--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেতা মনোজ বাজপেয়ী। এগৰাকী সহ-অভিনেতা হিচাপে অভিনয় জীৱন আৰম্ভ কৰিলেও, সাৱলীল অভিনয়, দুৰ্দান্ত একচ্যন তথা খলনায়কৰ চৰিত্ৰত তুলি ধৰা অভিনয় দক্ষতাৰ বাবে মনোজ বাজপেয়ী হৈ পৰে অনুৰাগীৰ হিয়াৰ আমঠু। লাহে লাহে বলীউডত জনপ্ৰিয় হৈ পৰে মনোজ বাজপেয়ী। বলীউডৰ ইখনৰ পাছত সিখন জনপ্ৰিয় ছবি উপহাৰ দি গৈছে অভিনেতাজনে। পিছে মনোজৰ এই সফলতাৰ আঁৰত আছে সংগ্ৰামৰ বহু প্ৰেৰণাদায়ক কাহিনী।যথেষ্ট কৃচ্ছ্ৰসাধানাৰ অন্ততহে মনোজ বাজপেয়ীয়ে  সফলতাৰ চূড়া স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। মনোজৰ জীৱনৰ এই বাস্তৱ পৰিঘটনাবোৰ হ’ব পাৰে সহস্ৰজনৰ বাবে অনুপ্ৰেৰণাৰ প্ৰধান সমল।  

শেহতীয়াকৈ এক সাক্ষাৎকাৰত, মনোজে তেওঁৰ সংগ্ৰামৰ বিষয়ে মুকলিকৈ কোৱা দেখা গৈছে। অভিনেতাগৰাকীয়ে এনে কিছু কথা প্ৰকাশ কৰিছে যি কথা শুনাৰ লগে লগে চকু কপালত উঠিব আপোনাৰো।

মনোজ বাজপেয়ীয়ে এই সাক্ষাৎকাৰত কয়, ‘বিহাৰৰ এজন কৃষকৰ পৰিয়ালৰ পুত্ৰ মই। অভিনয়ৰ সপোন দেখাটোও আমাৰ বাবে আছিল এটা গুৰুতৰ অপৰাধ। কিন্তু মই সৰুৰে পৰা অমিতাভ বচ্চনৰ অনুৰাগী। মই এজন অভিনেতা হোৱাৰ সিদ্ধান্ত লৈছিলো। সেই উদ্দেশ্য আগত ৰাখিয়েই মই থিয়েটাৰ প্ৰশিক্ষণ ল’বলৈ দিল্লীলৈ গৈছিলো। অভিনেতা হোৱাটোৱে মোৰ জীৱনৰ লক্ষ্য হৈ পৰিছিল বাবে পঢ়া শুনা কৰা নাছিলো। মনৰ পৰাই অভিনেতা হ’বলৈ বিচাৰিছিলো। '

মনোজে কয়, ‘প্ৰকৃত যুঁজখন তেতিয়া আৰম্ভ হৈছিল যেতিয়া মই এটাৰ পিছত এটা অডিচনৰ পৰা বাহিৰ হৈছিলো। সেই সময়ত মোৰ ওচৰত টকা নাছিল। বহুদিন নোখোৱাকৈয়ে আছিলো। বিনিদ্ৰ ৰজনী কটাইছিলো। মোৰ এই হতাশাৰ কথা ঘৰতো ক'ব পৰা নাছিলো। তেতিছয়া মনলৈ আহিছিল আত্মহত্যাৰ ভাব। চেষ্টা কৰিছিলো। কিন্তু অন্তিম মুহূৰ্তত আৰু সেই সাহস নহ’ল।’

স্বাভাৱিকতে, অনিেতাগৰাকীৰ শেহতীয়া কথাবোৰে এফালে অনুৰাগীক হতচকিত কৰি তুলিলেও আনফালে বহুতৰ বাবে তেওঁৰ এই কথাবোৰ হৈ পৰিছে সাহস, অনুপ্ৰেৰণা আৰু জীৱন যুঁজত আগুৱাই যোৱাৰ মূলমন্ত্ৰ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ