--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইডেন গাৰ্ডেনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এক নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিলে শ্বাহীন আফ্ৰিদীয়ে। ছাকিব আল হাছানৰ বাংলাদেশী অ’পেনাৰ তঞ্জীদ হাছানক আউট কৰি এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১০০টা উইকেট দখল কৰাৰ মাইলৰ খুঁটিত উপনীত হ’ল শ্বাহিনে। তেওঁ এই নজিৰ গঢ়ি তুলিছে বিশ্বৰ তৃতীয় দ্ৰুততম বলাৰ হিচাপে।

বাংলাদেশ-পাকিস্তানৰ খেলৰ পূৰ্বে ৫০ অভাৰৰ ক্ৰিকেটত শ্বাহীনৰ উইকেট নম্বৰ আছিল ৯৯। মঙলবাৰে প্ৰথমটো উইকেটৰে এই মাইলৰ খুঁটিত উপনীত হয়। ৫১ সংখ্যক এদিনীয়াত ১০০ উইকেট সম্পূৰ্ণ কৰিলে শ্বাহীনে।

যদিও সামগ্ৰিকভাৱে তৃতীয় সৰ্বাধিক দ্ৰুততম খেলুৱৈ, তথাপিও দ্ৰুত বলাৰসকলৰ ভিতৰত আটাইতকৈ কম মেচত ১০০টা উইকেট দখল কৰে শ্বাহীনে। তেওঁ অষ্ট্ৰেলিয়াৰ মিচেল ষ্টাৰকৰ অভিলেখ ভংগ কৰে। অষ্ট্ৰেলিয়াৰ এই বেগী বলাৰগৰাকীয়ে ৫২খন মেচত ১০০টা উইকেট দখল কৰে। ২০১৬ চনত ষ্টাৰকে সেই অভিলেখ কৰিছিল।

১০০ সংখ্যক উইকেটৰে ২৬ বছৰীয়া আন এক অভিলেখ ভংগ কৰে শ্বাহীনে। দীৰ্ঘদিন ধৰি পাকিস্তানৰ শীৰ্ষ বলাৰ আছিল ছাকলিন মুস্তাক। ১৯৯৭ চনত শ্ৰীলংকাৰ বিৰুদ্ধে ১০০ উইকেট সম্পূৰ্ণ কৰিছিল সাকলিনে। ইমান দিনে পাকিস্তানৰ শীৰ্ষ বলাৰ আছিল ৱাকাৰ ইউনিছ।

এদিনীয়াত ১০০ উইকেট দখল কৰাৰ তালিকাত প্ৰথম দুটা স্থান দখল কৰিছে স্পিনাৰ দুগৰাকীয়ে। এই ক্ষেত্ৰত বিশ্ব অভিলেখ নেপালৰ সন্দীপ লামচেনৰ হাতত। তেওঁ ৪২খন এদিনীয়াত ১০০টা উইকেট সম্পূৰ্ণ কৰে। তালিকাৰ দ্বিতীয় নাম আফগানিস্তানৰ ৰছিদ খান। আফগান স্পিনাৰগৰাকীয়ে ৪৪খন এদিনীয়াত ১০০ উইকেট সম্পূৰ্ণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ