--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডেভিদ ৱাৰ্নাৰে শচীন টেণ্ডুলকাৰৰ অভিলেখ স্পৰ্শ কৰে। অষ্ট্ৰেলিয়াৰ অ’পেনাৰগৰাকীয়ে বুধবাৰে নেদাৰলেণ্ডৰ বিৰুদ্ধে শতক অৰ্জন কৰি শচীনৰ অন্যতম কৃতিত্বৰ সমতা স্থাপন কৰে। যদিও তেওঁ ৰোহিত শৰ্মাতকৈ পিছত আছে।

এইবাৰ বিশ্বকাপত চিনাকি ফৰ্মত আছে ৱাৰ্নাৰ। দিল্লীৰ ২২ গজৰ ইনিংছত ৯৩টা বলত ১০৪ ৰান সংগ্ৰহ কৰে তেওঁৰ বেটৰ পৰা। তেওঁ ৯১টা বলত শতক সম্পূৰ্ণ কৰে। ১১টা চাৰি আৰু ৩টা ছয় মাৰিলে। ইয়াৰ লগে লগে এদিনীয়া বিশ্বকাপত ৱাৰ্নাৰৰ শতকৰ সংখ্যা হৈছে ছয়। বিশ্বকাপতো শচীনৰ হাতত আছে ছয়টা শতক।

শচীন টেণ্ডুলকাৰক স্পৰ্শ কৰাৰ পিছতো ৱাৰ্নাৰে বিশ্বকাপত শতকৰ তালিকাৰ শীৰ্ষত উপনীত হ’ব নোৱাৰিলে। শীৰ্ষ স্থান দখল কৰিছে ৰোহিতে। ভাৰতীয় দলৰ অধিনায়কত্বৰ বিশ্বকাপত ৭টা শতক। শচীনৰ সৈতে যৌথভাৱে দ্বিতীয় স্থানত আছিল ৱাৰ্নাৰে।

এই তালিকাত যৌথভাৱে তৃতীয় স্থানত আছে দুগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ। তেওঁলোক হ’ল ৰিকি পণ্টিং আৰু কুমাৰ ছাংগাকাৰা। এদিনীয়া বিশ্বকাপত তেওঁলোকৰ শতকৰ সংখ্যা পাঁচটা।

বিশ্বকাপত এজন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ হিচাপে সৰ্বাধিক শতক (৬) ডেভিড ৱাৰ্নাৰে লাভ কৰিছে। ৰিকি পণ্টিঙক অতিক্ৰম কৰি স্পৰ্শ কৰিলে শচীন তেণ্ডুলকাৰক। ইয়াৰ উপৰিও তেওঁ অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰসকলৰ ভিতৰত ২২ সংখ্যক দ্ৰুততম শতক অৰ্জন কৰে। তেওঁ মাত্ৰ ১২৩টা ইনিংছহে খেলিছে। পিছফালে আছে হাছিম আমলা (১২৬) আৰু বিৰাট কোহলি (১৪৩)

ৱাৰ্নাৰে বিশ্বকাপত একেৰাহে দুটা শতক অৰ্জন কৰা চতুৰ্থজন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। চলিত বৰ্ষৰ আৰম্ভণিতে মাৰ্ক ৱা (১৯৯৬), পণ্টিং (২০০৩-০৭) আৰু মেথিউ হেডনে (২০০৭) এই কৃতিত্ব অৰ্জন কৰিছিল।

এই বিশ্বকাপত এতিয়ালৈকে ৫খন মেচত ৩৩২ ৰান সংগ্ৰহ কৰিছে ৱাৰ্নাৰে। গড় ৬৬.৪০। সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাত তেওঁ তৃতীয় স্থানত আছে। কুইণ্টন ডি কক শীৰ্ষত আছে। তেওঁৰ সংগ্ৰহ ৫খন মেচত ৪০৭ ৰান। একে সংখ্যক মেচত ৩৫৪ ৰান সংগ্ৰহ কৰি দ্বিতীয় স্থানত আছে বিৰাট কোহলি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ