--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ গুৰুতৰ ৰূপ ধাৰণ কৰিছে মাঙ্কিপক্সে। ইউৰোপ আৰু আমেৰিকালৈ এই ভাইৰাছ বিয়পি পৰাৰ পাছত আন তিনিখন নতুন দেশলৈ বিয়পি পৰিছে এই ভাইৰাছ। এই পৰিস্থিতিত, এতিয়া প্ৰশ্ন উত্থাপন হৈছে এয়াই হব নেকি পৰৱৰ্তী মহামাৰী, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। অৱশ্যে, বিশেষজ্ঞসকলে এই বিষয়ত একমত নহয়। অৱশ্যে, ভাৰততো ইতিমধ্যে এই ভাইৰাছক লৈ সতৰ্কতা জাৰি কৰিছে। তামিলনাডুয়ে ইতিমধ্যে পৃথকীকৰণৰ  ব্যৱস্থা কৰিছে যাতে ভাইৰাছ বিয়পি নাযায়। তামিলনাডু চৰকাৰে সোমবাৰে সকলো জিলা দণ্ডাধীশক নতুন নিৰ্দেশ জাৰি কৰিছিল। মাঙ্কিপক্স ধৰা পৰা  দেশৰ পৰা ৰাজ্যলৈ উভতি অহা এজন ব্যক্তিৰ ওপৰত নজৰ ৰাখিবলৈও নিৰ্দেশ দিয়া হৈছে।

 

ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মুখ্য সচিব ড০ জে ৰাধাকৃষ্ণনে কয়, "যিসকলে মাঙ্কিপক্সৰ সামান্যতম লক্ষণ আছে তেওঁলোকক তৎক্ষণাৎ ৰাজ্যখনৰ নিৰ্ধাৰিত স্বাস্থ্য খণ্ডৰ পৰামৰ্শ লোৱা উচিত। নিৰ্দেশনাত জিলা দণ্ডাধীশসকলক কঠোৰ সতৰ্কতা ৰাখিবলৈ অৱগত কৰা হৈছে।

 

মাঙ্কিভাইৰাছ বিশ্বৰ ১৫ খন দেশলৈ বিয়পি পৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, এতিয়ালৈকে ১২ খন দেশত ৯২ জন লোক মাঙ্কিপক্স ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। ভাইৰাছটো অতি সংক্ৰামক বুলি জানিব পৰা গৈছে। এতিয়ালৈকে এই ভাইৰাছ অষ্ট্ৰেলিয়া, বেলজিয়াম, কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, নেডাৰলেণ্ড, পৰ্তুগাল, স্পেইন, চুইডেন, ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰত পোৱা গৈছে।

 

মাঙ্কিপক্স ভাইৰাছে পৰৱৰ্তী মহামাৰীলৈ লৈ ৰূপান্তৰিত হ’ব নেকি?

এই সন্দৰ্ভত জাৰ্মান গৱেষক ফেবিয়ান লিণ্ডাৰ্টজে কয়, "এই ভাইৰাছটোৱে এক নতুন মহামাৰীৰ সৃষ্টি কৰিব বুলি কোৱা টো সম্ভৱ নহয়। কিয়নো মই ভাবো 'কনটেক্স ট্ৰেচিং', টিকাকৰণ আৰু ঔষধব্যৱহাৰৰ ব্যৱহাৰেৰে এই ভাইৰাছ নিয়ন্ত্ৰণ কৰাটো সম্ভৱ। অৰ্থাৎ, এই ভাইৰাছটোৰ বিষয়ে এতিয়া আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই, তেওঁ কয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ