--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইডেন গাৰ্ডেনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এক নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিলে শ্বাহীন আফ্ৰিদীয়ে। ছাকিব আল হাছানৰ বাংলাদেশী অ’পেনাৰ তঞ্জীদ হাছানক আউট কৰি এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১০০টা উইকেট দখল কৰাৰ মাইলৰ খুঁটিত উপনীত হ’ল শ্বাহিনে। তেওঁ এই নজিৰ গঢ়ি তুলিছে বিশ্বৰ তৃতীয় দ্ৰুততম বলাৰ হিচাপে।

বাংলাদেশ-পাকিস্তানৰ খেলৰ পূৰ্বে ৫০ অভাৰৰ ক্ৰিকেটত শ্বাহীনৰ উইকেট নম্বৰ আছিল ৯৯। মঙলবাৰে প্ৰথমটো উইকেটৰে এই মাইলৰ খুঁটিত উপনীত হয়। ৫১ সংখ্যক এদিনীয়াত ১০০ উইকেট সম্পূৰ্ণ কৰিলে শ্বাহীনে।

যদিও সামগ্ৰিকভাৱে তৃতীয় সৰ্বাধিক দ্ৰুততম খেলুৱৈ, তথাপিও দ্ৰুত বলাৰসকলৰ ভিতৰত আটাইতকৈ কম মেচত ১০০টা উইকেট দখল কৰে শ্বাহীনে। তেওঁ অষ্ট্ৰেলিয়াৰ মিচেল ষ্টাৰকৰ অভিলেখ ভংগ কৰে। অষ্ট্ৰেলিয়াৰ এই বেগী বলাৰগৰাকীয়ে ৫২খন মেচত ১০০টা উইকেট দখল কৰে। ২০১৬ চনত ষ্টাৰকে সেই অভিলেখ কৰিছিল।

১০০ সংখ্যক উইকেটৰে ২৬ বছৰীয়া আন এক অভিলেখ ভংগ কৰে শ্বাহীনে। দীৰ্ঘদিন ধৰি পাকিস্তানৰ শীৰ্ষ বলাৰ আছিল ছাকলিন মুস্তাক। ১৯৯৭ চনত শ্ৰীলংকাৰ বিৰুদ্ধে ১০০ উইকেট সম্পূৰ্ণ কৰিছিল সাকলিনে। ইমান দিনে পাকিস্তানৰ শীৰ্ষ বলাৰ আছিল ৱাকাৰ ইউনিছ।

এদিনীয়াত ১০০ উইকেট দখল কৰাৰ তালিকাত প্ৰথম দুটা স্থান দখল কৰিছে স্পিনাৰ দুগৰাকীয়ে। এই ক্ষেত্ৰত বিশ্ব অভিলেখ নেপালৰ সন্দীপ লামচেনৰ হাতত। তেওঁ ৪২খন এদিনীয়াত ১০০টা উইকেট সম্পূৰ্ণ কৰে। তালিকাৰ দ্বিতীয় নাম আফগানিস্তানৰ ৰছিদ খান। আফগান স্পিনাৰগৰাকীয়ে ৪৪খন এদিনীয়াত ১০০ উইকেট সম্পূৰ্ণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান