--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডেভিদ ৱাৰ্নাৰে শচীন টেণ্ডুলকাৰৰ অভিলেখ স্পৰ্শ কৰে। অষ্ট্ৰেলিয়াৰ অ’পেনাৰগৰাকীয়ে বুধবাৰে নেদাৰলেণ্ডৰ বিৰুদ্ধে শতক অৰ্জন কৰি শচীনৰ অন্যতম কৃতিত্বৰ সমতা স্থাপন কৰে। যদিও তেওঁ ৰোহিত শৰ্মাতকৈ পিছত আছে।

এইবাৰ বিশ্বকাপত চিনাকি ফৰ্মত আছে ৱাৰ্নাৰ। দিল্লীৰ ২২ গজৰ ইনিংছত ৯৩টা বলত ১০৪ ৰান সংগ্ৰহ কৰে তেওঁৰ বেটৰ পৰা। তেওঁ ৯১টা বলত শতক সম্পূৰ্ণ কৰে। ১১টা চাৰি আৰু ৩টা ছয় মাৰিলে। ইয়াৰ লগে লগে এদিনীয়া বিশ্বকাপত ৱাৰ্নাৰৰ শতকৰ সংখ্যা হৈছে ছয়। বিশ্বকাপতো শচীনৰ হাতত আছে ছয়টা শতক।

শচীন টেণ্ডুলকাৰক স্পৰ্শ কৰাৰ পিছতো ৱাৰ্নাৰে বিশ্বকাপত শতকৰ তালিকাৰ শীৰ্ষত উপনীত হ’ব নোৱাৰিলে। শীৰ্ষ স্থান দখল কৰিছে ৰোহিতে। ভাৰতীয় দলৰ অধিনায়কত্বৰ বিশ্বকাপত ৭টা শতক। শচীনৰ সৈতে যৌথভাৱে দ্বিতীয় স্থানত আছিল ৱাৰ্নাৰে।

এই তালিকাত যৌথভাৱে তৃতীয় স্থানত আছে দুগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ। তেওঁলোক হ’ল ৰিকি পণ্টিং আৰু কুমাৰ ছাংগাকাৰা। এদিনীয়া বিশ্বকাপত তেওঁলোকৰ শতকৰ সংখ্যা পাঁচটা।

বিশ্বকাপত এজন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ হিচাপে সৰ্বাধিক শতক (৬) ডেভিড ৱাৰ্নাৰে লাভ কৰিছে। ৰিকি পণ্টিঙক অতিক্ৰম কৰি স্পৰ্শ কৰিলে শচীন তেণ্ডুলকাৰক। ইয়াৰ উপৰিও তেওঁ অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰসকলৰ ভিতৰত ২২ সংখ্যক দ্ৰুততম শতক অৰ্জন কৰে। তেওঁ মাত্ৰ ১২৩টা ইনিংছহে খেলিছে। পিছফালে আছে হাছিম আমলা (১২৬) আৰু বিৰাট কোহলি (১৪৩)

ৱাৰ্নাৰে বিশ্বকাপত একেৰাহে দুটা শতক অৰ্জন কৰা চতুৰ্থজন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। চলিত বৰ্ষৰ আৰম্ভণিতে মাৰ্ক ৱা (১৯৯৬), পণ্টিং (২০০৩-০৭) আৰু মেথিউ হেডনে (২০০৭) এই কৃতিত্ব অৰ্জন কৰিছিল।

এই বিশ্বকাপত এতিয়ালৈকে ৫খন মেচত ৩৩২ ৰান সংগ্ৰহ কৰিছে ৱাৰ্নাৰে। গড় ৬৬.৪০। সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাত তেওঁ তৃতীয় স্থানত আছে। কুইণ্টন ডি কক শীৰ্ষত আছে। তেওঁৰ সংগ্ৰহ ৫খন মেচত ৪০৭ ৰান। একে সংখ্যক মেচত ৩৫৪ ৰান সংগ্ৰহ কৰি দ্বিতীয় স্থানত আছে বিৰাট কোহলি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত