--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ এলাহাবাদ উচ্চ ন্যায়ালয়ে কয় যে এজন মুছলমান পুৰুষে একাধিকবাৰ বিবাহপাশত আবদ্ধ হোৱাৰ অধিকাৰ আছে, যদিহে তেওঁ সকলো পত্নীক সমান ব্যৱহাৰ কৰে। আদালতে জোৰ দি কয় যে কোৰানৰ অধীনত বহুবিবাহৰ অনুমতি চৰ্তসাপেক্ষে দিয়া হৈছিল “বৈধ কাৰণ”ত, কিন্তু ইয়াক পুৰুষে  “স্বাৰ্থপৰ কাৰণত” “অপব্যৱহাৰ” কৰে।

ন্যায়াধীশ অৰুণ কুমাৰ সিং দেশৱালৰ একক বিচাৰপীঠে মোৰাদাবাদৰ আদালতে ফুৰকান নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে জাৰি কৰা চাৰ্জ শ্বীট, কগনিজেন্স আৰু চমন অৰ্ডাৰ বাতিল কৰাৰ আবেদনৰ শুনানি গ্ৰহণ কৰি এই মন্তব্য কৰে।

এই গোচৰৰ সূচনা ২০২০ চনৰ পৰাই ফুৰকানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল যে তেওঁ ইতিমধ্যে আন এগৰাকী মহিলাৰ সৈতে বিবাহপাশত আবদ্ধ হৈ থকাৰ সময়তে তেওঁক নজনাকৈয়ে বিয়া কৰাইছিল। তেওঁলোকৰ বিবাহৰ সময়ত ফুৰকানে ধৰ্ষণ কৰা বুলিও অভিযোগ উত্থাপন কৰে পত্নীয়ে। ইয়াৰ পিছতে মোৰাদাবাদ আৰক্ষী থানাত গোচৰ ৰুজু কৰি ফুৰকান আৰু আন দুজন অভিযুক্তকে ধৰি তিনিজন অভিযুক্তক চমন জাৰি কৰা হয়।

অৱশ্যে ফুৰকানৰ অধিবক্তাই মোৰাদাবাদ আদালতত যুক্তি দিছিল যে মহিলাগৰাকীয়ে ফুৰকানৰ সৈতে সম্পৰ্ক স্থাপন কৰি বিয়া কৰাইছিল বুলি স্বীকাৰ কৰিছে। তেওঁ লগতে যুক্তি দিছিল যে ভাৰতীয় দণ্ডবিধিৰ (আই পি চি) ৪৯৪ নং ধাৰাত অপৰাধত দ্বিতীয় বিবাহ বাতিল হ’ব লাগিব

ইউনিফৰ্ম চিভিল কোড (ইউচিচি)ৰ পোষকতা কৰি ন্যায়াধীশ দেৱালে কয় যে এজন মুছলমান পুৰুষক চাৰিবাৰ বিবাহপাশত আবদ্ধ হোৱাৰ বাবে লোকজনে কোনো অপৰাধ সংঘটিত কৰা নাই। কোৰানত বহুবিবাহৰ অনুমতি দিয়াৰ আঁৰত এটা ঐতিহাসিক কাৰণ আছে বুলিও তেওঁ কয় আৰু বিবাহ আৰু বিবাহ বিচ্ছেদৰ সৈতে জড়িত সকলো বিষয়তে শ্বৰীয়ত আইন ১৯৩৭ অনুসৰি সিদ্ধান্ত ল’ব লাগে বুলিও কয়।

এলাহাবাদ উচ্চ ন্যায়ালয়ে ১৮ পৃষ্ঠাৰ ৰায়দানত কয় যে ফুৰকানৰ দ্বিতীয় বিবাহ বৈধ কাৰণ তেওঁৰ দুয়োগৰাকী পত্নী মুছলমান।

আদালতে এই গোচৰৰ পৰৱৰ্তী শুনানি ২৬ মে’ত নিৰ্ধাৰণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত