--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে(Narendra Modi) ২৩ আৰু ২৪ মে’ত জাপান ভ্ৰমণ কৰিব। ২৩ আৰু ২৪ মে’ত টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া কোৱাড সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী মোদী ৪০ ঘণ্টা জাপানত থাকিব আৰু ২৩খন বৈঠকত অংশ ল’ব। লগতে প্ৰধানমন্ত্ৰী মোদীয়ে ৩৬গৰাকী জাপানৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু বহিঃৰাজ্যৰ ভাৰতীয়ৰ সৈতে মত বিনিময় কৰিব। বিদেশ সচিব বিনয় মোহন কোৱাট্ৰাই কয় যে জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী মোডীয়ে কোৱাড সন্মিলনত অংশগ্ৰহণ কৰিবলৈ জাপানলৈ ৰাওনা হ’ব। 

কোৱাড সন্মিলনৰ সময়ত পিএম মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন, জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদা আৰু অষ্ট্ৰেলিয়াৰ নতুন প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। কোৱাড সন্মিলনত বহু বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব। তেওঁ কয় যে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, সমৃদ্ধি আৰু স্থিতিশীলতাৰ বাবে এক ইতিবাচক আৰু সৃষ্টিশীল এজেণ্ডা ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰাটোৱেই হৈছে কোৱাড সন্মিলনৰ উদ্দেশ্য। সন্মিলনৰ সময়ত এই ক্ষেত্ৰত কিমান অগ্ৰগতি হৈছে সেই বিষয়েও গুৰুত্ব দিয়া হ’ব। লগতে ভৱিষ্যতে কি কি পদক্ষেপ লব পাৰি তাৰ ওপৰতো আলোচনা হ'ব। 

বৈদেশিক সচিব বিনয় মোহন কোৱাট্ৰাই কয় যে কোৱাড সন্মিলনত ভাৰত-প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ জলবায়ু নিৰীক্ষণ, ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ডি-কাৰ্বনাইজড গ্ৰীণ শ্বিপিং নেটৱৰ্ক সৃষ্টি, পৰিষ্কাৰ হাইড্ৰ’জেন ব্যৱহাৰ কৰাৰ লগতে ইয়াক অধিক সুলভ কৰি তোলাৰ বিষয়ে আলোচনা কৰা হ’ব৷ ২৪ মে’ত টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া এই শীৰ্ষ সন্মিলনত কোৱাড নেতাসকলে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰত্যাহ্বান আৰু সুযোগৰ লগতে বিশ্বজনীন বিষয়সমূহৰ ওপৰত আলোচনা কৰিব। আজি নিশা বিমানযোগে জাপানলৈ উৰা মাৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল