--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া ৫খন মেচৰ টি-২০ শৃংখলাত ইতিমধ্যে ২-০ৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে ভ্ৰমণকাৰী দলটোৱে। একেৰাহে দ্বিতীয়খন মেচত পৰাস্ত হৈ ভাৰতীয় দলটোৱে ছিৰিজত ০-২ ব্যৱধানত পিছ পৰি আছে। প্ৰথমখন মেচত ২০০ৰো অধিক ৰান সংগ্ৰহ কৰাৰ পিছতো পৰাস্ত হোৱা ভাৰতে দ্বিতীয় মেচতো প্ৰত্যাৱৰ্তন কৰিব নোৱাৰিলে। অতি সহজে যেন নিৰ্ধাৰিত লক্ষ্যত উপনীত হয় অতিথি দলটোৱে। ভাৰতীয় দলটোৰ শেহতীয়া প্ৰদৰ্শনক লৈ মাত মাতিছে ভাৰতৰ প্ৰাক্তন বেগী বলাৰ জাহীৰ খানে। ভাৰতীয় দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ক কঠোৰ হোৱাৰ পৰামৰ্শ জাহীৰ খানৰ।

জাহীৰ খানে কয়, ‘যেতিয়া ক্লাচেন আৰু বাবুমাৰ মাজত বিজয়ী পাৰ্টনাৰশ্বিপ চলি আছিল। ভাৰতীয় দলটোৰ প্ৰদৰ্শনৰ ওপৰত ৰাহুল দ্ৰাবিড় আৰু তেওঁৰ দলটোৱে গুৰুত্বসহকাৰে লোৱাটো দৰকাৰ। এই বিষয়টো অতি সোনকালে ঠিক কৰাটো প্ৰয়োজন। কাৰণ. তৃতীয়খন মেচলৈ সময় কম। তেওঁলোক একত্ৰিত হ’ব লাগিব, কঠিন আলোচনা হ’ব লাগিব আৰু এই বিষয়ে কথা পাতিব লাগিব। ৪০ অ’ভাৰৰ মেচত যুঁজিবলৈ কি কৰিব লাগিব তাত মনোনিৱেশ কৰিব লাগিব।’

জাহীৰ খানে লগতে কয়, ‘প্ৰথমখন মেচতো আমি অনুভৱ কৰিছিলো যে ভাৰতীয় দলটো আগবাঢ়ি আছে। দ্বিতীয় টি-২০ মেচতো এনে লাগিল যেন ভাৰতীয় দলটো আগবাঢ়ি আছে। আৰম্ভণি সুখকৰ আছিল ভাৰতৰ। আশ্চৰ্যজনকভাৱে ভাল প্ৰদৰ্শন কৰিছিল ভুৱনেশ্বৰ কুমাৰে। কিন্তু মেচখনত জয়ী হ’ব নোৱাৰিলে ভাৰতে। প্ৰত্যাশা অনুসৰি শেষ কৰিব নোৱাৰিলে মেচখন। ছিৰিজখন যিমানে আগবাঢ়িচ গৈছে,  ভাৰতীয় দলটোৱে বিভিন্ন বিষয়ক লৈ ক্ৰমান্বয়ে উদ্বিগ্ন হৈ পৰিছে। এই হেঁচা ভাৰতীয় দলটোৰ বাবে চিন্তাৰ কাৰণ।’
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণিপুৰৰ কাংপকপীত ২৫একৰ ভূমিৰ আফিং খেতি ধ্বংস, আছাম ৰাইফলছৰ অভিযান
জুবিন গাৰ্গৰ স্মৃতিত 'জুবিন' কালেকশ্যন মুকলি
দিল্লীৰ বিস্ফোৰণত সাঙোৰ খাইছে এগৰাকী মণিপুৰী যুৱতীৰ নাম
২০২৭ত মহাকাশলৈ মানৱসহ ভাৰতে প্ৰেৰণ কৰিব প্ৰথমখন মহাকাশ যান, ২০২৮ চনত চন্দ্রলৈ প্ৰেৰণৰ লক্ষ্য চন্দ্রযান-৪
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?
দিল্লী ৰক্তাক্ত কৰা ৫ ডাক্তৰৰ গেং
ৰাজ্যত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু , এমাহৰ ভিতৰতে চাৰিটাকৈ বন্যহস্তীৰ মৃত্যু ওদালগুৰিত
ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ সফল অভিযান, লক্ষীপুৰত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন
ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী অঞ্চলত ভাৰতীয় জালনোটসহ এজন যুৱক আটক
১২ দিনত উপার্জন ২০ কোটি টকা, সফলতাৰ শিখৰত 'ৰৈ ৰৈ বিনালে'
জম্মু-কাশ্মীৰৰ ১৫০০ স্থানত তালাচী, পাঁচ শতাধিক লোকক আটক
দুৰ্নীতিগ্ৰস্থ ACS নূপুৰ বৰাৰ নতুন বিপদ ; পুনৰ গ্ৰেপ্তাৰ হ'ব পাৰে ACS বিষয়া গৰাকী