--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বলীউডৰ ছবিক পুনৰ ধূলিস্যাৎ কৰি দক্ষিণৰ ছবিয়ে ধুমুহা তুলিছে বক্স অফিচত। বিগত সময়ছোৱাত ইখনৰ পাছত সিখন বলীউডৰ ছবিয়ে মুখ থেকেচা খাইছে বক্স অফিচত। সেয়া লাগিলে অজয় দেৱগনৰ ৰানৱে’, কংগনাৰ ধাকড়, টাইগাৰৰ হিৰোপণ্টী বা অক্ষয়ৰ সম্ৰাট পৃথ্বিৰাজেই নহওক কিয়। কাৰ্তিক আৰিয়ান অভিনীত হৰৰ কমেডি ‘ভুল ভুলেইয়াই’হে সামান্য সন্মান ৰাখিবলৈ সক্ষম হৈছিল। কিন্তু এতিয়া সেই সকলো মষিমূৰ কৰি বক্স অফিচত ৰাজ কৰিছে এখন দক্ষিণৰ ছবিয়ে।

দক্ষিণ চলচ্চিত্ৰৰ অন্যতম কিংবদন্তি অভিনেতা কমল হাছানে ছবিৰ পৰ্দালৈ প্ৰত্যাৱৰ্তন কৰি পুনৰ তোলপাৰ লগাইছে। কমল হাছানে শেহতীয়াকৈ মুক্তি প্ৰাপ্ত ছবি বিক্ৰমজৰিয়তে সকলোৰে হৃদয় জয় কৰিছে। বক্স অফিচতো উত্তেজনা সৃষ্টি কৰিছে ছবিখনে। ছবিখনে বক্স অফিচত বাম্পাৰ উপাৰ্জন এক নতুন অভিলেখ গঢ়িছে। কমল হাছানৰ বিক্ৰম’-এ বলীউড তাৰকা অক্ষয় কুমাৰৰ সম্ৰাট পৃথ্বীৰাজ আৰু মেজৰ’ৰ দৰে ছবিক উপাৰ্জনৰ ক্ষেত্ৰত বহুত পিছ পেলাবলৈ সক্ষম হৈছে। দুটা দিনত বিক্ৰম’-এ কৰা উপাৰ্জনৰ বিষয়ে জানিলে আচৰিত হৈ পৰিব আপুনিও।

ছবিখনক লৈ কামাল হাছানৰ অনুৰাগীসকলে ব্যাপক উৎসাহ দেখুওৱা পৰিলক্ষিত হৈছে। কমল হাছানৰ শক্তিশালী প্ৰত্যাৱৰ্তনক প্ৰশংসা কৰিছে তেওঁৰ চলচ্চিত্ৰপ্ৰেমীয়ে। কামাল হাছানৰ ছবিখনে মুক্তিৰ দ্বিতীয় দিনা বিশ্বজুৰি ১০০ কোটি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বিক্ৰমে আৰম্ভণিৰ দিনা বিশ্বজুৰি ৫৮ কোটি টকাৰ উপাৰ্জনেৰে কৰিছিল, দ্বিতীয় দিনা ছবিখনে মুঠ ৪২ কোটি উপাৰ্জন ৰেঅৰ্থাৎ দুদিনত বিক্ৰমে বিশ্বজুৰি ১০০ কোটি উপাৰ্জন কৰিছে। এই ক্ষেত্ৰত, বিক্ৰম চুপাৰহিট ছবি কেজিএফ চেপ্টাৰ-২ আৰু আৰআৰআৰ-ৰ সৈতে দৌৰত চামিল হৈছে। এনে পৰিস্থিতিত, বিক্ৰমে যিধৰণে ব্যৱসায় কৰি আছে, অনুমান কৰা হৈছে যে এই ছবিখনে প্ৰথম সপ্তাহান্তত বিশ্বব্যাপী প্ৰায় ১৩০-১৪০ কোটি উপাৰ্জন কৰিব পাৰে। এই পৰিসংখ্যাসমূহ প্ৰকাশ কৰিছে বাণিজ্য বিশ্লেষক ৰমেশ বালা

পৃথ্বীৰাজ, বিক্ৰম আৰু মেজৰক এই সপ্তাহত বক্স অফিচত একেলগে মুক্তি দিয়া হৈছিল। কিন্তু কমল হাছানৰ বিক্ৰমে বক্স অফিচত এক আলোড়নৰ সৃষ্টি কৰিছে, মেজৰ আৰু সম্ৰাট পৃথ্বীৰাজক ধুলিসাৎ কৰি পেলোৱা বুলি ক’লেও ভুল কৰা নহ’ব। অক্ষয় কুমাৰৰ সম্ৰাট পৃথ্বীৰাজে দ্বিতীয় দিনাও ৫০ কোটি ব্যৱসায় কৰিবলৈ সক্ষম হোৱা নাই। একে সময়তে, দিৱি ছেশৰ মেজৰৰ অৱস্থা আৰু বেয়া আৰু ছবিখনে দ্বিতীয় দিনলৈকে মুঠ প্ৰায় ২০ কোটি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ