--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এক ৰহস্যজনক মৃত্যুৱে পুনৰ তুলিছে জোকাৰণি। এটা ফ্লেটৰ ভিতৰত মাতৃ আৰু দুই কন্যাৰ মৃতদেহ উদ্ধাৰৰ পাছতে সৃষ্টি হৈছে চাঞ্চল্যৰ। ৰহস্যজনকভাৱে মৃতদেহ তিনিটা উদ্ধাৰ হোৱাৰ পাছতে বিভিন্ন প্ৰশ্নচিহ্নৰ সৃষ্টি হৈছে। কি পৰিস্থিতিত মৃত্যু হ’ল তিনি মাতৃ-কন্যাৰ? এয়া হত্যা নে আত্মহত্যা? কি আছে ইয়াৰ আঁৰত? এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি এতিয়া আৰক্ষীয়ে তৎপৰতাৰে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

দিল্লীৰ বসন্ত বিহাৰ অঞ্চলৰ এটা ফ্লেটৰ ভিতৰত মাক আৰু দুগৰাকী কন্যাক মৃত অৱস্থাত উদ্ধাৰ হৈছে। আৰক্ষীৰ মতে, প্ৰথম দৃষ্টিত এয়া আত্মহত্যাৰ ঘটনা যেন ধাৰণা কৰা হৈছে। মৃত মাতৃগৰাকীৰ নাম মঞ্জু আছিল আনহাতে তেওঁৰ দুই কন্যাৰ নাম আছিল অঞ্চিকা আৰু অংকু। মৃতদেহকেইটা ২০৭ নং বসন্ত এপাৰ্টমেণ্ট হাউছত পোৱা গৈছিল। ফ্লেটটোৰ সকলো খিৰিকীৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ আছিল। ৰহস্যজনভাৱে বন্ধ হৈ থকা ঘৰটোৰ দুৱাৰ খুলি আৰক্ষীয়ে দেখিছিল যে গেছ চিলিণ্ডাৰটো অলপ খোলা আছিল। তিনিওজনৰ শ্বাসৰুদ্ধ হৈ মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে। আৰক্ষীয়ে ঘৰটোৰ পৰা ছুইচাইড নোটো উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে দীৰ্ঘদিনে অসুস্থ হৈ থকা মঞ্জুৱে দীৰ্ঘদিনে অথৰ্বপ্ৰায় অৱস্থাত বিছনাত পৰি আছিল। আনহাতে ঘৰখনৰ মুৰব্বী তথা দুই কন্যাৰ পিতৃৰ  ২০২১ চনত কৰ’নাত মৃত্যু হৈছিল। তেতিয়াৰ পৰা গোটেই পৰিয়ালটোৱে হতাশাৰ চিকাৰ হৈছিল। তাৰেই পৰিণতিত এই শোকাৱহ ঘটনাটো সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে যদিও এই ঘটনাৰ তদন্ত বৰ্তমানো চলি আছে।

 

এই ঘটনাৰ তদন্তকাৰী বিষয়াৰ পৰা পোৱা তথ্য অনুসৰি, তিনিওজন দীৰ্ঘদিন ধৰি হতাশাত ভুগি আছিল, তেওঁলোকে ডিডিএৰ জনতা ফ্লেটত বাস কৰিছিল। তিনি মাতৃ কন্যাৰ পৰিয়ালৰ কোনো সদস্যকে এই মুহূৰ্তলৈ বিচাৰি পোৱা সম্ভৱ হোৱা নাই বাবে তেওঁলোক সন্দৰ্ভথ অধিক তথ্য লাভ কৰাটো সম্ভৱ হোৱা নাই। ইফালে, মৃতদেহকেইটা ছফদৰজং চিকিৎসালয়লৈ লৈ যোৱা হৈছে। আৰক্ষীয়ে ছুইচাইড নোটৰ বিষয়ে একো প্ৰকাশ কৰা নাই।


আৰক্ষীয়ে প্ৰকাশ কৰে যে তেওঁলোকে নিশা ৮.৫৫ বজাত খবৰ পাইছিল যে বসন্ত বিহাৰ অঞ্চলৰ ২০৭ নং এপাৰ্টমেণ্টৰ দুৱাৰখন ৰহস্যজনকভাৱে বন্ধ হৈ আছে। তথ্য পোৱাৰ পাছত, এছএইচঅ’-কে ধৰি আন কেইবাজনো আৰক্ষী কৰ্মী ঘটনাস্থলীত উপস্থিত হয়। ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ লোকে জানিব পাৰে যে ফ্লেটটোৰ দুৱাৰ আৰু খিৰিকী সকলো ফালৰ পৰা বন্ধ হৈ আছে। বহুবাৰ বেল বজোৱাৰ পাছতো কোনেও দুৱাৰ নোখোলাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীৰ সন্দেহ হয়, তাৰ পাছত আৰক্ষীয়ে দুৱাৰখন ভাঙি প্ৰৱেশ কৰে আৰু মৃতদেহ তিনিটা উদ্ধাৰ কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে