--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সপোনৰ নিজস্ব এখন বেলেগ পৃথিৱী আছে। শুই থকাৰ সময়ত আমি বিভিন্ন সপোন দেখো। কিছুমান মনত ৰৈ যায় আৰু কিছুমান লগালগ পাহৰি যাওঁ। সপোন শাস্ত্ৰৰ মতে সপোনে আমাক ভৱিষ্যতৰ বিষয়ে বহু ধৰণৰ তথ্য দিয়ে। কি সপোনে কি ইংগিত দিয়ে সপোন শাস্ত্ৰত সেই বিষয়ে উল্লেখ কৰা আছে। সপোন শাস্ত্ৰৰ মতে পুৱা ৩ বজাৰ পৰা ৫ বজাৰ ভিতৰত দেখা সপোনবোৰ প্ৰায়ে ফলিয়ায়। এই সময়ত দেখা বহুতো সপোনে আমাক জীৱনৰ বহু দিশৰ বিষয়ে ইংগিত দিয়ে। ব্রহ্মমুহূর্তত দেখা কি সপোনে কি ইংগিত বহন কৰে সেয়া জানো আহক।

১)হাতত শস্য লৈ থকাঃ এজন ব্যক্তিয়ে যদি সপোনত হাতত যিকোনো শস্য লৈ থকাৰ সপোন দেখে আৰু তেওঁৰ লগালগ যদি টোপনি ভাঙি যায় তেন্তে তাৰ অৰ্থ হ’ল সেই মানুহজনে বহুত টকা লাভ কৰিবলৈ গৈ আছে।

২) আনন্দ কৰি থকা সৰু ল'ৰা-ছোৱালীঃ সপোনশাস্ত্ৰ অনুসৰি এজন ব্যক্তিয়ে যদি সপোনত সৰু ল’ৰা-ছোৱালীক আনন্দ কৰি থকা দেখে তেন্তে সেয়াও ধনী হোৱাৰ লক্ষণ।

৩)পানীৰে ভৰা কলহঃ সপোনত পানীৰে ভৰা কলহ দেখিলে তাৰ অৰ্থ হ’ল আপুনি টকা লাভ কৰিব। একে সময়তে যদি আপুনি ব্ৰহ্ম মুহুৰ্তত মাটিৰ পাত্ৰ দেখা পায় তেন্তে সেইটোও শুভ বুলি গণ্য কৰা হয়। এনে সপোন দেখি এজন ব্যক্তিয়ে অপাৰ ধন-সম্পত্তি লাভ কৰে।

৪)নৈত নিজে গা ধুই থকাঃ যদি আপুনি সপোনত ব্ৰহ্ম মুহুৰ্তৰ সময়ত নদীত গা ধুই থকা দেখিছে তেন্তে সেইটোও অতি শুভ আৰু ফলপ্ৰসূ সপোন। যেতিয়া এনে সপোন দেখা যায় তেতিয়া আপুনি কাৰোবাক ধাৰ দিয়া টকাখিনি সোনকালে ঘূৰাই পায়।

৫)নিজৰ ভঙা দাঁত দেখাঃ যদি কোনোবাই সপোনত দাঁত ভাঙি যোৱা দেখিছে তেন্তে সপোনশাস্ত্ৰ অনুসৰি এনে সপোনে চাকৰিৰ ব্যৱসায়ত লাভ পোৱাৰ ইংগিত দিয়ে।

৬)ইণ্টাৰভিউ দিয়াঃ যদি আপুনি সপোনত নিজকে চাকৰিৰ বাবে ইণ্টাৰভিউ দিয়া দেখিছে তেন্তে এইটো বুজিব যে আপুনি আৰ্থিক সুবিধা লাভ কৰিবলৈ গৈ আছে। 

৭)পূৰ্বপুৰুষক দেখাঃ সপোনত পূৰ্বপুৰুষক দেখিলেও যিকোনো লাভ হোৱাৰ ইংগিত বহন কৰে।
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ