--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত পৰাজয়ৰ হেট্ৰিক অৰ্জন কৰিছে বিশ্ব চেম্পিয়ন ইংলেণ্ডে। আফগানিস্তান আৰু দক্ষিণ আফ্ৰিকাৰ পিছত এইবাৰ শ্ৰীলংকাৰ হাততো পৰাস্ত হয়। বাংগালোৰুৰ খেলপথাৰত শ্ৰীলংকাই বেট আৰু বলৰ জৰিয়তে শক্তি প্ৰদৰ্শন কৰে। বিশ্বকাপৰ প্ৰথম পাঁচখন খেলৰ ভিতৰত চাৰিখন খেলত পৰাস্ত হয় জোছ বাটলাৰাহিনী। ফলত তেওঁলোকৰ বাবে ছেমি ফাইনেললৈ যোৱাটো প্ৰায় অসম্ভৱ হৈ পৰিল।

বাটলাৰে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। আৰম্ভণি বেয়া নাছিল। উন্মোচনী যুটিত দুজন অ’পেনাৰ জনী বেয়াৰষ্ট’ আৰু ডেভিদ মালানে ৪৫ ৰান সংগ্ৰহ কৰে। ইংলেণ্ডক প্ৰথম আঘাত দিলে এঞ্জেলো মেথিউছে। এই বিশ্বকাপত প্ৰথমবাৰৰ বাবে শ্ৰীলংকাৰ হৈ খেলি তেওঁ অভিজ্ঞতাৰ ব্যৱহাৰ কৰিছিল। ২৮ ৰানত আউট হয় মালান। বেয়াৰষ্টোৱে ৩০ ৰানত আউট হৈছিল।

এই বিশ্বকাপত ইংলেণ্ডৰ মিডল অৰ্ডাৰ আকৌ এবাৰ ব্যৰ্থ হয়। বেন ষ্ট’কছৰ বাহিৰে কোনেও থিয় দিব নোৱাৰিলে। জো ৰুট, বাটলাৰ, লিয়াম লিভিংষ্টন, ম’ইন আলী ব্যৰ্থ হয়।  কেৱল ষ্ট’কছেহে ৪৩ ৰান সংগ্ৰহ কৰে।  ৩৩.২ অভাৰত ১৫৬ ৰান সংগ্ৰহ কৰি অল আউট হয় ইংলেণ্ড।

এই মেচত জয়ী হ’বলৈ ইংলেণ্ডৰ বলাৰসকলে আৰম্ভণিতে উইকেট ল’ব লগা হৈছিল। ডেভিদ ৱাইলীয়ে সেইটোৱেই কৰে। তেওঁ সোনকালে কুশল পেৰেৰা আৰু কুশল মেণ্ডিছক ঘূৰাই আনিলে। লক্ষ্য কম হোৱাৰ বাবে অলপ হেঁচাত পৰিলেও শ্ৰীলংকাই মেচলৈ ঘূৰি আহিবলৈ কোনো সমস্যা হোৱা নাছিল। সদিৰা সমৰবিক্ৰমে পাথুম নিশাংকৰ সৈতে যুটী বান্ধে। কোনো ধৰণৰ ৰিস্ক নোলোৱাকৈ দলটোক জয়ৰ দিশে লৈ গ’ল।

শ্ৰীলংকাৰ বেটছমেন দুগৰাকীয়ে শেষৰ ফালে কিছু ডাঙৰ শ্বট খেলে। শেষত ১৪৬টা বল বাকী থকা অৱস্থাত শ্ৰীলংকাই ৮ উইকেটত জয়লাভ কৰে। নিশাংকে ৭৭ আৰু সমৰবিক্ৰমে ৬৫ ৰানেৰে অপৰাজিত হৈ থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক