--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া ৫খন মেচৰ টি-২০ শৃংখলাত ইতিমধ্যে ২-০ৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে ভ্ৰমণকাৰী দলটোৱে। একেৰাহে দ্বিতীয়খন মেচত পৰাস্ত হৈ ভাৰতীয় দলটোৱে ছিৰিজত ০-২ ব্যৱধানত পিছ পৰি আছে। প্ৰথমখন মেচত ২০০ৰো অধিক ৰান সংগ্ৰহ কৰাৰ পিছতো পৰাস্ত হোৱা ভাৰতে দ্বিতীয় মেচতো প্ৰত্যাৱৰ্তন কৰিব নোৱাৰিলে। অতি সহজে যেন নিৰ্ধাৰিত লক্ষ্যত উপনীত হয় অতিথি দলটোৱে। ভাৰতীয় দলটোৰ শেহতীয়া প্ৰদৰ্শনক লৈ মাত মাতিছে ভাৰতৰ প্ৰাক্তন বেগী বলাৰ জাহীৰ খানে। ভাৰতীয় দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ক কঠোৰ হোৱাৰ পৰামৰ্শ জাহীৰ খানৰ।

জাহীৰ খানে কয়, ‘যেতিয়া ক্লাচেন আৰু বাবুমাৰ মাজত বিজয়ী পাৰ্টনাৰশ্বিপ চলি আছিল। ভাৰতীয় দলটোৰ প্ৰদৰ্শনৰ ওপৰত ৰাহুল দ্ৰাবিড় আৰু তেওঁৰ দলটোৱে গুৰুত্বসহকাৰে লোৱাটো দৰকাৰ। এই বিষয়টো অতি সোনকালে ঠিক কৰাটো প্ৰয়োজন। কাৰণ. তৃতীয়খন মেচলৈ সময় কম। তেওঁলোক একত্ৰিত হ’ব লাগিব, কঠিন আলোচনা হ’ব লাগিব আৰু এই বিষয়ে কথা পাতিব লাগিব। ৪০ অ’ভাৰৰ মেচত যুঁজিবলৈ কি কৰিব লাগিব তাত মনোনিৱেশ কৰিব লাগিব।’

জাহীৰ খানে লগতে কয়, ‘প্ৰথমখন মেচতো আমি অনুভৱ কৰিছিলো যে ভাৰতীয় দলটো আগবাঢ়ি আছে। দ্বিতীয় টি-২০ মেচতো এনে লাগিল যেন ভাৰতীয় দলটো আগবাঢ়ি আছে। আৰম্ভণি সুখকৰ আছিল ভাৰতৰ। আশ্চৰ্যজনকভাৱে ভাল প্ৰদৰ্শন কৰিছিল ভুৱনেশ্বৰ কুমাৰে। কিন্তু মেচখনত জয়ী হ’ব নোৱাৰিলে ভাৰতে। প্ৰত্যাশা অনুসৰি শেষ কৰিব নোৱাৰিলে মেচখন। ছিৰিজখন যিমানে আগবাঢ়িচ গৈছে,  ভাৰতীয় দলটোৱে বিভিন্ন বিষয়ক লৈ ক্ৰমান্বয়ে উদ্বিগ্ন হৈ পৰিছে। এই হেঁচা ভাৰতীয় দলটোৰ বাবে চিন্তাৰ কাৰণ।’
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ