--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আশংকা কৰাৰ দৰেই সোমবাৰৰ দিনটো পৰিণত হ'ল ব্লেক মানডে'ত। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে উদ্যোগপতি ইলন মাস্কৰে মিলি আৰম্ভ কৰা শুল্ক যুদ্ধৰ বিৰুদ্ধে এহাতে যিদৰে আমেৰিকা আৰু ইউৰোপত জনজাগৰণৰ সূচনা হৈছে, জনতা প্রতিবাদমুখৰ হৈছে, ঠিক সেইদৰে সোমবাৰে 'ব্লেক মানডে”ৰ দিনা বিশ্বৰ শ্বেয়াৰ বজাৰসমূহত অভাবনীয় পতনৰ সূচনা হয়। ইয়াৰ লগে লগে লাখ লাখ কোটি টকাৰ লোকচান ভৰি বিশ্বজুৰি বিনিয়োগকাৰীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। 

বিশ্বৰ বিভিন্ন দেশত যি হাৰত শ্বেয়াৰ বজাৰসমূহত পতন আৰম্ভ হৈছে ই বিশ্বৰ অৰ্থনীতিকে পুনৰ মন্দাৱস্থালৈ নিয়াৰ লক্ষণ স্পষ্ট কৰি তোলে। কেইবাখনো দেশত শ্বেয়াৰ বজাৰৰ পতনে অভিলেখৰো সৃষ্টি কৰে। বিশ্বত সোমবাৰে ৮১৬.৮৯ লাখ কোটি টকাৰ লোকচান হয়
বিনিয়োগকাৰীৰ। অৱশ্যে, বিশ্বৰ আন দেশৰ তুলনাত কালি ভাৰতীয় বজাৰৰ অৱস্থা সিমান বেয়া নাছিল বুলি কোৱা হৈছে। কালি আটাইতকৈ বেছি পতন দেখা যায় ভাৰতক বাদ দি এছিয়াৰ বজাৰত। হংকঙৰ শ্বেয়াৰ বজাৰৰ সূচকাংকই কালি অভিলেখৰ সৃষ্টি কৰে। হংকঙৰ শ্বেয়াৰ বজাৰৰ সূচকাংক হেংছেং কালি ১৩% অৱনমিত হয়। ই হ'ল ২০০৮ চনৰ পাছত হেংছেঙৰ সৰ্ববৃহৎ পতন। আনহাতে, চীনৰ শ্বাংহাই কম্প 'জিট ৭.৩৪% তললৈ নামে। টাইৱানৰ সূচকাংক টায়েক্স কালি ৯.৭ অৱনমিত হোৱাৰ পাছত শ্বেয়াৰ বজাৰৰ লেনদেন মাজভাগতে বন্ধ ৰখা হয়। ইফালে, জাপানৰ নিক্কেই ২২৫ কালি ৮.৫% অৱনমিত হয় আৰু 'বিয়েৰ মাৰ্কেট জ'ন'ত প্ৰৱেশ কৰে। 

উল্লেখযোগ্য যে বিয়েৰ মার্কেট জ'নত প্ৰৱেশ কৰা মানে দীঘলীয়া সময়ৰ বাবে শ্বেয়াৰ বজাৰত শ্বেয়াৰৰ মূল্য হ্রাস পোৱাৰ প্ৰৱণতাৰ ধাৰা অব্যাহত থকা। পাকিস্তানতো কালি শ্বেয়াৰ বজাৰত হাহাকাৰৰ সৃষ্টি হয়। কৰাচী ষ্টক এক্সচেঞ্জৰ সূচকাংক সোমবাৰে ৬% অর্থাৎ ৭,২০০তকৈ অধিক পইন্ট অৱনমিত হোৱাৰ পাছত বজাৰৰ লেনদেন সাময়িকভাৱে বন্ধ ৰখা হয়। অৱশ্যে, পাছত লেনদেন পুনৰ আৰম্ভ কৰা হয়। ইফালে, বিশ্বৰ আন দেশৰ বজাৰতো একেধৰণৰ জোকাৰণি দেখা
যায়। ইউৰোপৰ বজাৰতো ট্রাম্পৰ শুল্ক যুদ্ধই ব্যাপক নেতিবাচক প্ৰভাৱ পেলাইছে। 

জার্মানিৰ ডি এ এক্স সূচকাংক কালি বজাৰত লেনদেন আৰম্ভ হোৱাৰ সময়তে ১০% অৱনমিত হয়। ফ্ৰান্সৰ চি এ চি সূচকাংক ৫.৬%, লণ্ডনৰ এফ টি এছ ই ১০০ কালি দুপৰীয়ালৈকে ৪.৭% অৱনমিত হয়। আনহাতে, ছুইডেনৰ সূচকাংক ৭%, ছুইজাৰলেণ্ডৰ ৬.৮%, স্পেইনৰ ৬.২%, অষ্ট্ৰেলিয়াৰ ৬.১%, মালয়েছিয়াৰ সূচকাংক ৪.৫%, ৰাছিয়াৰ শ্বেয়াৰ বজাৰৰ সূচকাংক ৩.৮% আৰু ছৌডি আৰবৰ শ্বেয়াৰ বজাৰৰ সূচকাংক কালি দুপৰীয়ালৈকে ৩.৩% অৱনমিত হৈছে। এই দেশবোৰত বজাৰৰ লেনদেন সামৰাৰ পৰলৈ অধিক অৱনতি ঘটাৰ আশংকা কৰা হৈছে।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ