--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এ এফ চি এছিয়ান কাপ কোৱালিফায়াৰত শনিবাৰে মুখামুখি হৈছিল ভাৰত-আফগানিস্তান। সুনীল চেত্ৰী আৰু আব্দুল সামাদৰ সহযোগত ৰুদ্ধশ্বাস মেচখনত ভাৰতে ২-১ গ’লত জয়লাভ কৰে।

মেচখনত একাধিক গ’ল দিয়াৰ সুযোগ পাইছিল ‘কেপ্তেইন ফেণ্টাষ্টিক’য়ে। মেচখনৰ শেষৰ ফালে লোৱা বিশ্বমানৰ ফ্ৰী কিকটোৱে এতিয়া সৰ্বত্ৰে চৰ্চা হৈছে। মেচখনৰ ৮৫ মিনিটত সুনীলে যিটো ফ্ৰী কিক লৈছিল সেয়া আছিল অনবদ্য, প্ৰশংসনীয়। সুনীলৰ ভৰিৰ পৰা অহা মিছাইল ৰোধ কৰিব নোৱাৰিলে আফগান গ’ল ৰক্ষকজনে। বল হাতত লাগিলেও একো কৰিব নোৱাৰিলে গ’ল ৰক্ষকজনে।

সুনীলে ১২৮খন খেলত ৮৩টা গ’ল দিবলৈ সক্ষম হৈছে। মেছীৰ পৰা ৩টা গ’ল দূৰৈত আছে সুনীল। দেশৰ হৈ সৰ্বাধিক গ’ল দিয়াৰ অভিলেখ দখল কৰিছে ক্রিষ্টিয়ানো ৰোনাল্ডোই৷ পর্তুগালৰ জাৰ্ছীত চি আৰ ছেভেনে ১১৭টা গ’লেৰে ৰচিছে ইতিহাস৷ ৰোনাল্ডোৱে ১৮৮ খন মেচ খেলিছে। দ্বিতীয় স্থানত আছে ইৰাণৰ আলী দাই। ১৪৮ খন খেলত দেশৰ হৈ ১০৯ টা গ’ল কৰিছে তেওঁ। মালয়েছিয়াৰ মোকতাৰ দাহাৰী আছে তালিকাৰ তৃতীয় স্থানত। ১৪২ খন মেচত তেওঁৰ গ’লৰ সংখ্যা ৮৯ টা। ইয়াৰ পিছত ৮৬টা গ’লেৰে চতুৰ্থ স্থানত আছে লিঅ’নেল মেছী। তেওঁ এই পৰ্যন্ত দেশৰ হৈ ১৬২ খন মেচ খেলিছে। পঞ্চম স্থানত আছে পুস্কাছ। তেওঁৰ গ’লৰ সংখ্যা ৮৪। ষষ্ঠ স্থানত আছে ভাৰতৰ সুনীল চেত্ৰী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ