--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত একেৰাহে দুখন খেলত পৰাস্ত হৈছে পাকিস্তান। ভাৰতৰ পাছত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হোৱাৰ পাছত কিছু হেঁচাত পৰিছে বাবৰ আজমবাহিনী। এনে পৰিস্থিতিত পাকিস্তানীৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বোৱেইব আখতাৰে সোমবাৰে আফগানিস্তানৰ বিৰুদ্ধে খেলাৰ পূৰ্বে তেওঁ দলৰ ক্ৰিকেটাৰসকলক সকীয়াই দিয়ে।

যদিও আফগানিস্তান বহুক্ষেত্ৰত দুৰ্বল, তথাপিও এই বিশ্বকাপত ইংলেণ্ডৰ দৰে দলক পৰাস্ত কৰিছে। গতিকে আখতাৰে পাকিস্তানক অত্যধিক আত্মবিশ্বাসী হ’বলৈ মানা কৰিছে। তেওঁ কয়, আফগানিস্তান যথেষ্ট শক্তিশালী দল। ইংলেণ্ডৰ বিৰুদ্ধে তেওঁলোকে কি কৰিব পাৰে সেয়া দেখুৱাই দিলে। গতিকে বাবৰসকলে তেওঁলোকৰ ওচৰত লাজ পাব নিবিচাৰিলে নিজৰ শ্ৰেষ্ঠ খেল খেলিব লাগিব। আগতীয়াকৈ জয়ী হ’ব বুলি নাভাবিব।

চেন্নাইত আফগানিস্তানৰ বিৰুদ্ধে পাকিস্তানৰ খেল। এই খেলপথাৰৰ পিটচে স্পিনাৰসকলক সহায় কৰে। আফগানিস্তানৰ দলত আছে ৰছিদ খান, মহম্মদ নবী আৰু মুজীব উৰ ৰহমানৰ দৰে তিনিজন ভাল স্পিনাৰ। আখতাৰে ভাবে যে তেওঁলোকৰ বিৰুদ্ধে খেলাটো সহজ নহ’ব। চেন্নাইৰ উইকেটৰ পৰা আফগানিস্তানৰ তিনিজন স্পিনাৰে যথেষ্ট সহায় লাভ কৰিব বুলিও কয়। গতিকে বাবৰে সাৱধানে খেলিব লাগিব। বল অনুসৰি শ্বট দিব লাগে। নহলে সমস্যা হব।

আফগানিস্তানৰ বিৰুদ্ধে টছত জয়লাভ কৰাৰ পিছত দলটোৰ প্ৰাক্তন পেচাৰগৰাকীয়ে প্ৰথমে বেটিং কৰাৰ পৰামৰ্শ দিয়ে। আখতাৰে ক’লে, টছত জয়ী হ’লে সদায় বলিং কৰিব লাগে কিয়? আফগানিস্তানৰ বিৰুদ্ধে টছত জয়ী হ’লে পাকিস্তানে প্ৰথমে বেটিং কৰা উচিত। আফগানিস্তানে ডাঙৰ ৰান কৰিলে হেঁচাত পৰিব পাৰে। পাকিস্তানৰ শক্তি হৈছে বলিং। গতিকে দলটো জয় কৰিবলৈ বলাৰসকলক বিশ্বাস কৰিব লাগিব।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত