--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘ৰাখে হৰি মাৰে কোন, মাৰে হৰি ৰাখে কোন’, হয় চিৰিয়াখানা দৰ্শন কৰিবলৈ আহি কথমপি প্ৰাণ ৰক্ষা পৰিল এগৰাকী পৰ্যটকৰ। বন ৰাজক খং উঠোৱাৰ হাতে হাতে ফল পালে এগৰাকী পৰ্যটকে। চিৰিয়াখানালৈ গৈ বনৰজাৰ পিঞ্জৰাৰ একেবাৰে সমুখৰ ফালে থিয় হৈ আছিল তেওঁ। বনৰজাক ওচৰৰ পৰা চোৱাৰ কি যে হাবিয়াস! আশ্চৰ্যকৰ! আশ্চৰ্যকৰ! 

কিন্তু বন ৰজাৰ অনুমতি অবিহনে তেওঁৰ সাক্ষাত্‍ যে একপ্ৰকাৰ অসম্ভৱ সেই কথাই যেন প্ৰমাণ কৰিছে শেহতীয়া এটা ঘটনাই। অচিনাকি মানুহজনক দেখি অলপ যেন বিৰক্ত হ’ল বনৰ ৰজা। কিন্তু তেতিয়াও মানুহজনে গুৰুত্ব নিদিয়াকৈ ব্যস্ত হৈ পৰে বীৰত্ব প্ৰদৰ্শনত। তাতেই লাগিল কেনা।

পিঞ্জৰাৰ ভিতৰত হাত সুমুৱাই পোহনীয়া জন্তুৰ দৰে বনৰজাৰ পিঠিত থপৰিয়াই দিয়াৰ লগে লগে ঘটিল সেই অপ্ৰত্যাশিত ঘটনা। লগে লগে আক্ৰমণ। ব্যক্তিজনৰ হাতত কামুৰিলে বন ৰজাই। হাতখন ছিঙি নিবলৈ প্ৰাণপণ চেষ্টা চলোৱা দেখা গ’ল পশুৰাজক।  অৱশেষত, ব্যক্তিজনে হাতখন টানি আনিলেও ছিঙি যায় হাতৰ আঙুলি।

ঘটনাটো ইমানেই দ্ৰুতগতিত সংঘটিত হৈছিল যে ওচৰত থিয় হৈ থকা পৰ্যটকসকলো স্তম্ভিত হৈ পৰিছিল। লোকজনক উদ্ধাৰ কৰাৰ পাছত ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। জামাইকাৰ এখন চিৰিয়াখানাত সংঘটিত হৈছে এই ঘটনা। সেই ভিডিঅ’টো এতিয়া ভাইৰেল হৈ পৰা দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ