--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ এলাহাবাদ উচ্চ ন্যায়ালয়ে কয় যে এজন মুছলমান পুৰুষে একাধিকবাৰ বিবাহপাশত আবদ্ধ হোৱাৰ অধিকাৰ আছে, যদিহে তেওঁ সকলো পত্নীক সমান ব্যৱহাৰ কৰে। আদালতে জোৰ দি কয় যে কোৰানৰ অধীনত বহুবিবাহৰ অনুমতি চৰ্তসাপেক্ষে দিয়া হৈছিল “বৈধ কাৰণ”ত, কিন্তু ইয়াক পুৰুষে  “স্বাৰ্থপৰ কাৰণত” “অপব্যৱহাৰ” কৰে।

ন্যায়াধীশ অৰুণ কুমাৰ সিং দেশৱালৰ একক বিচাৰপীঠে মোৰাদাবাদৰ আদালতে ফুৰকান নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে জাৰি কৰা চাৰ্জ শ্বীট, কগনিজেন্স আৰু চমন অৰ্ডাৰ বাতিল কৰাৰ আবেদনৰ শুনানি গ্ৰহণ কৰি এই মন্তব্য কৰে।

এই গোচৰৰ সূচনা ২০২০ চনৰ পৰাই ফুৰকানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল যে তেওঁ ইতিমধ্যে আন এগৰাকী মহিলাৰ সৈতে বিবাহপাশত আবদ্ধ হৈ থকাৰ সময়তে তেওঁক নজনাকৈয়ে বিয়া কৰাইছিল। তেওঁলোকৰ বিবাহৰ সময়ত ফুৰকানে ধৰ্ষণ কৰা বুলিও অভিযোগ উত্থাপন কৰে পত্নীয়ে। ইয়াৰ পিছতে মোৰাদাবাদ আৰক্ষী থানাত গোচৰ ৰুজু কৰি ফুৰকান আৰু আন দুজন অভিযুক্তকে ধৰি তিনিজন অভিযুক্তক চমন জাৰি কৰা হয়।

অৱশ্যে ফুৰকানৰ অধিবক্তাই মোৰাদাবাদ আদালতত যুক্তি দিছিল যে মহিলাগৰাকীয়ে ফুৰকানৰ সৈতে সম্পৰ্ক স্থাপন কৰি বিয়া কৰাইছিল বুলি স্বীকাৰ কৰিছে। তেওঁ লগতে যুক্তি দিছিল যে ভাৰতীয় দণ্ডবিধিৰ (আই পি চি) ৪৯৪ নং ধাৰাত অপৰাধত দ্বিতীয় বিবাহ বাতিল হ’ব লাগিব

ইউনিফৰ্ম চিভিল কোড (ইউচিচি)ৰ পোষকতা কৰি ন্যায়াধীশ দেৱালে কয় যে এজন মুছলমান পুৰুষক চাৰিবাৰ বিবাহপাশত আবদ্ধ হোৱাৰ বাবে লোকজনে কোনো অপৰাধ সংঘটিত কৰা নাই। কোৰানত বহুবিবাহৰ অনুমতি দিয়াৰ আঁৰত এটা ঐতিহাসিক কাৰণ আছে বুলিও তেওঁ কয় আৰু বিবাহ আৰু বিবাহ বিচ্ছেদৰ সৈতে জড়িত সকলো বিষয়তে শ্বৰীয়ত আইন ১৯৩৭ অনুসৰি সিদ্ধান্ত ল’ব লাগে বুলিও কয়।

এলাহাবাদ উচ্চ ন্যায়ালয়ে ১৮ পৃষ্ঠাৰ ৰায়দানত কয় যে ফুৰকানৰ দ্বিতীয় বিবাহ বৈধ কাৰণ তেওঁৰ দুয়োগৰাকী পত্নী মুছলমান।

আদালতে এই গোচৰৰ পৰৱৰ্তী শুনানি ২৬ মে’ত নিৰ্ধাৰণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ