--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশৰ আশা এতিয়াও শেষ হোৱা নাই। একেৰাহে চাৰিখন মেচত পৰাস্ত হোৱাৰ পাছত সকলো মেচতে জয়ী হ’ব লাগিব বাবৰ আজমে। আন দলৰ ওপৰতো ভৰসা কৰিব লাগিব।

পাকিস্তানে ৬খন খেলৰ পৰা ৪ পইণ্ট লাভ কৰি লীগ তালিকাৰ ষষ্ঠ স্থানত আছে। লীগৰ শীৰ্ষত উপনীত হৈছে দক্ষিণ আফ্ৰিকা। তেওঁলোকৰ ৬খন মেচত ১০ পইণ্ট।

এতিয়াও বাংলাদেশ, নিউজিলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে পাকিস্তানৰ মেচ আছে। এই তিনিখন মেচত জয়ী হ’লে পাকিস্তানে লাভ কৰিব ১০ পইণ্ট। যদি বাবৰে সকলো মেচতে জয়ী হ’ব পাৰে তেন্তে তেওঁলোকে বিচাৰিব যে শ্ৰীলংকা আৰু অষ্ট্ৰেলিয়াই সকলো মেচতে পৰাস্ত হওক।

অষ্ট্ৰেলিয়াৰ ৬ পইণ্ট। লীগৰ চতুৰ্থ স্থানত আছে। পঞ্চম স্থানত আছে শ্ৰীলংকা। পাকিস্তানৰ দৰে তেওঁলোকৰো ৪ পইণ্ট আছে। এই দুটা দলে আৰু কোনো মেচত জয়ী নহ’লে ১০ পইণ্টতকৈ কম পইণ্টেৰে অন্ত পেলাব। ইয়াৰ দ্বাৰা পাকিস্তানৰ লাভ হ’ব।

পাকিস্তানৰ বৰ্তমানৰ ফৰ্মৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলখন কঠিন হ’ব পাৰে। লীগ তালিকাত এতিয়া পাকিস্তানৰ তলত আছে বাংলাদেশ আৰু ইংলেণ্ড।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ