--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৫ মে’ত কৰণ জোহৰৰ ৫০ সংখ্যক জন্মদিন উদযাপন কৰা হয়। জন্মদিন উপলক্ষে কৰণ জোহৰে মুম্বাইৰ যশ ৰাজ ফিল্ম ষ্টুডিঅ’ত এক গ্ৰেণ্ড পাৰ্টিৰ আয়োজন কৰিছিল। এই পাৰ্টিত বলিউডৰ বহু ডাঙৰ চেলিব্ৰিটি উপস্থিত আছিল। এতিয়া পোহৰলৈ আহিছে যে এই পাৰ্টিত উপস্থিত থকা প্ৰায় ৫৫ জন অতিথি কোভিড পজিটিভ হৈছে। অৱশ্যে এই সন্দৰ্ভত কৰণ জোহৰে এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই। কৰণ জোহৰৰ এই পাৰ্টি কৰ’নাৰ ছুপাৰ স্প্ৰেডাৰ বুলি প্ৰমাণিত হৈছে। পাৰ্টিত কৰণ জোহৰৰ বলীউডৰ বহু ঘনিষ্ঠ বন্ধু কৰ’নাত আক্ৰান্ত হ’ল বুলি জানিব পৰা গৈছে। কৰণ জোহৰৰ বাৰ্থডে পাৰ্টীত বহু ডাঙৰ ডাঙৰ তাৰকাই অংশ লৈছিল। 

এটা নিউজ ৱেবচাইটে দাবী কৰিছিল যে এই পাৰ্টিত উপস্থিত থকা প্ৰায় ৫৫ জন অতিথি কৰ’নাত আক্ৰান্ত হৈছে। অৱশ্যে দেওবাৰে এটা নতুন প্ৰতিবেদন ওলাইছে য’ত কোৱা হৈছে যে এইবোৰ কেৱল উৰাবাতৰিহে। শনিবাৰে কেইবাটাও ৱেবছাইটে প্ৰকাশ কৰিছিল যে মুম্বাইত কৰণৰ বাৰ্থডে পাৰ্টি এটা Covid-19 super-spreader ইভেণ্ট আছিল, যাৰ ফলত দিনটোৰ শেষৰ ফালে কেইবাজনো অতিথি উপস্থিত থকাৰ ইতিবাচক COVID-19 ৰিপৰ্ট পোৱা গৈছিল। পাৰ্টিৰ কিছুদিন পিছতে ৪ জুনত অভিনেতা কাৰ্তিক আৰিয়ানে টুইটাৰত নিজকে কোভিড পজিটিভ বুলি তথ্য দিছিল। তেওঁ নিজৰ নতুন ছবি ভূল ভূলাইয়া ২-ৰ দেশজুৰি প্ৰচাৰ কৰি আছিল। কাৰ্তিক কৰণৰ পাৰ্টিত উপস্থিত নাছিল কিন্তু সূত্ৰটোৱে দাবী কৰে যে কাৰ্তিক আৰিয়ান পাৰ্টিত উপস্থিত নথকাৰ পিছতো কৰ’নাত আক্ৰান্ত হৈছিল কাৰণ তেওঁৰ ছবিখনৰ নায়িকা সেই পাৰ্টিত উপস্থিত আছিল আৰু সেই নায়িকাৰ সৈতে কাৰ্তিকে ছবিখনৰ প্ৰচাৰ কৰিছিল। ইয়াৰ পিছতে শনিবাৰে পোহৰলৈ আহে যে অভিনেতা আদিত্য ৰায় কাপুৰো কৰ’নাত আক্ৰান্ত হৈছে। আজি শ্বাহৰুখ খান আৰু কেটৰিনা কাঈফ কোভিড পজিটিভ বুলি ধৰা পৰে। 

সূত্ৰটোৱে দাবী কৰা মতে কৰণ জোহৰ সম্প্ৰতি 'কফি উইথ কৰণ'ৰ শ্বুটিঙৰ কামত ব্যস্ত আছে। তেওঁ অহৰহ নিজৰ কৰ’ণা পৰীক্ষা কৰি আছে। ইয়াৰ উপৰিও এই অনুষ্ঠানত উপস্থিত থকা অতিথিসকলক কোভিড প্ৰট’কল মানি চলিবলৈ বাধ্য কৰা হৈছে। সূত্ৰটোৱে জনোৱা মতে কৰণ জোহৰৰ পাৰ্টিত অংশগ্ৰহণ কৰা বহু তাৰকা এতিয়ালৈকে বিশ্বৰ বহু দেশ ভ্ৰমণ কৰিছে, কিন্তু কেৱল কোভিড পজিটিভ চেলিব্ৰিটিসকলৰ নামহে কৰণৰ পাৰ্টিৰ সৈতে সংযোগ কৰা হৈছে যিটো শুদ্ধ নহয়। উল্লেখ্য যে মহাৰাষ্ট্ৰত কৰ'ণাত আক্ৰান্তৰ সংখ্যা বহুত বাঢ়িছে। জুন মাহৰ চাৰিদিনত মহাৰাষ্ট্ৰত এই পৰ্যন্ত ৪৬১৮জন লোক কোভিড-১৯ত আক্ৰান্ত হৈছে। ইয়াৰে ৬০ শতাংশ (৩,০৯৫) লোক কেৱল মুম্বাইৰ। শনিবাৰে ১৩৫৭ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছিল। ইয়াৰে ৮৮৯ জন লোক কেৱল মুম্বাইৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান