--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অৰ্ধউলংগ অৱস্থাত উদ্ধাৰ হ’ল যুৱতীগৰাকীৰ মৃতদেহ। অভিযুক্ত জগত সিঙৰ স্বীকাৰোক্তিৰ ভিত্তিত উদ্ধাৰ ছাত্ৰীগৰাকীৰ মৃতদেহ। বৃদ্ধ জগত সিঙে ছাত্ৰীগৰাকীৰক হত্যা কৰি নিজৰ দোকানৰ পিছফালে থকা শৌচাগাৰৰ টেংকীত ভৰাই থৈছিল।

ডিজিটেল ডেস্ক: তিতাবৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। অৱশেষত তিতাবৰত চাৰিদিনে নিৰুদ্দিষ্ট ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ। জগত সিঙৰ নামৰ লোকজনৰ দোকানৰ শৌচাগাৰৰ টেংকীত উদ্ধাৰ ছাত্ৰীগৰাকীৰ মৃতদেহ। অভিযুক্ত জগতৰ স্বীকাৰোক্তিৰ ভিত্তিত মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে।


৬৩ বছৰীয়া জগত সিঙে ছাত্ৰীগৰাকীক হত্যা কৰা বুলি ইতিমধ্যে স্বীকাৰ কৰিছে। ছাত্ৰীগৰাকীক হত্যা কৰি শৌচাগাৰৰ টেংকীত ভৰাই থৈছিল জগতে। আজি পুৱতি নিশা ৪ বজাত যুৱতীগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰে আৰক্ষীয়ে।


প্ৰথম ষাণ্মাসিকত অধ্যয়নৰত আছিল যুৱতীগৰাকী। ৭ নৱেম্বৰৰ পুৱা ৯.৩০বজাত ঘৰৰ পৰা ওলাই গৈছিল যুৱতীগৰাকী কিন্তু তেতিয়াৰ পৰা ৰহস্যজনভাৱে নিৰুদ্দেশ হৈ আছিল ছাত্ৰীগৰাকী।


ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৬৩ বছৰীয়া জগত সিঙক। আৰক্ষীৰ জেৰাত লম্পট জগত সিঙৰ নিজৰ কু-কাৰ্য স্বীকাৰ কৰিছে জগতে।


 অভিযোগ অনুসৰি জগত সিঙৰ কুকাণ্ডৰ বাবে ছোৱালীজনী আছিল ৭ মহীয়া অন্তঃসত্বা। সেই কথা স্বীকাৰ কৰিছিল জগত সিঙে।

অৰ্ধউলংগ অৱস্থাত উদ্ধাৰ হ’ল যুৱতীগৰাকীৰ মৃতদেহ। অভিযুক্ত জগত সিঙৰ স্বীকাৰোক্তিৰ ভিত্তিত উদ্ধাৰ ছাত্ৰীগৰাকীৰ মৃতদেহ। বৃদ্ধ জগত সিঙে ছাত্ৰীগৰাকীৰক হত্যা কৰি নিজৰ দোকানৰ পিছফালে থকা শৌচাগাৰৰ টেংকীত ভৰাই থৈছিল। ১৯ বছৰীয়া যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পিছতে সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতিৰ। উত্তেজিত ৰাইজে ভাঙি লণ্ডভণ্ড কৰিলে বেজ জগত সিঙৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বাসগৃহ।


জানিব পৰা মতে হত্যাৰ অভিযুক্ত জগত সিঙে বেজ-বেজালিও কৰে। শিক্ষাৰ্থীৰ পৰীক্ষা ভাল হ’বলৈ পেঞ্চিল, কলম জৰা-ফুকা কৰিছিল। হত্যাৰ অভিযুক্ত জগত সিঙৰ আছিল এখন আশ্ৰমো। অভিযোগ অনুসৰি আশ্ৰমত বহু অপৰাধজনিত ঘটনা সংঘটিত কৰিছিল জগত সিঙে।


হত্যাৰ অভিযুক্ত জগত সিঙক কঠোৰ শাস্তি বিহাৰ দাবী ৰাইজৰ। প্ৰতিবাদকাৰীয়ে লণ্ডভণ্ড কৰে জগত সিঙৰ দোকান।


ঘটনাৰ পিছতে তিতাবৰ থানাৰ OC লক্ষ্মণ প্ৰসাদ দাসক অপসাৰণ। নিৰুদ্দিষ্ট ছাত্ৰীগৰাকীৰ সন্ধান উলিওৱাত কোনো গুৰুত্ব দিয়া নাছিল লক্ষ্মণ প্ৰসাদ দাসে। যোৰহাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে কৰিছে অপসাৰণ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জম্মু-কাশ্মীৰৰ ১৫০০ স্থানত তালাচী, পাঁচ শতাধিক লোকক আটক
১২ দিনত উপার্জন ২০ কোটি টকা, সফলতাৰ শিখৰত 'ৰৈ ৰৈ বিনালে'
ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী অঞ্চলত ভাৰতীয় জালনোটসহ এজন যুৱক আটক
ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ সফল অভিযান, লক্ষীপুৰত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন
ৰাজ্যত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু , এমাহৰ ভিতৰতে চাৰিটাকৈ বন্যহস্তীৰ মৃত্যু ওদালগুৰিত
দিল্লী ৰক্তাক্ত কৰা ৫ ডাক্তৰৰ গেং
দুবৰি বনৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ! জানিলে আচৰিত হʼব আপুনি
তিৰুপতি মন্দিৰলৈ ২৫০ কোটি টকাৰ ভেজাল ঘিউ
ৰূপহীহাটৰ ঔআনাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ক'ফ চিৰাফ জব্দ; আটক ৰফিকুল ইছলাম
কেপচিকামৰ নানা স্বাস্থ্য উপকাৰী গুণ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?