--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়া পাতি মূৰে-কপালে হাত দিছে এজন যুৱকে। কইনাই দৰাৰ সকলো শেষ কৰিলে বিয়াৰ প্ৰথম নিশাই।  বিয়া পাতি প্ৰবঞ্চনাৰ বলি হ’ল যুৱকজন। উত্তৰ প্ৰদেশৰ আগ্ৰাত ঘটিছে এই ঘটনা। 

নৱবিবাহিত কইনাগৰাকীয়ে বিয়াৰ নিশা দৰাক গাখীৰ খুৱাইছিল। ইয়াৰ পাছতে যি কাণ্ড হ’ল তাকে দেখি পৰিয়ালৰ মাজত হাহাকাৰ লাগিল, তেওঁলোকে লগলগে আৰক্ষীৰ কাষ চাপিল।ঘটনাটো আগ্ৰাৰ এটমডৌলাৰ সীতানগৰৰ। লাভ কৰা তথ্য অনুসৰি এটি পৰিয়ালে সৰু পুত্ৰৰ বিয়াৰ বাবে ছোৱালী বিচাৰি আছিল। তেনে সময়তে তেওঁলোকে জয়প্ৰকাশ নামৰ এজন লোকক লগ পায়। তেওঁ নিজকে উকীল বুলি পৰিচয় দিলে। তেওঁ আশ্বাস দিলে যে তেওঁ এগৰাকী ভাল ছোৱালী চিনি পায় যাৰ পৰিয়াল অতি দুখীয়া গতিকে বিয়াৰ সমগ্ৰ খৰচ দৰাৰ পৰিয়ালে বহন কৰিব লাগিব। পাছত জয়প্ৰকাশে দৰাৰ পৰিয়ালৰ পৰা ৪০ হাজাৰ টকা লৈ যায় আৰু দুদিন মানৰ পাছত তেওঁলোকক বিয়া পাতি দিয়াৰ আশ্বাস দিয়ে।

বিয়াৰ বাবে ঠিক কৰা স্থানত দৰা আৰু দৰাৰ পৰিয়াল উপস্থিত হোৱাৰ লগে লগে জয়প্ৰকাশে আৰু ৮০ হাজাৰ টকা লৈ যায়। ইয়াৰ পাছতে নগলা পদীৰ মহাদেৱ মন্দিৰত দৰা-কইনাৰ বিবাহ সম্পন্ন হয়। বিয়াৰ নিশা কইনাগৰাকীয়ে দৰাক গাখীৰ খাবলৈ দিয়ে। কেৱল দৰাকে নহয় দৰাৰ পৰিয়ালকো গাখীৰ খাবলৈ দিছিল ন-কইনাই।  কইনাই গাখীৰত নিচাযুক্ত সামগ্ৰী মিহলাই দিছিল। দৰাসহ পৰিয়ালটো গোটেই ৰাতি অচেতন হৈ পৰি থাকিল। পুৱা যেতিয়া তেওঁলোকৰ হুঁচ আহে তেতিয়া তেওঁলোকে ন-কইনাক নেদেখি হুলস্থূল লগায়। তাৰপাছত তেওঁলোকে আলমাৰীটো চাই দেখে যে তাত নাই সোণৰ গহনা, ১.৩০ লাখ টকাৰ নগদ ধনসহ বহু মূল্যৱান সামগ্ৰী। বিয়াৰ মধ্যস্থতাকাৰীকে ধৰি ছয়জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে দৰাৰ পৰিয়ালৰ লোকে।


দৰাজনে আৰক্ষীক কয় যে ছোৱালীজনীয়ে তেওঁক মিৰ্জাপুৰৰ বাসিন্দা বুলি কৈছিল আৰু তাইৰ কোনো পিতৃ-মাতৃ নাই বুলি কৈছিল। তাইৰ লগত থকা মানুহবোৰে নিজকে মামা-মামী আৰু পেহা-পেহী বুলি পৰিচয় দিছিল। পিছত যেতিয়া ছোৱালীজনীৰ মোমায়েকৰ লগত কথা পাতিলে, তেওঁ স্বীকাৰ কৰে যে তেওঁ টকাৰ কাৰণেহে মোমায়েক হৈছিল, আচল মোমায়েক নহয়। তেওঁক ১০ হাজাৰ টকাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল যদিও বিয়াৰ পিছত তেওঁ মাত্ৰ ৫০০ টকাহে পাইছিল।


এই অঘটনৰ পাছত পৰিয়ালটো জয়প্ৰকাশৰ ওচৰলৈ যাওতে তেওঁ ক’লে যে ''কোনো কথা নাই, যি হৈছে সকলো পাহৰি যাওক। চিন্তা নকৰিব, মই  দ্বিতীয় বিবাহৰ ব্যৱস্থা কৰিম।'' লগতে ভাবুকি দি তেওঁ কয় যে আপোনালোকে যদি আৰক্ষীৰ ওচৰলৈ যায় বা কাৰোবাক কয় তেন্তে মই আপোনাৰ গোটেই পৰিয়ালটোক ভুৱা গোচৰত জড়িত কৰিম।''

আৰক্ষীয়ে প্ৰতাৰক কইনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ