--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আঘাতৰ বাবে বিশ্বকাপৰ আৰম্ভণিতে খেলিব নোৱাৰিলে। ইয়াৰ পিছতো অষ্ট্ৰেলিয়াই ট্ৰেভিছ হেডক কিয় দলত ৰাখিছিল, সেই কথা তেওঁ খেলপথাৰলৈ উভতি অহাৰ সময়ত বুজাই দিছিল। শনিবাৰে পুৱা ধৰ্মশালা খেলপথাৰত হেড ষ্টাৰ্ট কৰে নিজৰ ইনিংছ। মাত্ৰ ২৫টা বলত ৫০ ৰান সংগ্ৰহ কৰে। এইবাৰ বিশ্বকাপৰ সৰ্বাধিক দ্ৰুততম পঞ্চাশ। হেডৰ ইনিংছ শেষ ১০৯ ৰাণত।

ট্ৰেভিছ হেড এই মুহূৰ্তত অষ্ট্ৰেলিয়াৰ শ্ৰেষ্ঠ অ’পেনাৰ। তেওঁৰ সৈতে ডেভিদ ৱাৰ্নাৰৰ অংশীদাৰিত্ব যিকোনো দলৰ বাবে অতি ভয়ংকৰ। শনিবাৰে বিশ্বকাপৰ প্ৰথমখন খেল খেলিছিল হেডে। তেওঁ আৰম্ভণিৰে পৰা খেলিবলৈ আৰম্ভ কৰিছিল। লেগৰ ফালে তেওঁ অধিক শক্তিশালী। পেচাৰ, স্পিনাৰ কাকো তেওঁ বাদ দিয়া নাছিল।

যদিও এইবাৰ বিশ্বকাপৰ সৰ্বাধিক দ্ৰুততম পঞ্চাশ, তথাপিও আন বিশ্বকাপৰ তুলনাত হেডৰ এই ইনিংছ বৰ বেছি নহয়। বিশ্বকাপত ব্ৰেণ্ডন মেককালামৰ সৰ্বাধিক দ্ৰুততম পঞ্চাশ। নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে ২০১৫ চনত ১৮ বলত পঞ্চাশ ৰান সংগ্ৰহ কৰিছিল। সেই অভিলেখ এতিয়াও কোনেও ভংগ কৰা নাই।

হেডে ৫৯টা বলত শতক অৰ্জন কৰে। এইবাৰ বিশ্বকাপত সৰ্বাধিক দ্ৰুততম শতকৰ তালিকাত তৃতীয় স্থানত আছে। গ্লেন মেক্সৱেলে ৪০ বলত শতক অৰ্জন কৰে। আইডেন মাৰ্ক্ৰামে ৪৯টা বলত শতক অৰ্জন কৰে। তেওঁলোকক উফৰাই পেলাব নোৱাৰিলেও এই দিনটোত হেডৰ ইনিংছ কম বিধ্বংসী নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ