--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এক ৰহস্যজনক মৃত্যুৱে পুনৰ তুলিছে জোকাৰণি। এটা ফ্লেটৰ ভিতৰত মাতৃ আৰু দুই কন্যাৰ মৃতদেহ উদ্ধাৰৰ পাছতে সৃষ্টি হৈছে চাঞ্চল্যৰ। ৰহস্যজনকভাৱে মৃতদেহ তিনিটা উদ্ধাৰ হোৱাৰ পাছতে বিভিন্ন প্ৰশ্নচিহ্নৰ সৃষ্টি হৈছে। কি পৰিস্থিতিত মৃত্যু হ’ল তিনি মাতৃ-কন্যাৰ? এয়া হত্যা নে আত্মহত্যা? কি আছে ইয়াৰ আঁৰত? এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি এতিয়া আৰক্ষীয়ে তৎপৰতাৰে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

দিল্লীৰ বসন্ত বিহাৰ অঞ্চলৰ এটা ফ্লেটৰ ভিতৰত মাক আৰু দুগৰাকী কন্যাক মৃত অৱস্থাত উদ্ধাৰ হৈছে। আৰক্ষীৰ মতে, প্ৰথম দৃষ্টি য়া আত্মহত্যাৰ ঘটনা যেন ধাৰণা কৰা হৈছেমৃত মাতৃগৰাকীৰ নাম মঞ্জু আছিল আনহাতে তেওঁৰ দুই কন্যাৰ নাম আছিল অঞ্চিকা আৰু অংকু। মৃতদেহকেইটা ২০৭ নং বসন্ত এপাৰ্টমেণ্ট হাউত পোৱা গৈছিল। ফ্লেটটোৰ সকলো খিৰিকীৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ আছিল। ৰহস্যজনভাৱে বন্ধ হৈ থকা ঘৰটোৰ দুৱাৰ খুলি আৰক্ষীয়ে দেখিছিল যে গেছ চিলিণ্ডাৰটো অলপ খোলা আছিল। তিনিওজনৰ শ্বাসৰুদ্ধ হৈ মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে আৰক্ষীয়ে ঘৰটোৰ পৰা ছুইচাইড নোট উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে

সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে দীৰ্ঘদিনে অসুস্থ হৈ থকা মঞ্জুৱে দীৰ্ঘদিনে অথৰ্বপ্ৰায় অৱস্থাত বিনা পৰি আছিলআনহাতে ঘৰখনৰ মুৰব্বী তথা দুই কন্যাৰ পিতৃ  ২০২১ চনত কৰনাত মৃত্যু হৈছিল। তেতিয়াৰ পৰা গোটেই পৰিয়ালটোৱে হতাশাৰ চিকাৰ হৈছিল তাৰেই পৰিণতিত এই শোকাৱহ ঘটনাটো সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে যদিও এই ঘটনাৰ তদন্ত বৰ্তমানো চলি আছে।

 

এই ঘটনাৰ তদন্তকাৰী বিষয়াৰ পৰা পোৱা তথ্য অনুসৰি, তিনিওজন দীৰ্ঘদিন ধৰি হতাশাত ভুগি আছিল, তেওঁলোকে ডিডিএৰ জনতা ফ্লেটত বাস কৰিছিল। তিনি মাতৃ কন্যাৰ পৰিয়ালৰ কোনো সদস্যকে এই মুহূৰ্তলৈ বিচাৰি পোৱা সম্ভৱ হোৱা নাই বাবে তেওঁলোক সন্দৰ্ভথ অধিক তথ্য লাভ ৰাটো সম্ভৱ হোৱা নাইইফালে, মৃতদেহকেইটা ছফদৰজং চিকিৎসালয়লৈ লৈ যোৱা হৈছে। আৰক্ষীয়ে ছুইচাইড নোটৰ বিষয়ে একো প্ৰকাশ কৰা নাই।


আৰক্ষীয়ে প্ৰকাশ কৰে যে তেওঁলোকে নিশা ৮.৫৫ বজাত খবৰ পাইছিল যে বসন্ত বিহাৰ অঞ্চলৰ ২০৭ নং এপাৰ্টমেণ্ট দুৱাৰখন ৰহস্যজনকভাৱে বন্ধ হৈ আছে। তথ্য পোৱাৰ পাছত, এছএইচঅ’-কে ধৰি আন কেইবাজনো আৰক্ষী কৰ্মী ঘটনাস্থলীত উপস্থিত হয়। ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ লোকে জানিব পাৰে যে ফ্লেটটোৰ দুৱাৰ আৰু খিৰিকী সকলো ফালৰ পৰা বন্ধ হৈ আছে। বহুবাৰ বেল বজোৱাৰ পাছতো কোনেও দুৱাৰ নোখোলাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীৰ সন্দেহ হয়, তাৰ পাছত আৰক্ষীয়ে দুৱাৰখন ভাঙি প্ৰৱেশ কৰে আৰু মৃতদেহ তিনিটা উদ্ধাৰ কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement