--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ প্ৰাক্তন ফুটবলাৰ ছাৰ ববি চাৰ্লটনৰ মৃত্যু হৈছে। শনিবাৰে পুৱা তেওঁৰ মৃত্যু হয়। পৰিয়ালৰ হৈ প্ৰকাশ কৰা এক বিবৃতিত এই কথা জানিবলৈ দিয়ে। পিছত তেওঁৰ ক্লাব মানচেষ্টাৰ ইউনাইটেডেও এক বিবৃতি প্ৰকাশ কৰে। ৮৬ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। দীৰ্ঘদিন ধৰি তেওঁ ডিমেনচিয়া ৰোগত আক্ৰান্ত হৈ আছিল। অৱশেষত সেই যুঁজখনত তেওঁ পৰাস্ত হ’ল। ইংলেণ্ডৰ হৈ ১৯৬৬ চনত ছাৰ ববিয়ে বিশ্বকাপ জয় কৰিছিল। সেই বিশ্বকাপত তেওঁ আছিল অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ।

শনিবাৰে সন্ধিয়া পৰিয়ালে অৱগত কৰে যে তেওঁৰ ঘৰতে শান্তিৰে মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ পৰিয়ালৰ লোকো তেওঁৰ লগত আছিল।” মান ইউনাইটেডে এক বিবৃতিত কয় যে ছাৰ ববি লাখ লাখ মানুহৰ হৃদয়ত আছিল, কেৱল মানচেষ্টাৰ বা ইংলেণ্ডতে নহয়, বিশ্বৰ সকলো ঠাইতে য’ত ফুটবল খেলা হয়। ২০২০ চনৰ জুলাই মাহত তেওঁৰ ভাতৃ জেকৰ মৃত্যু হয়। শেষৰ ফালেও তেওঁ ডিমেনচিয়া ৰোগত আক্ৰান্ত হৈছিল। আন এজন ভাতৃ গৰ্ডনৰ কৰ্কট ৰোগ আৰু ডিমেনচিয়া ৰোগত আক্ৰান্ত হৈ চলিত বৰ্ষৰ জানুৱাৰী মাহত মৃত্যু হয়।

বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰৰ সৈতে ছাৰ ববিৰ নাম উল্লেখ কৰা হ.। ডিয়েগো মাৰাডোনা আৰু পেলেৰ পিছত শেহতীয়াকৈ বিশ্ব বিজয়ী আন এজন ফুটবলাৰ ববিৰ মৃত্যু হৈছে। ১৯৬৬ চনত ইংলেণ্ডে প্ৰথম আৰু এতিয়ালৈকে একমাত্ৰ ফুটবল বিশ্বকাপ জয় কৰিছিল। সেই বিশ্বকাপৰ শ্ৰেষ্ঠ ফুটবলাৰ আছিল ছাৰ ববি। সেই বছৰৰ শেষৰ ফালে তেওঁ বালান ধৰ বঁটা লাভ কৰে।

মান ইউত তেওঁ আছিল এজন কিংবদন্তি। সেই ক্লাবৰ হৈ ৭৫৮খন মেচত ২৪৯টা গ’ল দিছিল। ১৯৬৮ চনত ক্লাবটোৱে প্ৰথমবাৰৰ বাবে ইউৰোপীয় কাপ (বৰ্তমান চেম্পিয়নছ লীগ) জয় কৰে।

তেওঁ মিডফিল্ডাৰ হিচাপে খেলিছিল। কিন্তু গ’ল দিয়াত পাৰ্গত আছিল। ইংলেণ্ডৰ হৈ ১০৬খন খেলত ৪৯টা গ’ল দিয়ে। পাছ আৰু লং ৰেঞ্জ শ্বটৰ বাবে বিখ্যাত আছিল ববি। কিন্তু ছাৰ ববিৰ জীৱনৰ অন্যতম ডাঙৰ পৰিঘটনা আছিল ১৯৫৮ চনত মিউনিখৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা। এই ঘটনাত মান ইউৰ প্ৰথম দলৰ ৮ জন ফুটবলাৰ আৰু বহু সহায়ক কৰ্মচাৰীৰ মৃত্যু হয়। ছাৰ ববিৰ কোনো ক্ষতি হোৱা নাছিল।

তেওঁৰ পত্নী লেডী নৰ্মাই প্ৰথমবাৰৰ বাবে ২০২০ চনৰ নৱেম্বৰ মাহত ডিমেনচিয়াৰ সৈতে ছাৰ ববিৰ যুঁজৰ কথা প্ৰকাশ কৰিছিল। ১৯৬৬ চনৰ সেই দলটোৰ আৰু চাৰিজন ফুটবলাৰ ডিমেনচিয়াত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে।

১৯৩৭ চনৰ ১১ অক্টোবৰত নৰ্থামবাৰলেণ্ডৰ এছিংটন গাঁৱত ছাৰ ববিৰ জন্ম হৈছিল। ১৫ বছৰ বয়সত যোগদান কৰিছিল মান ইউৱে। চাৰ্লটন এথলেটিকৰ বিৰুদ্ধে অভিষেক মেচ। আঘাতপ্ৰাপ্ত পেশীৰ সৈতে দুটা গ’ল দিলে। লাহে লাহে ক্লাব আৰু দেশৰ অন্যতম শ্ৰেষ্ঠ অস্ত্ৰ হৈ পৰিল। জীৱনত বহু যুদ্ধত জয়ী হৈছিল। কিন্তু ডিমেনচিয়াৰ বিৰুদ্ধে যুঁজত পিছুৱাই যোৱাৰ কোনো উপায় নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক