--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গৰৈমাৰী টাউন ক্লাব খেলপথাৰত অনুষ্ঠিত হয় দশম বাৰ্ষিক যুৱ মহোৎসৱ৷ উক্ত যুৱ মহোৎসৱত সাংবাদিকসহ ৩ গৰাকী বিশিষ্ট ব্যক্তিক ব্ৰহ্মপুত্ৰ ভেলী সন্মান - ২০২৫ প্ৰদান কৰা হয় ৷

ডিজিটেল ডেস্কঃ দক্ষিণ কামৰূপৰ গৰৈমাৰীত ৰাজ ফাউণ্ডেচন'ৰ উদ্যোগত আৰু ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ সহযোগত দেওবাৰে সন্ধিয়া দশম বাৰ্ষিক যুৱ মহোৎসৱৰ সফল সামৰণি পৰে।

উল্লেখ্য যে ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গৰৈমাৰী টাউন ক্লাব খেলপথাৰত অনুষ্ঠিত হয় দশম বাৰ্ষিক যুৱ মহোৎসৱ৷ উক্ত যুৱ মহোৎসৱত সাংবাদিকসহ ৩ গৰাকী বিশিষ্ট ব্যক্তিক ব্ৰহ্মপুত্ৰ ভেলী সন্মান - ২০২৫ প্ৰদান কৰা হয় ৷

ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ সভাপতি নুৰুল ইছলামৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ খাদী ও গ্ৰামোদ্যোগ ব'ৰ্ডৰ অধ্যক্ষ ডাঃ কমলা কান্ত কলিতা৷

উক্ত সভাত গৰৈমাৰীৰ প্ৰাগ নিউজৰ সাংবাদিক তথা GKS প্ৰেছ ক্লাৱৰ উপদেষ্টাক বিশিষ্ট সাংবাদিক বঁটা প্ৰদান কৰাৰ লগতে আন দুগৰাকী ব্যক্তি ক্ৰমে বিশিষ্ট সাহিত্যিক পংকজ কলিতা,বিশিষ্ট শিক্ষাবিদ মনচুৰ ৰহমান খানক ব্ৰহ্মপুত্ৰ ভেলী একাডেমী সন্মান ২০২৫ প্ৰদান কৰা হয়।

আনহাতে মুখ্য অতিথি ডা: কমলাকান্ত কলিতাই ভাষণ প্ৰসংগত কয় যে - এচাম ৰাজনৈতিক দলে অসমৰ সমাজ গঠন প্ৰক্ৰিয়াক ছিন্ন-বিচ্ছিন্ন কৰি ভাগ ভাগ কৰাৰ প্ৰয়াস কৰিছে৷ ঠিক সেই সময়তে ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীসকলে এখন বৃহৎ সুস্থ সমাজ গঠন কৰাৰ কাৰণে আৰু অসমীয়াৰ মূল সুঁতিৰ সংস্কৃতিক আগবঢ়াই লৈ যোৱাৰ বাবে কৰা প্ৰয়াসক ডাঃ কমলাকান্ত কলিতাই শলাগ লয়৷ তেওঁলোকৰ এই প্ৰয়াসে ভবিষ্যতত আমাৰ জাতিটোক আগবঢ়াই লৈ যোৱাত সহায় কৰিব বুলি কয় ডাঃ কমলা কান্ত কলিতাই৷

উক্ত অনুষ্ঠানৰ শেষত ফ্লৰিনা গগৈয়ে নৃত্য পৰিবেশন কৰাৰ লগতে কণ্ঠশিল্পী নাহিদ আফ্ৰিনে গীত গাই হাজাৰ হাজাৰ দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ