--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অৰ্ধউলংগ অৱস্থাত উদ্ধাৰ হ’ল যুৱতীগৰাকীৰ মৃতদেহ। অভিযুক্ত জগত সিঙৰ স্বীকাৰোক্তিৰ ভিত্তিত উদ্ধাৰ ছাত্ৰীগৰাকীৰ মৃতদেহ। বৃদ্ধ জগত সিঙে ছাত্ৰীগৰাকীৰক হত্যা কৰি নিজৰ দোকানৰ পিছফালে থকা শৌচাগাৰৰ টেংকীত ভৰাই থৈছিল।

ডিজিটেল ডেস্ক: তিতাবৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। অৱশেষত তিতাবৰত চাৰিদিনে নিৰুদ্দিষ্ট ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ। জগত সিঙৰ নামৰ লোকজনৰ দোকানৰ শৌচাগাৰৰ টেংকীত উদ্ধাৰ ছাত্ৰীগৰাকীৰ মৃতদেহ। অভিযুক্ত জগতৰ স্বীকাৰোক্তিৰ ভিত্তিত মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে।


৬৩ বছৰীয়া জগত সিঙে ছাত্ৰীগৰাকীক হত্যা কৰা বুলি ইতিমধ্যে স্বীকাৰ কৰিছে। ছাত্ৰীগৰাকীক হত্যা কৰি শৌচাগাৰৰ টেংকীত ভৰাই থৈছিল জগতে। আজি পুৱতি নিশা ৪ বজাত যুৱতীগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰে আৰক্ষীয়ে।


প্ৰথম ষাণ্মাসিকত অধ্যয়নৰত আছিল যুৱতীগৰাকী। ৭ নৱেম্বৰৰ পুৱা ৯.৩০বজাত ঘৰৰ পৰা ওলাই গৈছিল যুৱতীগৰাকী কিন্তু তেতিয়াৰ পৰা ৰহস্যজনভাৱে নিৰুদ্দেশ হৈ আছিল ছাত্ৰীগৰাকী।


ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৬৩ বছৰীয়া জগত সিঙক। আৰক্ষীৰ জেৰাত লম্পট জগত সিঙৰ নিজৰ কু-কাৰ্য স্বীকাৰ কৰিছে জগতে।


 অভিযোগ অনুসৰি জগত সিঙৰ কুকাণ্ডৰ বাবে ছোৱালীজনী আছিল ৭ মহীয়া অন্তঃসত্বা। সেই কথা স্বীকাৰ কৰিছিল জগত সিঙে।

অৰ্ধউলংগ অৱস্থাত উদ্ধাৰ হ’ল যুৱতীগৰাকীৰ মৃতদেহ। অভিযুক্ত জগত সিঙৰ স্বীকাৰোক্তিৰ ভিত্তিত উদ্ধাৰ ছাত্ৰীগৰাকীৰ মৃতদেহ। বৃদ্ধ জগত সিঙে ছাত্ৰীগৰাকীৰক হত্যা কৰি নিজৰ দোকানৰ পিছফালে থকা শৌচাগাৰৰ টেংকীত ভৰাই থৈছিল। ১৯ বছৰীয়া যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পিছতে সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতিৰ। উত্তেজিত ৰাইজে ভাঙি লণ্ডভণ্ড কৰিলে বেজ জগত সিঙৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বাসগৃহ।


জানিব পৰা মতে হত্যাৰ অভিযুক্ত জগত সিঙে বেজ-বেজালিও কৰে। শিক্ষাৰ্থীৰ পৰীক্ষা ভাল হ’বলৈ পেঞ্চিল, কলম জৰা-ফুকা কৰিছিল। হত্যাৰ অভিযুক্ত জগত সিঙৰ আছিল এখন আশ্ৰমো। অভিযোগ অনুসৰি আশ্ৰমত বহু অপৰাধজনিত ঘটনা সংঘটিত কৰিছিল জগত সিঙে।


হত্যাৰ অভিযুক্ত জগত সিঙক কঠোৰ শাস্তি বিহাৰ দাবী ৰাইজৰ। প্ৰতিবাদকাৰীয়ে লণ্ডভণ্ড কৰে জগত সিঙৰ দোকান।


ঘটনাৰ পিছতে তিতাবৰ থানাৰ OC লক্ষ্মণ প্ৰসাদ দাসক অপসাৰণ। নিৰুদ্দিষ্ট ছাত্ৰীগৰাকীৰ সন্ধান উলিওৱাত কোনো গুৰুত্ব দিয়া নাছিল লক্ষ্মণ প্ৰসাদ দাসে। যোৰহাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে কৰিছে অপসাৰণ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ