--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ অপাৰেশ্যন সেন্দূৰ অভিযানত পাকিস্তানত প্ৰৱেশ নকৰাকৈয়ে সন্ত্রাসবাদীৰ ঘাটি ধ্বংস ধ্বংস কৰে, পাকিস্তানী সেনাৰ কেইবাটাও ঘাটিতো আঘাত হনা তথা পাকিস্তানী এয়াৰ ডিফেন্স প্রণালী বিধ্বস্ত কৰাৰ পাছত উদ্বিগ্ন হৈ পৰে চীন। 

ভাৰতে পাকিস্তানত প্ৰৱেশ নকৰাকৈয়ে দেশখনত কৰা আক্ৰমণে শংকিত কৰি তোলা চীনে এতিয়া তিব্বতত নিজৰ বায়ু সেনা অধিক শক্তিশালী কৰিবলৈ লৈছে। দেশখনে তিববতৰ নগাৰী গুনছাৰ বায়ু সেনাৰ ঘাটিত সৈন্যৰ সঞ্চালন আৰম্ভ কৰিছে। কৃত্রিম উপগ্ৰহৰ পৰা পোৱা ফটোৰ পৰা এই কথা জানিব পৰা গৈছে। চীনৰ বায়ু সেনাৰ এই ঘাটিটোৰ পৰা পূৰ্বতে কেৱল অসামৰিক বিমানৰহে চলাচল হৈছিল। এতিয়া দেশখনে যুঁজাৰু বিমান মোতায়েন কৰা বুলি জনা গৈছে।

 বায়ু সেনাৰ নগাৰী গুনছা ঘাটিত চাৰিখন জে-১১ যুঁজাৰু বিমান আৰু এখন বাই-২০ পৰিবহণ বিমান মোতায়েন কৰাৰ তথ্য কৃত্রিম উপগ্ৰহৰ জৰিয়তে লাভ কৰা হৈছে। লাডাখ, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ কাষতে থকা এই ঘাটিটো কিছু দিনৰ আগতে বিকাশ কৰা হৈছিল। এতিয়া ঘাটিটোত চীনৰ সামৰিক কাৰ্যকলাপ বৃদ্ধি পাইছে। 

উল্লেখযোগ্য যে চীনৰ ৱাই-২০ সামৰিক পৰিবহণ বিমানে ৬৬ টন ওজন বহন কৰিব পাৰে আৰু ভূ-পৃষ্ঠৰ পৰা ৪,৫০০ কিল মিটাৰ ওপৰত উৰিব পাৰে। এই বিমানখনে টেংক, গধুৰ অস্ত্র তথা সৈনিকক কম সময়ৰ ভিতৰত নিৰ্ধাৰিত স্থানলৈ নিব পাৰে। চীনৰ বায়ু সেনাই আকাশ মাৰ্গৰে আক্ৰমণৰ বাবেও এই ঘাটিটো প্ৰস্তুত কৰি তোলা বুলি কোৱা হৈছে।
উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত