--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এ এফ চি এছিয়ান কাপ কোৱালিফায়াৰত শনিবাৰে মুখামুখি হৈছিল ভাৰত-আফগানিস্তান। সুনীল চেত্ৰী আৰু আব্দুল সামাদৰ সহযোগত ৰুদ্ধশ্বাস মেচখনত ভাৰতে ২-১ গ’লত জয়লাভ কৰে।

মেচখনত একাধিক গ’ল দিয়াৰ সুযোগ পাইছিল ‘কেপ্তেইন ফেণ্টাষ্টিক’য়ে। মেচখনৰ শেষৰ ফালে লোৱা বিশ্বমানৰ ফ্ৰী কিকটোৱে এতিয়া সৰ্বত্ৰে চৰ্চা হৈছে। মেচখনৰ ৮৫ মিনিটত সুনীলে যিটো ফ্ৰী কিক লৈছিল সেয়া আছিল অনবদ্য, প্ৰশংসনীয়। সুনীলৰ ভৰিৰ পৰা অহা মিছাইল ৰোধ কৰিব নোৱাৰিলে আফগান গ’ল ৰক্ষকজনে। বল হাতত লাগিলেও একো কৰিব নোৱাৰিলে গ’ল ৰক্ষকজনে।

সুনীলে ১২৮খন খেলত ৮৩টা গ’ল দিবলৈ সক্ষম হৈছে। মেছীৰ পৰা ৩টা গ’ল দূৰৈত আছে সুনীল। দেশৰ হৈ সৰ্বাধিক গ’ল দিয়াৰ অভিলেখ দখল কৰিছে ক্রিষ্টিয়ানো ৰোনাল্ডোই৷ পর্তুগালৰ জাৰ্ছীত চি আৰ ছেভেনে ১১৭টা গ’লেৰে ৰচিছে ইতিহাস৷ ৰোনাল্ডোৱে ১৮৮ খন মেচ খেলিছে। দ্বিতীয় স্থানত আছে ইৰাণৰ আলী দাই। ১৪৮ খন খেলত দেশৰ হৈ ১০৯ টা গ’ল কৰিছে তেওঁ। মালয়েছিয়াৰ মোকতাৰ দাহাৰী আছে তালিকাৰ তৃতীয় স্থানত। ১৪২ খন মেচত তেওঁৰ গ’লৰ সংখ্যা ৮৯ টা। ইয়াৰ পিছত ৮৬টা গ’লেৰে চতুৰ্থ স্থানত আছে লিঅ’নেল মেছী। তেওঁ এই পৰ্যন্ত দেশৰ হৈ ১৬২ খন মেচ খেলিছে। পঞ্চম স্থানত আছে পুস্কাছ। তেওঁৰ গ’লৰ সংখ্যা ৮৪। ষষ্ঠ স্থানত আছে ভাৰতৰ সুনীল চেত্ৰী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ