--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ অপাৰেশ্যন সেন্দূৰ অভিযানত পাকিস্তানত প্ৰৱেশ নকৰাকৈয়ে সন্ত্রাসবাদীৰ ঘাটি ধ্বংস ধ্বংস কৰে, পাকিস্তানী সেনাৰ কেইবাটাও ঘাটিতো আঘাত হনা তথা পাকিস্তানী এয়াৰ ডিফেন্স প্রণালী বিধ্বস্ত কৰাৰ পাছত উদ্বিগ্ন হৈ পৰে চীন। 

ভাৰতে পাকিস্তানত প্ৰৱেশ নকৰাকৈয়ে দেশখনত কৰা আক্ৰমণে শংকিত কৰি তোলা চীনে এতিয়া তিব্বতত নিজৰ বায়ু সেনা অধিক শক্তিশালী কৰিবলৈ লৈছে। দেশখনে তিববতৰ নগাৰী গুনছাৰ বায়ু সেনাৰ ঘাটিত সৈন্যৰ সঞ্চালন আৰম্ভ কৰিছে। কৃত্রিম উপগ্ৰহৰ পৰা পোৱা ফটোৰ পৰা এই কথা জানিব পৰা গৈছে। চীনৰ বায়ু সেনাৰ এই ঘাটিটোৰ পৰা পূৰ্বতে কেৱল অসামৰিক বিমানৰহে চলাচল হৈছিল। এতিয়া দেশখনে যুঁজাৰু বিমান মোতায়েন কৰা বুলি জনা গৈছে।

 বায়ু সেনাৰ নগাৰী গুনছা ঘাটিত চাৰিখন জে-১১ যুঁজাৰু বিমান আৰু এখন বাই-২০ পৰিবহণ বিমান মোতায়েন কৰাৰ তথ্য কৃত্রিম উপগ্ৰহৰ জৰিয়তে লাভ কৰা হৈছে। লাডাখ, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ কাষতে থকা এই ঘাটিটো কিছু দিনৰ আগতে বিকাশ কৰা হৈছিল। এতিয়া ঘাটিটোত চীনৰ সামৰিক কাৰ্যকলাপ বৃদ্ধি পাইছে। 

উল্লেখযোগ্য যে চীনৰ ৱাই-২০ সামৰিক পৰিবহণ বিমানে ৬৬ টন ওজন বহন কৰিব পাৰে আৰু ভূ-পৃষ্ঠৰ পৰা ৪,৫০০ কিল মিটাৰ ওপৰত উৰিব পাৰে। এই বিমানখনে টেংক, গধুৰ অস্ত্র তথা সৈনিকক কম সময়ৰ ভিতৰত নিৰ্ধাৰিত স্থানলৈ নিব পাৰে। চীনৰ বায়ু সেনাই আকাশ মাৰ্গৰে আক্ৰমণৰ বাবেও এই ঘাটিটো প্ৰস্তুত কৰি তোলা বুলি কোৱা হৈছে।
উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ