পৰাজয়বৰণ কৰে বাংলাদেশে।

মহাৰাষ্ট্ৰ ক্ৰিকেট এচ’ছিয়েচন ষ্টেডিয়ামত বাংলাদেশ টছত জয়ী হৈ বেটিং কৰে। অপেনাৰদ্বয় তানজিদ হাছান (৫১) আৰু লিটন দাস (৬৬)-এ দূৰ্দান্ত আৰম্ভণি কৰে। দুয়ো প্ৰথম উইকেটৰ যুটীত ৯৪ ৰাণ সংগ্ৰহ কৰে। কিন্তু তাৰপাছতে আৰম্ভ হয় বেটিং বিপৰ্যয়। ব্যৰ্থ হয় নাজমুল হাছান ছাণ্টো, মেহিদী হাছান, তৌহিদ হৃদয়। মহমুদউল্লা (৪৬) আৰু মুছফিকুৰ ৰহিম (৩৮)ৰ প্ৰয়োজনীয় বৰঙনিৰ সহায়ত দলটোৱে ৮ উইকেটত ২৫৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ভাৰতৰ হৈ ৰবীন্দ্ৰ জাডেজা, বুমৰাহ আৰু চিৰাজে দুটাকৈ ইউকেট সংগ্ৰহ কৰে।

ফৰ্মৰ শিখৰত থকা ভাৰতৰ বেটাৰসকলে আৰম্ভণিৰে পৰা মাৰমুখী খেল খেলি যায়। ৰোহিত শৰ্মাই ৪৮ (৪০), শুভমান গীলে ৫৩ (৫৫), কে এল ৰাহুলে ৩৪ (৩৪) ৰাণৰ বৰঙনি আগবঢ়ায়। কিন্তু সকলোতকৈ আকৰ্ষণীয় হিচাপে বিবেচিত হৈছে বিৰাট কোহলীৰ শতক। ৯৭ টা বলত ১০৩ ৰাণৰ এই ইনিংছটোৰেই ভাৰতে বিজয় সাব্যষ্ট কৰে। চলিত বিশ্বকাপত বিৰাটৰ এইটো প্ৰথম শতক। বাংলাদেশৰ হৈ মেহিদী হাছানে দুটা উইকেট দখল কৰাৰ বাদে বাকী বলাৰসকলৰ বলিং চোকহীন হৈ পৰে।

উল্লেখ্য যে তুলনামূলকভাৱে দূৰ্বল দলসমূহে এইবাৰৰ বিশ্বকাপত চমক সৃষ্টি কৰি আহিছে। নেদাৰলেণ্ড, আফগানিস্তানে বাঘা বাঘা দলক পৰাস্ত কৰাৰ পাছতে বিশ্বকাপ আকৰ্ষণীয় হৈ পৰিছে। তেনেস্থলত বাংলাদেশৰ পৰাও ক্ৰিকেটপ্ৰেমীসকলে কিছু আশা কৰিছিল, কিন্তু জয়যাত্ৰা অব্যাহত থাকিল টীম ইণ্ডিয়াৰ।





FOLLOW US F
POPULAR
FEATURE
TRENDY
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement