--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱাবাৰৰ বিশ্ব চেম্পিয়ন ইংলেণ্ডে শনিবাৰে দক্ষিণ আফ্ৰিকাৰ হাতত ২২৯ ৰানত পৰাস্ত হয়। চাৰিখন মেচ খেলি তিনিওখন খেলত পৰাস্ত হোৱাৰ পিছত বিশ্বকাপত যথেষ্ট হেঁচাত পৰিছে জোছ বাটলাৰ। ইংলেণ্ডে ইয়াৰ পূৰ্বে কেতিয়াও বিশ্বকাপত ইমান ব্যৱধানত পৰাস্ত হোৱা নাই।

ইয়াৰ পূৰ্বে বিশ্বকাপৰ এখন খেলত ইংলেণ্ডৰ সৰ্বাধিক পৰাজয় (ৰাণৰ দ্বাৰা) ভাৰতৰ বিৰুদ্ধে। ১৯৭৫ চনৰ বিশ্বকাপত লৰ্ডছত ভাৰতৰ হাতত ২০২ ৰানত পৰাস্ত হৈছিল ইংলেণ্ড। শনিবাৰৰ পৰাজয়ে সেই নজিৰ অতিক্ৰম কৰিলে।

ইয়াৰ উপৰিও দক্ষিণ আফ্ৰিকাৰ হাতত ইংলেণ্ডৰ পৰাজয় হ’ব বিশ্বকাপৰ ইতিহাসত ১৪তম সৰ্বাধিক ৰান পৰাজয়। প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাই ৭ উইকেটত ৩৯৯ ৰান সংগ্ৰহ কৰে। ৪০০ ৰানৰ লক্ষ্যৰে বেটিং কৰি জয়লাভ কৰি ইংলেণ্ডৰ ইনিংছ ১৭০ ৰানত সমাপ্ত হয়।

এদিনীয়া বিশ্বকাপত সৰ্বাধিক জয়ৰ ব্যৱধানৰ অভিলেখ অষ্ট্ৰেলিয়াৰ হাতত আছে। ২০১৫ চনৰ বিশ্বকাপত আফগানিস্তানে ২৭৫ ৰানত পৰাস্ত কৰিছিল। এই তালিকাত দ্বিতীয় স্থানত আছে ভাৰত। ২০০৭ চনৰ বিশ্বকাপত বাৰ্মুডাৰ বিৰুদ্ধে ৰাহুল দ্ৰাবিড় দলে ২৫৭ ৰাণত জয়লাভ কৰে। এই তালিকাত ভাৰতৰ সৈতে যৌথভাৱে দ্বিতীয় স্থানত আছে দক্ষিণ আফ্ৰিকা। ২০১৫ চনৰ বিশ্বকাপত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২৫৭ ৰানত জয়লাভ কৰে। চতুৰ্থ স্থানত আছে অষ্ট্ৰেলিয়া। ২০০৩ চনৰ বিশ্বকাপত অষ্ট্ৰেলিয়াই নামিবিয়াক ২৫৬ ৰানত পৰাস্ত কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ