--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এদিনীয়া বিশ্বকাপৰ অন্ত পৰাৰ চাৰিদিন পিছতে মুখামুখি হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়া। পাঁচখন টি-২০ মেচৰ শৃংখলাত দুয়োটা দলে খেলিব। বিশ্বকাপৰ মাজতে শনিবাৰে ক্ৰিকেট অষ্ট্ৰেলিয়াই শৃংখলাৰ বাবে দল ঘোষণা কৰে। অধিনায়ক পেট কামিন্সক দলত ৰখা হোৱা নাই।

বিশ্বকাপৰ পাছত ২০ অভাৰৰ পাঁচখন খেলৰ শৃংখলা খেলিহে ঘৰলৈ উভতিব ষ্টিভ স্মিথবাহিনী। এই ধাৰাবাহিকখনৰ বাবে কামিন্সক জিৰণি দিয়া হৈছে। মেথিউ ৱেডে দলটোৰ নেতৃত্ব দিব। বিশ্বকাপ দলৰ ৬ জন সদস্যক ১৫ জনীয়া দলটোত ৰখা হৈছে।

স্মিথৰ উপৰিও দলটোত আছে ডেভিদ ৱাৰ্নাৰ, ট্ৰেভিছ হেড, গ্লেন মেক্সৱেল, মাৰ্কাছ ষ্ট’ইনিছ, এডাম জাম্পা, জোছ ইংলিছ আৰু শ্বেন এবট। বিশ্বকাপৰ ৰিজাৰ্ভ সদস্য তনবীৰ সংঘও ১৫ জনীয়া টি-২০ ছিৰিজৰ দলত আছে। দলটোত আছে টিম ডেভিদ, মেট শ্বৰ্ট, নাথান এলিছ, স্পেন্সৰ জনছন আৰু জেছন বেহৰেণ্ডৰ্ফ।

অষ্ট্ৰেলিয়াৰ ১৫ জনীয়া দল : মেথিউ ৱেড (অধিনায়ক), ষ্টিভ স্মিথ, ডেভিদ ৱাৰ্নাৰ, ট্ৰেভিছ হেড, গ্লেন মেক্সৱেল, মাৰ্কাছ ষ্ট’ইনিছ, এডাম জাম্পা, জোছ ইংলিছ, শ্বেন এবট, টিম ডেভিদ, মেট শ্বৰ্ট, নাথান এলিছ, টানভিৰ সংঘ, স্পেন্সৰ জনছন আৰু জেছন বেহৰেণ্ডৰ্ফ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ