--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত পৰাজয়ৰ হেট্ৰিক অৰ্জন কৰিছে বিশ্ব চেম্পিয়ন ইংলেণ্ডে। আফগানিস্তান আৰু দক্ষিণ আফ্ৰিকাৰ পিছত এইবাৰ শ্ৰীলংকাৰ হাততো পৰাস্ত হয়। বাংগালোৰুৰ খেলপথাৰত শ্ৰীলংকাই বেট আৰু বলৰ জৰিয়তে শক্তি প্ৰদৰ্শন কৰে। বিশ্বকাপৰ প্ৰথম পাঁচখন খেলৰ ভিতৰত চাৰিখন খেলত পৰাস্ত হয় জোছ বাটলাৰাহিনী। ফলত তেওঁলোকৰ বাবে ছেমি ফাইনেললৈ যোৱাটো প্ৰায় অসম্ভৱ হৈ পৰিল।

বাটলাৰে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। আৰম্ভণি বেয়া নাছিল। উন্মোচনী যুটিত দুজন অ’পেনাৰ জনী বেয়াৰষ্ট’ আৰু ডেভিদ মালানে ৪৫ ৰান সংগ্ৰহ কৰে। ইংলেণ্ডক প্ৰথম আঘাত দিলে এঞ্জেলো মেথিউছে। এই বিশ্বকাপত প্ৰথমবাৰৰ বাবে শ্ৰীলংকাৰ হৈ খেলি তেওঁ অভিজ্ঞতাৰ ব্যৱহাৰ কৰিছিল। ২৮ ৰানত আউট হয় মালান। বেয়াৰষ্টোৱে ৩০ ৰানত আউট হৈছিল।

এই বিশ্বকাপত ইংলেণ্ডৰ মিডল অৰ্ডাৰ আকৌ এবাৰ ব্যৰ্থ হয়। বেন ষ্ট’কছৰ বাহিৰে কোনেও থিয় দিব নোৱাৰিলে। জো ৰুট, বাটলাৰ, লিয়াম লিভিংষ্টন, ম’ইন আলী ব্যৰ্থ হয়।  কেৱল ষ্ট’কছেহে ৪৩ ৰান সংগ্ৰহ কৰে।  ৩৩.২ অভাৰত ১৫৬ ৰান সংগ্ৰহ কৰি অল আউট হয় ইংলেণ্ড।

এই মেচত জয়ী হ’বলৈ ইংলেণ্ডৰ বলাৰসকলে আৰম্ভণিতে উইকেট ল’ব লগা হৈছিল। ডেভিদ ৱাইলীয়ে সেইটোৱেই কৰে। তেওঁ সোনকালে কুশল পেৰেৰা আৰু কুশল মেণ্ডিছক ঘূৰাই আনিলে। লক্ষ্য কম হোৱাৰ বাবে অলপ হেঁচাত পৰিলেও শ্ৰীলংকাই মেচলৈ ঘূৰি আহিবলৈ কোনো সমস্যা হোৱা নাছিল। সদিৰা সমৰবিক্ৰমে পাথুম নিশাংকৰ সৈতে যুটী বান্ধে। কোনো ধৰণৰ ৰিস্ক নোলোৱাকৈ দলটোক জয়ৰ দিশে লৈ গ’ল।

শ্ৰীলংকাৰ বেটছমেন দুগৰাকীয়ে শেষৰ ফালে কিছু ডাঙৰ শ্বট খেলে। শেষত ১৪৬টা বল বাকী থকা অৱস্থাত শ্ৰীলংকাই ৮ উইকেটত জয়লাভ কৰে। নিশাংকে ৭৭ আৰু সমৰবিক্ৰমে ৬৫ ৰানেৰে অপৰাজিত হৈ থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ