--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৫ মে’ত কৰণ জোহৰৰ ৫০ সংখ্যক জন্মদিন উদযাপন কৰা হয়। জন্মদিন উপলক্ষে কৰণ জোহৰে মুম্বাইৰ যশ ৰাজ ফিল্ম ষ্টুডিঅ’ত এক গ্ৰেণ্ড পাৰ্টিৰ আয়োজন কৰিছিল। এই পাৰ্টিত বলিউডৰ বহু ডাঙৰ চেলিব্ৰিটি উপস্থিত আছিল। এতিয়া পোহৰলৈ আহিছে যে এই পাৰ্টিত উপস্থিত থকা প্ৰায় ৫৫ জন অতিথি কোভিড পজিটিভ হৈছে। অৱশ্যে এই সন্দৰ্ভত কৰণ জোহৰে এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই। কৰণ জোহৰৰ এই পাৰ্টি কৰ’নাৰ ছুপাৰ স্প্ৰেডাৰ বুলি প্ৰমাণিত হৈছে। পাৰ্টিত কৰণ জোহৰৰ বলীউডৰ বহু ঘনিষ্ঠ বন্ধু কৰ’নাত আক্ৰান্ত হ’ল বুলি জানিব পৰা গৈছে। কৰণ জোহৰৰ বাৰ্থডে পাৰ্টীত বহু ডাঙৰ ডাঙৰ তাৰকাই অংশ লৈছিল। 

এটা নিউজ ৱেবচাইটে দাবী কৰিছিল যে এই পাৰ্টিত উপস্থিত থকা প্ৰায় ৫৫ জন অতিথি কৰ’নাত আক্ৰান্ত হৈছে। অৱশ্যে দেওবাৰে এটা নতুন প্ৰতিবেদন ওলাইছে য’ত কোৱা হৈছে যে এইবোৰ কেৱল উৰাবাতৰিহে। শনিবাৰে কেইবাটাও ৱেবছাইটে প্ৰকাশ কৰিছিল যে মুম্বাইত কৰণৰ বাৰ্থডে পাৰ্টি এটা Covid-19 super-spreader ইভেণ্ট আছিল, যাৰ ফলত দিনটোৰ শেষৰ ফালে কেইবাজনো অতিথি উপস্থিত থকাৰ ইতিবাচক COVID-19 ৰিপৰ্ট পোৱা গৈছিল। পাৰ্টিৰ কিছুদিন পিছতে ৪ জুনত অভিনেতা কাৰ্তিক আৰিয়ানে টুইটাৰত নিজকে কোভিড পজিটিভ বুলি তথ্য দিছিল। তেওঁ নিজৰ নতুন ছবি ভূল ভূলাইয়া ২-ৰ দেশজুৰি প্ৰচাৰ কৰি আছিল। কাৰ্তিক কৰণৰ পাৰ্টিত উপস্থিত নাছিল কিন্তু সূত্ৰটোৱে দাবী কৰে যে কাৰ্তিক আৰিয়ান পাৰ্টিত উপস্থিত নথকাৰ পিছতো কৰ’নাত আক্ৰান্ত হৈছিল কাৰণ তেওঁৰ ছবিখনৰ নায়িকা সেই পাৰ্টিত উপস্থিত আছিল আৰু সেই নায়িকাৰ সৈতে কাৰ্তিকে ছবিখনৰ প্ৰচাৰ কৰিছিল। ইয়াৰ পিছতে শনিবাৰে পোহৰলৈ আহে যে অভিনেতা আদিত্য ৰায় কাপুৰো কৰ’নাত আক্ৰান্ত হৈছে। আজি শ্বাহৰুখ খান আৰু কেটৰিনা কাঈফ কোভিড পজিটিভ বুলি ধৰা পৰে। 

সূত্ৰটোৱে দাবী কৰা মতে কৰণ জোহৰ সম্প্ৰতি 'কফি উইথ কৰণ'ৰ শ্বুটিঙৰ কামত ব্যস্ত আছে। তেওঁ অহৰহ নিজৰ কৰ’ণা পৰীক্ষা কৰি আছে। ইয়াৰ উপৰিও এই অনুষ্ঠানত উপস্থিত থকা অতিথিসকলক কোভিড প্ৰট’কল মানি চলিবলৈ বাধ্য কৰা হৈছে। সূত্ৰটোৱে জনোৱা মতে কৰণ জোহৰৰ পাৰ্টিত অংশগ্ৰহণ কৰা বহু তাৰকা এতিয়ালৈকে বিশ্বৰ বহু দেশ ভ্ৰমণ কৰিছে, কিন্তু কেৱল কোভিড পজিটিভ চেলিব্ৰিটিসকলৰ নামহে কৰণৰ পাৰ্টিৰ সৈতে সংযোগ কৰা হৈছে যিটো শুদ্ধ নহয়। উল্লেখ্য যে মহাৰাষ্ট্ৰত কৰ'ণাত আক্ৰান্তৰ সংখ্যা বহুত বাঢ়িছে। জুন মাহৰ চাৰিদিনত মহাৰাষ্ট্ৰত এই পৰ্যন্ত ৪৬১৮জন লোক কোভিড-১৯ত আক্ৰান্ত হৈছে। ইয়াৰে ৬০ শতাংশ (৩,০৯৫) লোক কেৱল মুম্বাইৰ। শনিবাৰে ১৩৫৭ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছিল। ইয়াৰে ৮৮৯ জন লোক কেৱল মুম্বাইৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ