--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বন্ধু দেশ পাকিস্তানক সকাহ প্ৰদান কৰাৰ উদ্দেশ্যে চীনে পাকিস্তানত এটা অভিলাষী 'নদীবান্ধ'ৰ কাম দ্ৰুতগতিত কৰাৰ পৰিকল্পনা কৰিছে। পহলগাম-কাণ্ডৰ পাছত ভাৰতে সিন্ধু জল চুক্তি স্থগিতকৰণৰ সিদ্ধান্ত লোৱাৰ কেইবা সপ্তাহৰ পাছত চীনে মিত্ৰদেশ পাকিস্তানক সকাহ দিয়াৰ বাবে এই সিদ্ধান্ত লৈছে। 

চীনৰ চৰকাৰী চীনা এনার্জি ইঞ্জিনিয়েৰিং কৰ্প'ৰেশ্যনে ২০১৯ চনৰ পৰা উত্তৰ-পশ্চিম পাকিস্তানৰ খাইবাৰ পাখতুনখাৱা প্রদেশত মহম্মদ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কাম কৰি আছে। শনিবাৰে চীনৰ চৰকাৰী সংবাদ মাধ্যমে প্রকাশ কৰা চি চি টিভিৰ ফুটেজত নদীবান্ধটোৰ 'কংক্রিট ফিলিঙ 'ৰ কাম দ্রুতগতিত চলি থকা পৰিলক্ষিত হৈছে। হংকং-ভিত্তিক 'ছাউথ চাইনা মর্নিং প'ষ্টে' প্রকাশ কৰা অনুসৰি, পাকিস্তানৰ ৰাষ্ট্ৰীয় বজাবাহী প্রকল্পটোৰ কাম চীনে ত্বৰান্বিত কৰিছে। আনহাতে, এই বিষয়ৰ মাজতে পাকিস্তানৰ উপ-প্রধানমন্ত্রী তথা বিদেশ মন্ত্রী ঈশ্বাক ডাৰে সোমবাৰে বেইজিং ভ্ৰমণলৈ গৈ চীনৰ শীর্ষ কূটনীতিবিদ ৱাং য়ীৰ সৈতে আলোচনাত মিলিত হয়। 

ভাৰতৰ 'অপাৰেশ্যন সিন্দূৰ'ৰ পাছত প্রথমগৰাকী পাক উচ্চ স্তৰীয় মন্ত্রীয়ে মিত্রদেশ চীন ভ্ৰমণ কৰাটোৱে তাৎপর্য বহন কৰিছে। পাক বিদেশ মন্ত্ৰীৰ এই তিনিদিনীয়া চীন ভ্ৰমণৰ সময়ত দেশখনৰ উচচন্তৰীয় কূটনীতিবিদৰ সৈতে সিন্ধু জল চুক্তি স্থগিতকৰণৰ লগতে ভাৰতৰ সৈতে থকা বিভিন্ন বিবদমান বিষয়ৰ সন্দৰ্ভত আলোচনা কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত