--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ ৫ জন সদস্যই কৰুণ মৃত্যুক সাবটি লয়।এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে ৮ জন লোক। আহত কেইজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।  উত্তৰ প্ৰদেশৰ বলৰামপুৰ-তুলসীপুৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা।  মাজনিশা সংঘটিত হোৱা দুৰ্ঘটনাটোত ৫জন লোকৰ থিতাতে মৃত্যু হয়।

ঘটনা অনুসৰি এখন গাড়ী আৰু দ্ৰুতবেগী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষত এটা পৰিয়ালৰ ৫ জন সদস্য নিহত হোৱাৰ লগতে আন ৮ জন আহত হয়। আৰক্ষী বিষয়াই জনোৱা মতে, বুধবাৰ আৰু বৃহস্পতিবাৰৰ মাজৰ নিশা ডেহাট থানা এলেকাৰ চকৱা গাঁৱৰ সমীপত বিয়াঘৰৰ পৰা উভতি আহি থকা অৱস্থাত তেওঁলোকৰ গাড়ীখনক দ্ৰুতবেগী ট্ৰাকে খুন্দা মাৰে। এই সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে গাড়ীখন চূৰ্ণ-বিচূৰ্ণ হোৱাৰ লগতে একেটা পৰিয়ালৰ পাঁচজন সদস্যৰ থিতাতে মৃত্যু হয়।

গুৰুতৰভাৱে আহত হোৱা আন ৮ জন লোকক চিকিৎসালয়লৈ লৈ যোৱা হয়। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে জিলা দণ্ডাধীশ পৱন আগৰৱালা আৰু আৰক্ষী অধীক্ষক বিকাশ কুমাৰে চিকিৎসালয়খন পৰিদৰ্শন কৰি আহতসকলক সম্ভৱপৰ উত্তম চিকিৎসা প্ৰদান কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে।

ইফালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বলৰামপুৰ জিলাৰ এই পথ দুৰ্ঘটনাত  মৃত্যু হোৱা লোকক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্রীৰ কার্যালয়ৰ তথ্য অনুসৰি তেওঁ মৃতকৰ শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷  আহতসকলৰ চিকিৎসাৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ট্ৰাকখনৰ চালকজনে পলায়ন কৰে। অৱশ্যে ট্ৰাকখন জব্দ কৰা হৈছে। ট্ৰাকখনৰ মালিক আৰু চালকৰ সন্ধান অব্যাহত আছে। শীঘ্ৰে ট্ৰাক চালকজনক গ্ৰেপ্তাৰ কৰা হ’ব বুলি জনাইছে আৰক্ষীয়ে।

এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলজুৰি পেলাইছে গভীৰ শোকৰ ছাঁ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক