--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুধৰণি হোৱা নাই পাকিস্তানৰ। জম্মু-কাশ্মীৰৰ LoCত পাকিস্তানৰ পুনৰ গুলীচালনা। পহলগাম আক্ৰমণৰ পৰা ৯ দিন ধৰি পাকিস্তানে নিকৃষ্ট কাম কৰা অব্যাহত ৰাখিছে। কুপৱাৰা, উৰি আৰু আখনূৰ অঞ্চলত পাকিস্তান সেনাই পুনৰবাৰ যুদ্ধবিৰতি উলংঘা কৰিলে। ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিলে ভাৰতীয় সেনাই।

২২ এপ্ৰিলৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হোৱাৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা তীব্ৰতৰ হোৱাৰ সময়তে এই ঘটনা সংঘটিত হৈছে। তিনিদিন পূৰ্বে ভাৰতে পাকিস্তানক স্পষ্ট সতৰ্কবাণী দিছিল যে যুদ্ধবিৰতি উলংঘা কৰি থাকিলে সহ্য কৰা নহ’ব।

মঙলবাৰে ভাৰত আৰু পাকিস্তানৰ ডিজিএমঅ’ৰ মাজত হটলাইনত বাৰ্তালাপ হৈছিল, য’ত পাকিস্তানৰ পৰা গুলীচালনা আৰু অনুপ্ৰৱেশৰ ঘটনাৰ বিষয়ে আলোচনা কৰা হৈছিল। ২৪ এপ্ৰিলৰ নিশাৰ পৰা পাকিস্তানে এল অ’ চিৰ বিভিন্ন স্থানত গুলীচালনা আৰম্ভ কৰিছিল, যিটো এতিয়ালৈকে অব্যাহত আছে। সেইদিনা ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ কথা ঘোষণা কৰিছিল।

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানে ভাৰতীয় বিমানৰ বাবে নিজৰ আকাশমাৰ্গ বন্ধ কৰি ৱাগাহ সীমান্ত ছীল কৰি ভাৰতৰ সৈতে সকলো বাণিজ্যিক সম্পৰ্ক বন্ধ কৰি দিয়ে। পাকিস্তানে ভাবুকি দিছিল যে যদি ভাৰতে পাকিস্তানৰ পানীৰ অংশক অন্য দিশলৈ ঠেলি দিবলৈ চেষ্টা কৰে তেন্তে ইয়াক যুদ্ধৰ কাৰ্য্য বুলি গণ্য কৰা হ’ব।

উল্লেখযোগ্য যে ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰত আৰু পাকিস্তানৰ ডি জি এম অ’ই ২০০৩ চনৰ যুদ্ধবিৰতি চুক্তি পুনৰ কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও বৰ্তমানৰ পৰিস্থিতিয়ে পুনৰবাৰ সীমান্তত অশান্তি আৰু বিপদৰ আশংকা বঢ়াই তুলিছে।

ভাৰত আৰু পাকিস্তানৰ মুঠ সীমা ৩,৩২৩ কিলোমিটাৰ, তিনিটা ভাগত বিভক্ত: গুজৰাটৰ পৰা জম্মুৰ আখনূৰত চেনাব নদীৰ উত্তৰ পাৰলৈকে প্ৰায় ২,৪০০ কিলোমিটাৰ দূৰত্বলৈকে বিস্তৃত আন্তঃৰাষ্ট্ৰীয় সীমান্ত (IB); জম্মুৰ কিছু অংশৰ পৰা লেহলৈ ৭৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ নিয়ন্ত্ৰণ ৰেখা (LoC); আৰু এনজে ৯৮৪২ৰ পৰা ইন্দিৰা কৰ্ণেললৈকে চিয়াচেন খণ্ডক ১১০ কিলোমিটাৰত বিভক্ত কৰা একচুৱেল গ্ৰাউণ্ড পজিচন লাইন (এজিপিএল)।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ