--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট-ৰোহিত-শুভমনৰ বেটিং বিক্ৰমেৰে বাংলাদেশৰ বিৰুদ্ধে সহজ বিজয় সাব্যস্ত কৰিছে ভাৰতে। পুনেত অনুষ্ঠিত হোৱা বিশ্বকাপৰ একপক্ষীয় মেচখনত ভাৰতক জয়ী হ’বলৈ প্ৰয়োজন হৈছিল ২৫৭ ৰান। ভাৰতীয় বেটাৰসকলৰ দূৰ্দা্ত প্ৰদৰ্শনৰ বাবে সহজেই পৰাজয়বৰণ কৰে বাংলাদেশে।

মহাৰাষ্ট্ৰ ক্ৰিকেট এচ’ছিয়েচন ষ্টেডিয়ামত বাংলাদেশ টছত জয়ী হৈ বেটিং কৰে। অপেনাৰদ্বয় তানজিদ হাছান (৫১) আৰু লিটন দাস (৬৬)-এ দূৰ্দান্ত আৰম্ভণি কৰে। দুয়ো প্ৰথম উইকেটৰ যুটীত ৯৪ ৰাণ সংগ্ৰহ কৰে। কিন্তু তাৰপাছতে আৰম্ভ হয় বেটিং বিপৰ্যয়। ব্যৰ্থ হয় নাজমুল হাছান ছাণ্টো, মেহিদী হাছান, তৌহিদ হৃদয়। মহমুদউল্লা (৪৬) আৰু মুছফিকুৰ ৰহিম (৩৮)ৰ প্ৰয়োজনীয় বৰঙনিৰ সহায়ত দলটোৱে ৮ উইকেটত ২৫৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ভাৰতৰ হৈ ৰবীন্দ্ৰ জাডেজা, বুমৰাহ আৰু চিৰাজে দুটাকৈ ইউকেট সংগ্ৰহ কৰে।

ফৰ্মৰ শিখৰত থকা ভাৰতৰ বেটাৰসকলে আৰম্ভণিৰে পৰা মাৰমুখী খেল খেলি যায়। ৰোহিত শৰ্মাই ৪৮ (৪০), শুভমান গীলে ৫৩ (৫৫), কে এল ৰাহুলে ৩৪ (৩৪) ৰাণৰ বৰঙনি আগবঢ়ায়। কিন্তু সকলোতকৈ আকৰ্ষণীয় হিচাপে বিবেচিত হৈছে বিৰাট কোহলীৰ শতক। ৯৭ টা বলত ১০৩ ৰাণৰ এই ইনিংছটোৰেই ভাৰতে বিজয় সাব্যষ্ট কৰে। চলিত বিশ্বকাপত বিৰাটৰ এইটো প্ৰথম শতক। বাংলাদেশৰ হৈ মেহিদী হাছানে দুটা উইকেট দখল কৰাৰ বাদে বাকী বলাৰসকলৰ বলিং চোকহীন হৈ পৰে।

উল্লেখ্য যে তুলনামূলকভাৱে দূৰ্বল দলসমূহে এইবাৰৰ বিশ্বকাপত চমক সৃষ্টি কৰি আহিছে। নেদাৰলেণ্ড, আফগানিস্তানে বাঘা বাঘা দলক পৰাস্ত কৰাৰ পাছতে বিশ্বকাপ আকৰ্ষণীয় হৈ পৰিছে। তেনেস্থলত বাংলাদেশৰ পৰাও ক্ৰিকেটপ্ৰেমীসকলে কিছু আশা কৰিছিল, কিন্তু জয়যাত্ৰা অব্যাহত থাকিল টীম ইণ্ডিয়াৰ।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক