--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গৰৈমাৰী টাউন ক্লাব খেলপথাৰত অনুষ্ঠিত হয় দশম বাৰ্ষিক যুৱ মহোৎসৱ৷ উক্ত যুৱ মহোৎসৱত সাংবাদিকসহ ৩ গৰাকী বিশিষ্ট ব্যক্তিক ব্ৰহ্মপুত্ৰ ভেলী সন্মান - ২০২৫ প্ৰদান কৰা হয় ৷

ডিজিটেল ডেস্কঃ দক্ষিণ কামৰূপৰ গৰৈমাৰীত ৰাজ ফাউণ্ডেচন'ৰ উদ্যোগত আৰু ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ সহযোগত দেওবাৰে সন্ধিয়া দশম বাৰ্ষিক যুৱ মহোৎসৱৰ সফল সামৰণি পৰে।


উল্লেখ্য যে ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গৰৈমাৰী টাউন ক্লাব খেলপথাৰত অনুষ্ঠিত হয় দশম বাৰ্ষিক যুৱ মহোৎসৱ৷ উক্ত যুৱ মহোৎসৱত সাংবাদিকসহ ৩ গৰাকী বিশিষ্ট ব্যক্তিক ব্ৰহ্মপুত্ৰ ভেলী সন্মান - ২০২৫ প্ৰদান কৰা হয় ৷


ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ সভাপতি নুৰুল ইছলামৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ খাদী ও গ্ৰামোদ্যোগ ব'ৰ্ডৰ অধ্যক্ষ ডাঃ কমলা কান্ত কলিতা৷


উক্ত সভাত গৰৈমাৰীৰ প্ৰাগ নিউজৰ সাংবাদিক তথা GKS প্ৰেছ ক্লাৱৰ উপদেষ্টাক বিশিষ্ট সাংবাদিক বঁটা প্ৰদান কৰাৰ লগতে আন দুগৰাকী ব্যক্তি ক্ৰমে বিশিষ্ট সাহিত্যিক পংকজ কলিতা,বিশিষ্ট শিক্ষাবিদ মনচুৰ ৰহমান খানক ব্ৰহ্মপুত্ৰ ভেলী একাডেমী সন্মান ২০২৫ প্ৰদান কৰা হয়।


আনহাতে মুখ্য অতিথি ডা: কমলাকান্ত কলিতাই ভাষণ প্ৰসংগত কয় যে - এচাম ৰাজনৈতিক দলে অসমৰ সমাজ গঠন প্ৰক্ৰিয়াক ছিন্ন-বিচ্ছিন্ন কৰি ভাগ ভাগ কৰাৰ প্ৰয়াস কৰিছে৷ ঠিক সেই সময়তে ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীসকলে এখন বৃহৎ সুস্থ সমাজ গঠন কৰাৰ কাৰণে আৰু অসমীয়াৰ মূল সুঁতিৰ সংস্কৃতিক আগবঢ়াই লৈ যোৱাৰ বাবে কৰা প্ৰয়াসক ডাঃ কমলাকান্ত কলিতাই শলাগ লয়৷ তেওঁলোকৰ এই প্ৰয়াসে ভবিষ্যতত আমাৰ জাতিটোক আগবঢ়াই লৈ যোৱাত সহায় কৰিব বুলি কয় ডাঃ কমলা কান্ত কলিতাই৷


উক্ত অনুষ্ঠানৰ শেষত ফ্লৰিনা গগৈয়ে নৃত্য পৰিবেশন কৰাৰ লগতে কণ্ঠশিল্পী নাহিদ আফ্ৰিনে গীত গাই হাজাৰ হাজাৰ দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ