--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেতা মনোজ বাজপেয়ী। এগৰাকী সহ-অভিনেতা হিচাপে অভিনয় জীৱন আৰম্ভ কৰিলেও, সাৱলীল অভিনয়, দুৰ্দান্ত একচ্যন তথা খলনায়কৰ চৰিত্ৰত তুলি ধৰা অভিনয় দক্ষতাৰ বাবে মনোজ বাজপেয়ী হৈ পৰে অনুৰাগীৰ হিয়াৰ আমঠু। লাহে লাহে বলীউডত জনপ্ৰিয় হৈ পৰে মনোজ বাজপেয়ী। বলীউডৰ ইখনৰ পাছত সিখন জনপ্ৰিয় ছবি উপহাৰ দি গৈছে অভিনেতাজনে। পিছে মনোজৰ এই সফলতাৰ আঁৰত আছে সংগ্ৰামৰ বহু প্ৰেৰণাদায়ক কাহিনী।যথেষ্ট কৃচ্ছ্ৰসাধানাৰ অন্ততহে মনোজ বাজপেয়ীয়ে  সফলতাৰ চূড়া স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। মনোজৰ জীৱনৰ এই বাস্তৱ পৰিঘটনাবোৰ হ’ব পাৰে সহস্ৰজনৰ বাবে অনুপ্ৰেৰণাৰ প্ৰধান সমল।  

শেহতীয়াকৈ এক সাক্ষাৎকাৰত, মনোজে তেওঁৰ সংগ্ৰামৰ বিষয়ে মুকলিকৈ কোৱা দেখা গৈছে। অভিনেতাগৰাকীয়ে এনে কিছু কথা প্ৰকাশ কৰিছে যি কথা শুনাৰ লগে লগে চকু কপালত উঠিব আপোনাৰো।

মনোজ বাজপেয়ীয়ে এই সাক্ষাৎকাৰত কয়, ‘বিহাৰৰ এজন কৃষকৰ পৰিয়ালৰ পুত্ৰ মই। অভিনয়ৰ সপোন দেখাটোও আমাৰ বাবে আছিল এটা গুৰুতৰ অপৰাধ। কিন্তু মই সৰুৰে পৰা অমিতাভ বচ্চনৰ অনুৰাগী। মই এজন অভিনেতা হোৱাৰ সিদ্ধান্ত লৈছিলো। সেই উদ্দেশ্য আগত ৰাখিয়েই মই থিয়েটাৰ প্ৰশিক্ষণ ল’বলৈ দিল্লীলৈ গৈছিলো। অভিনেতা হোৱাটোৱে মোৰ জীৱনৰ লক্ষ্য হৈ পৰিছিল বাবে পঢ়া শুনা কৰা নাছিলো। মনৰ পৰাই অভিনেতা হ’বলৈ বিচাৰিছিলো। '

মনোজে কয়, ‘প্ৰকৃত যুঁজখন তেতিয়া আৰম্ভ হৈছিল যেতিয়া মই এটাৰ পিছত এটা অডিচনৰ পৰা বাহিৰ হৈছিলো। সেই সময়ত মোৰ ওচৰত টকা নাছিল। বহুদিন নোখোৱাকৈয়ে আছিলো। বিনিদ্ৰ ৰজনী কটাইছিলো। মোৰ এই হতাশাৰ কথা ঘৰতো ক'ব পৰা নাছিলো। তেতিছয়া মনলৈ আহিছিল আত্মহত্যাৰ ভাব। চেষ্টা কৰিছিলো। কিন্তু অন্তিম মুহূৰ্তত আৰু সেই সাহস নহ’ল।’

স্বাভাৱিকতে, অনিেতাগৰাকীৰ শেহতীয়া কথাবোৰে এফালে অনুৰাগীক হতচকিত কৰি তুলিলেও আনফালে বহুতৰ বাবে তেওঁৰ এই কথাবোৰ হৈ পৰিছে সাহস, অনুপ্ৰেৰণা আৰু জীৱন যুঁজত আগুৱাই যোৱাৰ মূলমন্ত্ৰ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ