--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: অনলাইন গেমে মানসিকভাৱে দুৰ্বল কৰিছে দেশৰ নতুন প্ৰজন্মক৷ পলকতে হতাশাই ছানি ধৰে তেওঁলোকৰ মন৷ অনলাইন গেম একোটাকো তেওঁলোকে জীৱনৰ সৰ্বস্ব বুলি ভাবিবলৈ কুণ্ঠাবোধ নকৰে৷ কুণ্ঠাবোধ নকৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰিবলৈ৷

পাবজীত হাৰি আত্মহত্যা! এই অনাকাংক্ষিত ঘটনাই জোকাৰিছে অন্ধ্ৰ প্ৰদেশ৷ এগৰাকী কিশোৰৰ প্ৰাণ কাঢ়িলে অনলাইন পাবজী গেমে৷ অন্ধ্ৰ প্ৰদেশৰ মছলিপত্তনম চহৰত সংঘটিত হৈছে এই দুখজনক ঘটনা৷ এগৰাকী ১৫ বছৰীয়া কিশোৰ পাবজী মোবাইল ৰাউণ্ডত পৰাজিত হোৱাৰ বাবে হতাশ হৈ আত্মহত্যা কৰিছে বুলি জানিব পৰা গৈছে

 আৰক্ষী বিষয়াসকলে সদৰী কৰা তথ্য অনুসৰি কিশোৰজনে তেওঁৰ দেউতাক আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে গ্ৰীষ্মবন্ধ কটাই আছিল, তেওঁক পাবজী খেলত পৰাজিত হোৱাৰ বাবে মানসিকভাৱে ভাঙি পৰি আত্মহত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে পিতৃৰ পৰা পৃথক হৈ থকা কিশোৰজনৰ মাতৃয়ে পুত্ৰৰ এই মৃত্যুক লৈ সন্দেহ প্ৰকাশ কৰিছে আৰু চিআৰপিচিৰ ধাৰা ১৭৪ (ফৌজদাৰী প্ৰক্ৰিয়া বিধি) অধীনত সন্দেহজনক মৃত্যুৰ গোচৰ ৰুজু কৰিছে

মূল পাবজী গেমটো 'বাইলটো ২০২০ চনৰ ছেপ্টেম্বৰৰ পৰা নিৰাপত্তাজনিত কাৰণত ভাৰতত নিষিদ্ধ হৈ আছে বৰ্তমানে, দেশত খেলিবলৈ নতুন পাবজী, যেনে বেটেলগ্ৰাউণ্ডছ বাইল ইণ্ডিয়া (বিজিএমআই) আৰু পাবজী নিউ ষ্টেট উপলব্ধ

কেইবাগৰাকীও মানসিক স্বাস্থ্য বিশেষজ্ঞই অতীতত অনলাইন একচন গেমৰ সৈতে সম্পৰ্কিত মানসিক স্বাস্থ্যৰ উদ্বেগ প্ৰকাশ কৰিছে বিগত বৰ্ষত অৰুণাচল প্ৰদেশৰ সাংসদ নিনোং এৰিঙে আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ চিঠি লিখি চৰকাৰক পাবজীক ভাৰতত পুনৰ মুকলি কৰি নিদিবলৈ অনুৰোধ জনাইছিল এৰিঙে প্ৰধানমন্ত্ৰী মোদীক সম্বোধন কৰা পত্ৰখন টুইটাৰত শ্বেয়াৰ কৰিছিল



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে