--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে(Narendra Modi) ২৩ আৰু ২৪ মে’ত জাপান ভ্ৰমণ কৰিব। ২৩ আৰু ২৪ মে’ত টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া কোৱাড সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী মোদী ৪০ ঘণ্টা জাপানত থাকিব আৰু ২৩খন বৈঠকত অংশ ল’ব। লগতে প্ৰধানমন্ত্ৰী মোদীয়ে ৩৬গৰাকী জাপানৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু বহিঃৰাজ্যৰ ভাৰতীয়ৰ সৈতে মত বিনিময় কৰিব। বিদেশ সচিব বিনয় মোহন কোৱাট্ৰাই কয় যে জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী মোডীয়ে কোৱাড সন্মিলনত অংশগ্ৰহণ কৰিবলৈ জাপানলৈ ৰাওনা হ’ব। 

কোৱাড সন্মিলনৰ সময়ত পিএম মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন, জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদা আৰু অষ্ট্ৰেলিয়াৰ নতুন প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। কোৱাড সন্মিলনত বহু বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব। তেওঁ কয় যে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, সমৃদ্ধি আৰু স্থিতিশীলতাৰ বাবে এক ইতিবাচক আৰু সৃষ্টিশীল এজেণ্ডা ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰাটোৱেই হৈছে কোৱাড সন্মিলনৰ উদ্দেশ্য। সন্মিলনৰ সময়ত এই ক্ষেত্ৰত কিমান অগ্ৰগতি হৈছে সেই বিষয়েও গুৰুত্ব দিয়া হ’ব। লগতে ভৱিষ্যতে কি কি পদক্ষেপ লব পাৰি তাৰ ওপৰতো আলোচনা হ'ব। 

বৈদেশিক সচিব বিনয় মোহন কোৱাট্ৰাই কয় যে কোৱাড সন্মিলনত ভাৰত-প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ জলবায়ু নিৰীক্ষণ, ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ডি-কাৰ্বনাইজড গ্ৰীণ শ্বিপিং নেটৱৰ্ক সৃষ্টি, পৰিষ্কাৰ হাইড্ৰ’জেন ব্যৱহাৰ কৰাৰ লগতে ইয়াক অধিক সুলভ কৰি তোলাৰ বিষয়ে আলোচনা কৰা হ’ব৷ ২৪ মে’ত টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া এই শীৰ্ষ সন্মিলনত কোৱাড নেতাসকলে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰত্যাহ্বান আৰু সুযোগৰ লগতে বিশ্বজনীন বিষয়সমূহৰ ওপৰত আলোচনা কৰিব। আজি নিশা বিমানযোগে জাপানলৈ উৰা মাৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ