--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছৌদি আৰৱত অনুষ্ঠিত হ’ব ২০৩৪ চনৰ বিশ্বকাপ। শেষ মুহূৰ্তত অষ্ট্ৰেলিয়াই বিশ্বকাপ আয়োজনৰ দৌৰৰ পৰা আঁতৰি অহাৰ লগে লগে ছৌদি আৰৱৰ হাতত আন কোনো প্ৰতিদ্বন্দ্বী নাই। এইবাৰ কেৱল ছীল মোহৰৰ বাবে অপেক্ষা।

১১ বছৰৰ পাছত বিশ্বকাপ আয়োজন কৰাৰ ইচ্ছা প্ৰকাশ কৰি চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ছৌদি আৰবে আবেদন কৰিছিল। ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানে ‘ভিজন ২০৩০’ নামৰ এটা প্ৰজেক্ট আৰম্ভ কৰিছে। তেওঁ বিশ্বকাপ আয়োজনৰ বাবে সকলো আন্তঃগাঁথনি সৃষ্টি কৰিব বিচাৰে। ছলমানে এখন সুকীয়া চহৰ নিৰ্মাণ কৰিব বিচাৰিছে। তেওঁ কয় যে সমগ্ৰ বিশ্বকাপ তাতেই আয়োজন কৰা হ’ব। ইয়াৰ বাবে ১ কোটি টকা আবণ্টন দিয়া হৈছে।

ব্ৰিটিছ সংবাদ মাধ্যমৰ মতে ছৌদি আৰবে বিশ্বকাপ অনুষ্ঠিত কৰিবলৈ অলপ শিথিল হ’ব বিচাৰিছে। উদাহৰণস্বৰূপে ২০২২ চনত কাটাৰত মদ নিষিদ্ধ কৰা হৈছিল। কিন্তু চৌদি আৰৱত অনুষ্ঠিত হোৱা বিশ্বকাপৰ সময়ত অনুৰাগীয়ে সুৰাপান কৰিব পাৰে। এইটো পৰিকল্পনা কৰা হৈছে যাতে সমগ্ৰ বিশ্বৰ পৰা অনুৰাগীসকল তালৈ আহে।

যোৱা কেইবছৰমানৰ পৰা এছিয়াৰ অন্যতম শক্তিশালী ফুটবল ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে ছৌদি আৰব। বিশ্বকাপ চেম্পিয়ন আৰ্জেণ্টিনাক মাত্ৰ এটা গ’লত পৰাস্ত কৰিছে কাটাৰে। ক্রিষ্টিয়ানো ৰোনাল্ডোৰ দৰে তাৰকাই চৌদি আৰৱৰ ক্লাব আল নাছেৰৰ হৈ খেলে। পিছলৈ কৰিম বেনজেমা, নেইমাৰৰ দৰে ফুটবলাৰো সেই দেশলৈ গৈছিল। এইবাৰ তেওঁলোকে আয়োজন কৰিব বিশ্বকাপ। সেই লক্ষ্যৰ দিশে আগবাঢ়িছে ছৌদি আৰব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ