--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত একেৰাহে দুখন খেলত পৰাস্ত হৈছে পাকিস্তান। ভাৰতৰ পাছত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হোৱাৰ পাছত কিছু হেঁচাত পৰিছে বাবৰ আজমবাহিনী। এনে পৰিস্থিতিত পাকিস্তানীৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বোৱেইব আখতাৰে সোমবাৰে আফগানিস্তানৰ বিৰুদ্ধে খেলাৰ পূৰ্বে তেওঁ দলৰ ক্ৰিকেটাৰসকলক সকীয়াই দিয়ে।

যদিও আফগানিস্তান বহুক্ষেত্ৰত দুৰ্বল, তথাপিও এই বিশ্বকাপত ইংলেণ্ডৰ দৰে দলক পৰাস্ত কৰিছে। গতিকে আখতাৰে পাকিস্তানক অত্যধিক আত্মবিশ্বাসী হ’বলৈ মানা কৰিছে। তেওঁ কয়, আফগানিস্তান যথেষ্ট শক্তিশালী দল। ইংলেণ্ডৰ বিৰুদ্ধে তেওঁলোকে কি কৰিব পাৰে সেয়া দেখুৱাই দিলে। গতিকে বাবৰসকলে তেওঁলোকৰ ওচৰত লাজ পাব নিবিচাৰিলে নিজৰ শ্ৰেষ্ঠ খেল খেলিব লাগিব। আগতীয়াকৈ জয়ী হ’ব বুলি নাভাবিব।

চেন্নাইত আফগানিস্তানৰ বিৰুদ্ধে পাকিস্তানৰ খেল। এই খেলপথাৰৰ পিটচে স্পিনাৰসকলক সহায় কৰে। আফগানিস্তানৰ দলত আছে ৰছিদ খান, মহম্মদ নবী আৰু মুজীব উৰ ৰহমানৰ দৰে তিনিজন ভাল স্পিনাৰ। আখতাৰে ভাবে যে তেওঁলোকৰ বিৰুদ্ধে খেলাটো সহজ নহ’ব। চেন্নাইৰ উইকেটৰ পৰা আফগানিস্তানৰ তিনিজন স্পিনাৰে যথেষ্ট সহায় লাভ কৰিব বুলিও কয়। গতিকে বাবৰে সাৱধানে খেলিব লাগিব। বল অনুসৰি শ্বট দিব লাগে। নহলে সমস্যা হব।

আফগানিস্তানৰ বিৰুদ্ধে টছত জয়লাভ কৰাৰ পিছত দলটোৰ প্ৰাক্তন পেচাৰগৰাকীয়ে প্ৰথমে বেটিং কৰাৰ পৰামৰ্শ দিয়ে। আখতাৰে ক’লে, টছত জয়ী হ’লে সদায় বলিং কৰিব লাগে কিয়? আফগানিস্তানৰ বিৰুদ্ধে টছত জয়ী হ’লে পাকিস্তানে প্ৰথমে বেটিং কৰা উচিত। আফগানিস্তানে ডাঙৰ ৰান কৰিলে হেঁচাত পৰিব পাৰে। পাকিস্তানৰ শক্তি হৈছে বলিং। গতিকে দলটো জয় কৰিবলৈ বলাৰসকলক বিশ্বাস কৰিব লাগিব।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ