--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: অনলাইন গেমে মানসিকভাৱে দুৰ্বল কৰিছে দেশৰ নতুন প্ৰজন্মক৷ পলকতে হতাশাই ছানি ধৰে তেওঁলোকৰ মন৷ অনলাইন গেম একোটাকো তেওঁলোকে জীৱনৰ সৰ্বস্ব বুলি ভাবিবলৈ কুণ্ঠাবোধ নকৰে৷ কুণ্ঠাবোধ নকৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰিবলৈ৷

পাবজীত হাৰি আত্মহত্যা! এই অনাকাংক্ষিত ঘটনাই জোকাৰিছে অন্ধ্ৰ প্ৰদেশ৷ এগৰাকী কিশোৰৰ প্ৰাণ কাঢ়িলে অনলাইন পাবজী গেমে৷ অন্ধ্ৰ প্ৰদেশৰ মছলিপত্তনম চহৰত সংঘটিত হৈছে এই দুখজনক ঘটনা৷ এগৰাকী ১৫ বছৰীয়া কিশোৰ পাবজী মোবাইল ৰাউণ্ডত পৰাজিত হোৱাৰ বাবে হতাশ হৈ আত্মহত্যা কৰিছে বুলি জানিব পৰা গৈছে

 আৰক্ষী বিষয়াসকলে সদৰী কৰা তথ্য অনুসৰি কিশোৰজনে তেওঁৰ দেউতাক আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে গ্ৰীষ্মবন্ধ কটাই আছিল, তেওঁক পাবজী খেলত পৰাজিত হোৱাৰ বাবে মানসিকভাৱে ভাঙি পৰি আত্মহত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে পিতৃৰ পৰা পৃথক হৈ থকা কিশোৰজনৰ মাতৃয়ে পুত্ৰৰ এই মৃত্যুক লৈ সন্দেহ প্ৰকাশ কৰিছে আৰু চিআৰপিচিৰ ধাৰা ১৭৪ (ফৌজদাৰী প্ৰক্ৰিয়া বিধি) অধীনত সন্দেহজনক মৃত্যুৰ গোচৰ ৰুজু কৰিছে

মূল পাবজী গেমটো 'বাইলটো ২০২০ চনৰ ছেপ্টেম্বৰৰ পৰা নিৰাপত্তাজনিত কাৰণত ভাৰতত নিষিদ্ধ হৈ আছে বৰ্তমানে, দেশত খেলিবলৈ নতুন পাবজী, যেনে বেটেলগ্ৰাউণ্ডছ বাইল ইণ্ডিয়া (বিজিএমআই) আৰু পাবজী নিউ ষ্টেট উপলব্ধ

কেইবাগৰাকীও মানসিক স্বাস্থ্য বিশেষজ্ঞই অতীতত অনলাইন একচন গেমৰ সৈতে সম্পৰ্কিত মানসিক স্বাস্থ্যৰ উদ্বেগ প্ৰকাশ কৰিছে বিগত বৰ্ষত অৰুণাচল প্ৰদেশৰ সাংসদ নিনোং এৰিঙে আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ চিঠি লিখি চৰকাৰক পাবজীক ভাৰতত পুনৰ মুকলি কৰি নিদিবলৈ অনুৰোধ জনাইছিল এৰিঙে প্ৰধানমন্ত্ৰী মোদীক সম্বোধন কৰা পত্ৰখন টুইটাৰত শ্বেয়াৰ কৰিছিল



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ