--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপৰ পৰা উদ্ভৱ হোৱা মাঙ্কিপক্সৰ শেহতীয়া ঘটনাবোৰক লৈ উদিগ্ন প্ৰকাশ কৰিছে।

বিডেনে লগতে ইয়াকো কয় যে  ভেকছিনে এই নতুন ভাইৰাছৰ সৈতে মোকাবিলা বা ৰোগটোৰ প্ৰভাৱ প্ৰতিৰোধ বা হ্ৰাস কৰিবলৈ সক্ষম হ'ব নে নহয় সেইয়াও এতিয়ালৈকে পোহৰলৈ অহা নাই, হয়তো ইয়াৰ বাবে এক আৰু কিছু সময়ৰ প্ৰয়োজন হব।

ইফালে, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভানে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰত "ভেকছিনৰ পৰ্যাপ্ত যোগান আছে যি মাঙ্কিপক্সৰ চিকিৎসাৰ বাবে প্ৰাসংগিক।"

এতিয়ালৈকে, বিডেনে এই ৰোগসম্পৰ্কে ৰাজহুৱাভাৱে কোনো মন্তব্য কৰা নাছিল। ২২ মে, দেওবাৰে দক্ষিণ কোৰিয়াৰ ওচান এয়াৰ বেছত সংবাদমেল সম্বোধন কৰি তেওঁ কয়, "যদি এই ভাইৰাছ  বিয়পি পৰে তেন্তে ই বিশ্বৰ সকলো দেশৰ বাবে এক চিন্তাৰ বিষয় হৈ পৰিব।

আমেৰিকা যুক্তৰাষ্ট্ৰত মাঙ্কিপক্সৰ ঘটনা
বুধবাৰে, ১৮ মে'ত, আমেৰিকা যুক্তৰাজ্যই এই বছৰ মাঙ্কিপক্সৰ প্ৰথম ঘটনাটো নিশ্চিত কৰিছিল – বৰ্তমান ইউৰোপৰ কিছু অংশত এই ভাইৰাছ ঘটনা বৃদ্ধি হৈ আছে, এই ভাইৰাছ অতি মাৰাত্মক, ভাইৰেল সংক্ৰমণ বুলি জানিব পৰা গৈছে।

সমগ্ৰ ইউৰোপত মাঙ্কিপক্সৰ ১০০ ৰো অধিক ঘটনা নিশ্চিত হোৱাৰ পিছত, বিশ্ব স্বাস্থ্য সংস্থাই শেহতীয়া এই প্ৰাদুৰ্ভাৱৰ বিষয়ে আলোচনা কৰিবলৈ ২০ মে'ত এক জৰুৰী বৈঠক অনুষ্ঠিত কৰিছিল।

২০২১ চনত ইউকেত মাঙ্কিপক্সৰ এটা সৰু গোট ধৰা পৰিছিল। অৱশ্যে, বেলজিয়াম, ফ্ৰান্স, জাৰ্মানী, ইটালী, নেডাৰলেণ্ড, পৰ্তুগাল, স্পেইন আৰু চুইডেনৰ দৰে ইউৰোপৰ দেশবোৰত শেহতীয়াকৈ হোৱা ঘটনাই বিশ্ব স্বাস্থ্য সংস্থাক চিন্তিত কৰি তুলিছে।

ভাৰত চৰকাৰে স্বাস্থ্য বিশেষজ্ঞসকলক বিদেশতো মাঙ্কিপক্সৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ কৈছে। স্বাস্থ্য কৰ্মীসকলক ইউৰোপৰ দেশৰ পৰা অহা সন্দেহজনক বিমান যাত্ৰীসকলক  মানুহক  পৃথক কৰি তেওঁলোকৰ নমুনা অনুসন্ধানৰ বাবে এনআইভি পুনেলৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ