--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ প্ৰাক্তন ফুটবলাৰ ছাৰ ববি চাৰ্লটনৰ মৃত্যু হৈছে। শনিবাৰে পুৱা তেওঁৰ মৃত্যু হয়। পৰিয়ালৰ হৈ প্ৰকাশ কৰা এক বিবৃতিত এই কথা জানিবলৈ দিয়ে। পিছত তেওঁৰ ক্লাব মানচেষ্টাৰ ইউনাইটেডেও এক বিবৃতি প্ৰকাশ কৰে। ৮৬ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। দীৰ্ঘদিন ধৰি তেওঁ ডিমেনচিয়া ৰোগত আক্ৰান্ত হৈ আছিল। অৱশেষত সেই যুঁজখনত তেওঁ পৰাস্ত হ’ল। ইংলেণ্ডৰ হৈ ১৯৬৬ চনত ছাৰ ববিয়ে বিশ্বকাপ জয় কৰিছিল। সেই বিশ্বকাপত তেওঁ আছিল অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ।

শনিবাৰে সন্ধিয়া পৰিয়ালে অৱগত কৰে যে তেওঁৰ ঘৰতে শান্তিৰে মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ পৰিয়ালৰ লোকো তেওঁৰ লগত আছিল।” মান ইউনাইটেডে এক বিবৃতিত কয় যে ছাৰ ববি লাখ লাখ মানুহৰ হৃদয়ত আছিল, কেৱল মানচেষ্টাৰ বা ইংলেণ্ডতে নহয়, বিশ্বৰ সকলো ঠাইতে য’ত ফুটবল খেলা হয়। ২০২০ চনৰ জুলাই মাহত তেওঁৰ ভাতৃ জেকৰ মৃত্যু হয়। শেষৰ ফালেও তেওঁ ডিমেনচিয়া ৰোগত আক্ৰান্ত হৈছিল। আন এজন ভাতৃ গৰ্ডনৰ কৰ্কট ৰোগ আৰু ডিমেনচিয়া ৰোগত আক্ৰান্ত হৈ চলিত বৰ্ষৰ জানুৱাৰী মাহত মৃত্যু হয়।

বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰৰ সৈতে ছাৰ ববিৰ নাম উল্লেখ কৰা হ.। ডিয়েগো মাৰাডোনা আৰু পেলেৰ পিছত শেহতীয়াকৈ বিশ্ব বিজয়ী আন এজন ফুটবলাৰ ববিৰ মৃত্যু হৈছে। ১৯৬৬ চনত ইংলেণ্ডে প্ৰথম আৰু এতিয়ালৈকে একমাত্ৰ ফুটবল বিশ্বকাপ জয় কৰিছিল। সেই বিশ্বকাপৰ শ্ৰেষ্ঠ ফুটবলাৰ আছিল ছাৰ ববি। সেই বছৰৰ শেষৰ ফালে তেওঁ বালান ধৰ বঁটা লাভ কৰে।

মান ইউত তেওঁ আছিল এজন কিংবদন্তি। সেই ক্লাবৰ হৈ ৭৫৮খন মেচত ২৪৯টা গ’ল দিছিল। ১৯৬৮ চনত ক্লাবটোৱে প্ৰথমবাৰৰ বাবে ইউৰোপীয় কাপ (বৰ্তমান চেম্পিয়নছ লীগ) জয় কৰে।

তেওঁ মিডফিল্ডাৰ হিচাপে খেলিছিল। কিন্তু গ’ল দিয়াত পাৰ্গত আছিল। ইংলেণ্ডৰ হৈ ১০৬খন খেলত ৪৯টা গ’ল দিয়ে। পাছ আৰু লং ৰেঞ্জ শ্বটৰ বাবে বিখ্যাত আছিল ববি। কিন্তু ছাৰ ববিৰ জীৱনৰ অন্যতম ডাঙৰ পৰিঘটনা আছিল ১৯৫৮ চনত মিউনিখৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা। এই ঘটনাত মান ইউৰ প্ৰথম দলৰ ৮ জন ফুটবলাৰ আৰু বহু সহায়ক কৰ্মচাৰীৰ মৃত্যু হয়। ছাৰ ববিৰ কোনো ক্ষতি হোৱা নাছিল।

তেওঁৰ পত্নী লেডী নৰ্মাই প্ৰথমবাৰৰ বাবে ২০২০ চনৰ নৱেম্বৰ মাহত ডিমেনচিয়াৰ সৈতে ছাৰ ববিৰ যুঁজৰ কথা প্ৰকাশ কৰিছিল। ১৯৬৬ চনৰ সেই দলটোৰ আৰু চাৰিজন ফুটবলাৰ ডিমেনচিয়াত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে।

১৯৩৭ চনৰ ১১ অক্টোবৰত নৰ্থামবাৰলেণ্ডৰ এছিংটন গাঁৱত ছাৰ ববিৰ জন্ম হৈছিল। ১৫ বছৰ বয়সত যোগদান কৰিছিল মান ইউৱে। চাৰ্লটন এথলেটিকৰ বিৰুদ্ধে অভিষেক মেচ। আঘাতপ্ৰাপ্ত পেশীৰ সৈতে দুটা গ’ল দিলে। লাহে লাহে ক্লাব আৰু দেশৰ অন্যতম শ্ৰেষ্ঠ অস্ত্ৰ হৈ পৰিল। জীৱনত বহু যুদ্ধত জয়ী হৈছিল। কিন্তু ডিমেনচিয়াৰ বিৰুদ্ধে যুঁজত পিছুৱাই যোৱাৰ কোনো উপায় নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement