--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাঁচখন মেচৰ টি-২০ শৃংখলাৰ আৰম্ভণিতে পৰাস্ত হৈছে ঋষভ পন্থৰ টীম ইণ্ডিয়া। কটকৰ বাৰাবাটি ষ্টেডিয়ামত অনুষ্ঠিত হৈছে দ্বিতীয়খন টি-২০। প্ৰথমখন মেচত ২১১ ৰান কৰিও পৰাস্ত হৈছিল ভাৰত।  বেটছমেনসকলে ভাল প্ৰদৰ্শন কৰিলেও, ব্যৰ্থ হৈছিল ভাৰতীয় বলাৰসকল। আজি পেচ বলাৰসকলৰ ভিতৰত ভুৱনেশ্বৰ কুমাৰ, হৰ্ষল পেটেলৰ সৈতে খেলিব আৱেশ খানে। কিন্তু মূল একাদশত স্থান নাপালে উমৰাণ মালিকে।

আইপিএলত ভাল প্ৰদৰ্শন কৰাৰ পিছতে জাতীয় দলত স্থান লাভ কৰিছে উমৰাণ মালিকে। প্ৰথমখন মেচৰ পূৰ্বে উমৰাণক লৈ ক্ৰীড়ানুৰাগীৰ প্ৰত্যাশা আছিল দৃষ্টিনন্দন। ক্ৰিকেট অনুৰাগীৰ উপৰি সাধাৰণ সমৰ্থকসকলেও ভাৰতীয় জাৰ্ছীত এগজন কাশ্মীৰী যুৱ বলাৰক মূল একাদশত চাবলৈ ৰৈ আছিল। দ্বিতীয়খন টি-২০ মেচত উমৰানে সুযোগ পাবনে? তাক লৈয়ো হৈছিল চৰ্চা, উঠিছিল প্ৰশ্ন। উমৰাণ সন্দৰ্ভত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ৱাছিম জাফৰে মুকলি মন্তব্য কৰা দেখা গ’ল। একপ্ৰকাৰ ৱাছিম জাফৰৰ ভৱিষ্যদ্বাণীয়েই যেন আখৰে আখৰে ফলিয়ালে।

এক সাক্ষাৎকাৰত জাফৰে কৈছিল, ‘মই ভাবো প্ৰথমখন মেচৰ  দল সলনি কৰাটোৱেই ভাল হ'ব। এটা দল ধৰি ৰখাই ভাল। যদিও এয়া পাঁচখন মেচৰ শৃংখলা। উমৰাণৰ অৱশ্যে পৰৱৰ্তী মেচত খেলাৰ সুযোগ থাকিব। কটকত দলত কোনো পৰিৱৰ্তন হ’ব বুলি মই আশা দেখা নাই।’

সদ্যসমাপ্ত আইপিএলত উমৰাণে ২২টা উইকেট দখল কৰিছে। আইপিএলৰ চতুৰ্থ সৰ্বাধিক উইকেট দখল কৰা খেলুৱৈ হিচাপেও পৰিগণিত হৈছে তেওঁ। ইয়াৰ লগতে উমৰাণৰ আন এক পৰিচয় হৈছে তেওঁৰ বলৰ দ্যুতি। পৰৱৰ্তী শৃংখলাত বল হাতত হৈ ২২গজৰ ক্ৰীজত ধুমুহা তুলিব নে নাই সেয়া সময়ে ক’ব!

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ