--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এক অভাৱনীয়, আকস্মিক পৰিঘটনাৰ সন্মুখীন হৈ বিদায় ল’বলগীয়া হ’ল দেশৰ সংগীত জগতৰ এক অম্লান নক্ষত্ৰ কেকেই। ৩১ মে’ৰ অভিশপ্ত নিশা কলকাতাত সংগীতানুষ্ঠান পৰিৱেশন কৰাৰ পাছতে এক গুৰুতৰ হাৰ্ট এটেকৰ সন্মুখীন হৈ আঁতৰি গ’ল প্ৰখ্যাত শিল্পীগৰাকী। কিন্তু তেওঁৰ অপাহৰণ সুৰ আৰু অবিস্মৰণীয় কণ্ঠই প্ৰতিগৰাকী সংগীত প্ৰেমীৰে অন্তৰত বাহ বান্ধি লৈছে। নিগাজী আসন দখল কৰি ৰাখিছে কে কেৰ স্মৃতিয়ে। শিল্পীগৰাকীৰ সংগীতেই তেওঁক অনন্ত কাললৈ জীয়াই ৰাখিব সকলোৰে অন্তৰে অন্তৰে।

মৃত্যুৰ সময়লৈকে সংগীতৰ কোলাতে উমলি ফুৰা শিল্পীগৰাকীয়ে তেওঁৰ মৃত্যুৰ পাছতো সংগীত ষোড়পচাৰেৰে তেওঁৰ অনুৰাগীক তৃপ্ত কৰিবলৈ ওলাইছে। তেওঁৰ অনুৰাগীসকলৰ বাবে এক বেদনাসিক্ত সুখবৰ আহিছে। কেকেৰ জীৱনৰ শেষ গীতটো মুক্তি দিয়াৰ বাবে সাজু হৈছে। তেওঁৰ অৱৰ্তমানে যিটো গীতৰ গুৰুত্ব হাজাৰ গুণ বঢ়াই তুলিছে। স্বাভাৱিকতে এই গীতটোৱো মুক্তি লাভ কৰাৰ সময়ত তেওঁৰ কায়িক উপস্থিতি বৰ্তি থাকিলেহেঁতেন তেন্তে তাৰ মাদকতা হ’লহেঁতেন অনন্য। কিন্তু সেয়া সম্ভৱ হৈ নুঠিল। এতিয়া তেওঁৰ আৱৰ্তমানতহে সেই গীতে আকৌ এবাৰ অন্তৰ চুবলৈ সাজু হৈছে। কে কেই শেষবাৰৰ বাবে কণ্ঠ নিগৰোৱা গীতটোৱে আকৌ এবাৰ চকুপানী নিগৰাবলৈ সাজু হৈছে তেওঁৰ লক্ষ লক্ষ অনুৰাগীৰ।

বিগত এপ্ৰিল মাহত কেকেই এই গীতৰ ৰেকৰ্ডিং কৰিছিল। এই গীতটো ৰেকৰ্ড হোৱাৰ পাছত শিল্পীগৰাকীয়ে ইয়াৰ পোষ্টাৰ প্ৰকাশ কৰি গীতৰটোৰ বিষয়ে সদৰি কৰিছিল। তেওঁৰ এই অন্তিমটো গীত কাইলৈ মুকলি হ’বলৈ গৈ আছে। ‘শ্বেৰদিল দ্য পিলভিট ছাগা’ শীৰ্ষক ছবিখনৰ বাবে কেকেই তেওঁৰ জীৱনৰ শেষ গীতটো ৰেকৰ্ড কৰিছিল। পংজক ত্ৰিপাঠীয়ে অভিনয় কৰা এই বহুচৰ্চিত ছবিখনত কেকেই কণ্ঠ নিগৰোৱা গীতটো ৰচনা কৰিছিল প্ৰখ্যাত গীতিকাৰ, কবি গুলজাৰে।

গীতটো সংগীতেৰে সজাইছে প্ৰখ্যাত সংগীত পৰিচালক শান্তনু মৈত্ৰই। কেকে কণ্ঠ নিগৰোৱা গীতটোৰ শীৰ্ষক হৈছে ‘ধূপ পানী বহনে দো...’। তৰণ আদৰ্শে এই সুখবৰ প্ৰকাশ কৰিছে আৰু কে কেৰ অনুৰাগীসকলক তেওঁৰ শেষৰটো গীত মুকলি হোৱাৰ তথ্য প্ৰকাশ কৰিছে। গীতটোৰ পোষ্টাৰ মুকলি হোৱাৰ তথ্য সদৰি কৰি পোষ্টাৰত লিখা হৈছে যে, কে কে আপুনি সদায় আমাৰ অন্তৰত বাস কৰিব। উল্লেখ্য যে, শ্ৰীজিত মুখাৰ্জীয়ে পৰিচালনা কৰা শ্বেৰদিল ছবিখনে মুক্তিলাভ কৰিব ২৪ জুনত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ