--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘ৰাখে হৰি মাৰে কোন, মাৰে হৰি ৰাখে কোন’, হয় চিৰিয়াখানা দৰ্শন কৰিবলৈ আহি কথমপি প্ৰাণ ৰক্ষা পৰিল এগৰাকী পৰ্যটকৰ। বন ৰাজক খং উঠোৱাৰ হাতে হাতে ফল পালে এগৰাকী পৰ্যটকে। চিৰিয়াখানালৈ গৈ বনৰজাৰ পিঞ্জৰাৰ একেবাৰে সমুখৰ ফালে থিয় হৈ আছিল তেওঁ। বনৰজাক ওচৰৰ পৰা চোৱাৰ কি যে হাবিয়াস! আশ্চৰ্যকৰ! আশ্চৰ্যকৰ! 

কিন্তু বন ৰজাৰ অনুমতি অবিহনে তেওঁৰ সাক্ষাত্‍ যে একপ্ৰকাৰ অসম্ভৱ সেই কথাই যেন প্ৰমাণ কৰিছে শেহতীয়া এটা ঘটনাই। অচিনাকি মানুহজনক দেখি অলপ যেন বিৰক্ত হ’ল বনৰ ৰজা। কিন্তু তেতিয়াও মানুহজনে গুৰুত্ব নিদিয়াকৈ ব্যস্ত হৈ পৰে বীৰত্ব প্ৰদৰ্শনত। তাতেই লাগিল কেনা।

পিঞ্জৰাৰ ভিতৰত হাত সুমুৱাই পোহনীয়া জন্তুৰ দৰে বনৰজাৰ পিঠিত থপৰিয়াই দিয়াৰ লগে লগে ঘটিল সেই অপ্ৰত্যাশিত ঘটনা। লগে লগে আক্ৰমণ। ব্যক্তিজনৰ হাতত কামুৰিলে বন ৰজাই। হাতখন ছিঙি নিবলৈ প্ৰাণপণ চেষ্টা চলোৱা দেখা গ’ল পশুৰাজক।  অৱশেষত, ব্যক্তিজনে হাতখন টানি আনিলেও ছিঙি যায় হাতৰ আঙুলি।

ঘটনাটো ইমানেই দ্ৰুতগতিত সংঘটিত হৈছিল যে ওচৰত থিয় হৈ থকা পৰ্যটকসকলো স্তম্ভিত হৈ পৰিছিল। লোকজনক উদ্ধাৰ কৰাৰ পাছত ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। জামাইকাৰ এখন চিৰিয়াখানাত সংঘটিত হৈছে এই ঘটনা। সেই ভিডিঅ’টো এতিয়া ভাইৰেল হৈ পৰা দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ