--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ গুৰুতৰ ৰূপ ধাৰণ কৰিছে মাঙ্কিপক্সে। ইউৰোপ আৰু আমেৰিকালৈ এই ভাইৰাছ বিয়পি পৰাৰ পাছত আন তিনিখন নতুন দেশলৈ বিয়পি পৰিছে এই ভাইৰাছ। এই পৰিস্থিতিত, এতিয়া প্ৰশ্ন উত্থাপন হৈছে এয়াই হব নেকি পৰৱৰ্তী মহামাৰী, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। অৱশ্যে, বিশেষজ্ঞসকলে এই বিষয়ত একমত নহয়। অৱশ্যে, ভাৰততো ইতিমধ্যে এই ভাইৰাছক লৈ সতৰ্কতা জাৰি কৰিছে। তামিলনাডুয়ে ইতিমধ্যে পৃথকীকৰণৰ  ব্যৱস্থা কৰিছে যাতে ভাইৰাছ বিয়পি নাযায়। তামিলনাডু চৰকাৰে সোমবাৰে সকলো জিলা দণ্ডাধীশক নতুন নিৰ্দেশ জাৰি কৰিছিল। মাঙ্কিপক্স ধৰা পৰা  দেশৰ পৰা ৰাজ্যলৈ উভতি অহা এজন ব্যক্তিৰ ওপৰত নজৰ ৰাখিবলৈও নিৰ্দেশ দিয়া হৈছে।

 

ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মুখ্য সচিব ড০ জে ৰাধাকৃষ্ণনে কয়, "যিসকলে মাঙ্কিপক্সৰ সামান্যতম লক্ষণ আছে তেওঁলোকক তৎক্ষণাৎ ৰাজ্যখনৰ নিৰ্ধাৰিত স্বাস্থ্য খণ্ডৰ পৰামৰ্শ লোৱা উচিত। নিৰ্দেশনাত জিলা দণ্ডাধীশসকলক কঠোৰ সতৰ্কতা ৰাখিবলৈ অৱগত কৰা হৈছে।

 

মাঙ্কিভাইৰাছ বিশ্বৰ ১৫ খন দেশলৈ বিয়পি পৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, এতিয়ালৈকে ১২ খন দেশত ৯২ জন লোক মাঙ্কিপক্স ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। ভাইৰাছটো অতি সংক্ৰামক বুলি জানিব পৰা গৈছে। এতিয়ালৈকে এই ভাইৰাছ অষ্ট্ৰেলিয়া, বেলজিয়াম, কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, নেডাৰলেণ্ড, পৰ্তুগাল, স্পেইন, চুইডেন, ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰত পোৱা গৈছে।

 

মাঙ্কিপক্স ভাইৰাছে পৰৱৰ্তী মহামাৰীলৈ লৈ ৰূপান্তৰিত হ’ব নেকি?

এই সন্দৰ্ভত জাৰ্মান গৱেষক ফেবিয়ান লিণ্ডাৰ্টজে কয়, "এই ভাইৰাছটোৱে এক নতুন মহামাৰীৰ সৃষ্টি কৰিব বুলি কোৱা টো সম্ভৱ নহয়। কিয়নো মই ভাবো 'কনটেক্স ট্ৰেচিং', টিকাকৰণ আৰু ঔষধব্যৱহাৰৰ ব্যৱহাৰেৰে এই ভাইৰাছ নিয়ন্ত্ৰণ কৰাটো সম্ভৱ। অৰ্থাৎ, এই ভাইৰাছটোৰ বিষয়ে এতিয়া আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই, তেওঁ কয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ