--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱাবাৰৰ বিশ্ব চেম্পিয়ন ইংলেণ্ডে শনিবাৰে দক্ষিণ আফ্ৰিকাৰ হাতত ২২৯ ৰানত পৰাস্ত হয়। চাৰিখন মেচ খেলি তিনিওখন খেলত পৰাস্ত হোৱাৰ পিছত বিশ্বকাপত যথেষ্ট হেঁচাত পৰিছে জোছ বাটলাৰ। ইংলেণ্ডে ইয়াৰ পূৰ্বে কেতিয়াও বিশ্বকাপত ইমান ব্যৱধানত পৰাস্ত হোৱা নাই।

ইয়াৰ পূৰ্বে বিশ্বকাপৰ এখন খেলত ইংলেণ্ডৰ সৰ্বাধিক পৰাজয় (ৰাণৰ দ্বাৰা) ভাৰতৰ বিৰুদ্ধে। ১৯৭৫ চনৰ বিশ্বকাপত লৰ্ডছত ভাৰতৰ হাতত ২০২ ৰানত পৰাস্ত হৈছিল ইংলেণ্ড। শনিবাৰৰ পৰাজয়ে সেই নজিৰ অতিক্ৰম কৰিলে।

ইয়াৰ উপৰিও দক্ষিণ আফ্ৰিকাৰ হাতত ইংলেণ্ডৰ পৰাজয় হ’ব বিশ্বকাপৰ ইতিহাসত ১৪তম সৰ্বাধিক ৰান পৰাজয়। প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাই ৭ উইকেটত ৩৯৯ ৰান সংগ্ৰহ কৰে। ৪০০ ৰানৰ লক্ষ্যৰে বেটিং কৰি জয়লাভ কৰি ইংলেণ্ডৰ ইনিংছ ১৭০ ৰানত সমাপ্ত হয়।

এদিনীয়া বিশ্বকাপত সৰ্বাধিক জয়ৰ ব্যৱধানৰ অভিলেখ অষ্ট্ৰেলিয়াৰ হাতত আছে। ২০১৫ চনৰ বিশ্বকাপত আফগানিস্তানে ২৭৫ ৰানত পৰাস্ত কৰিছিল। এই তালিকাত দ্বিতীয় স্থানত আছে ভাৰত। ২০০৭ চনৰ বিশ্বকাপত বাৰ্মুডাৰ বিৰুদ্ধে ৰাহুল দ্ৰাবিড় দলে ২৫৭ ৰাণত জয়লাভ কৰে। এই তালিকাত ভাৰতৰ সৈতে যৌথভাৱে দ্বিতীয় স্থানত আছে দক্ষিণ আফ্ৰিকা। ২০১৫ চনৰ বিশ্বকাপত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২৫৭ ৰানত জয়লাভ কৰে। চতুৰ্থ স্থানত আছে অষ্ট্ৰেলিয়া। ২০০৩ চনৰ বিশ্বকাপত অষ্ট্ৰেলিয়াই নামিবিয়াক ২৫৬ ৰানত পৰাস্ত কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত