--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ ৫ জন সদস্যই কৰুণ মৃত্যুক সাবটি লয়।এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে ৮ জন লোক। আহত কেইজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।  উত্তৰ প্ৰদেশৰ বলৰামপুৰ-তুলসীপুৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা।  মাজনিশা সংঘটিত হোৱা দুৰ্ঘটনাটোত ৫জন লোকৰ থিতাতে মৃত্যু হয়।

ঘটনা অনুসৰি এখন গাড়ী আৰু দ্ৰুতবেগী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষত এটা পৰিয়ালৰ ৫ জন সদস্য নিহত হোৱাৰ লগতে আন ৮ জন আহত হয়। আৰক্ষী বিষয়াই জনোৱা মতে, বুধবাৰ আৰু বৃহস্পতিবাৰৰ মাজৰ নিশা ডেহাট থানা এলেকাৰ চকৱা গাঁৱৰ সমীপত বিয়াঘৰৰ পৰা উভতি আহি থকা অৱস্থাত তেওঁলোকৰ গাড়ীখনক দ্ৰুতবেগী ট্ৰাকে খুন্দা মাৰে। এই সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে গাড়ীখন চূৰ্ণ-বিচূৰ্ণ হোৱাৰ লগতে একেটা পৰিয়ালৰ পাঁচজন সদস্যৰ থিতাতে মৃত্যু হয়।

গুৰুতৰভাৱে আহত হোৱা আন ৮ জন লোকক চিকিৎসালয়লৈ লৈ যোৱা হয়। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে জিলা দণ্ডাধীশ পৱন আগৰৱালা আৰু আৰক্ষী অধীক্ষক বিকাশ কুমাৰে চিকিৎসালয়খন পৰিদৰ্শন কৰি আহতসকলক সম্ভৱপৰ উত্তম চিকিৎসা প্ৰদান কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে।

ইফালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বলৰামপুৰ জিলাৰ এই পথ দুৰ্ঘটনাত  মৃত্যু হোৱা লোকক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্রীৰ কার্যালয়ৰ তথ্য অনুসৰি তেওঁ মৃতকৰ শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷  আহতসকলৰ চিকিৎসাৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ট্ৰাকখনৰ চালকজনে পলায়ন কৰে। অৱশ্যে ট্ৰাকখন জব্দ কৰা হৈছে। ট্ৰাকখনৰ মালিক আৰু চালকৰ সন্ধান অব্যাহত আছে। শীঘ্ৰে ট্ৰাক চালকজনক গ্ৰেপ্তাৰ কৰা হ’ব বুলি জনাইছে আৰক্ষীয়ে।

এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলজুৰি পেলাইছে গভীৰ শোকৰ ছাঁ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ