--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সপোনৰ নিজস্ব এখন বেলেগ পৃথিৱী আছে। শুই থকাৰ সময়ত আমি বিভিন্ন সপোন দেখো। কিছুমান মনত ৰৈ যায় আৰু কিছুমান লগালগ পাহৰি যাওঁ। সপোন শাস্ত্ৰৰ মতে সপোনে আমাক ভৱিষ্যতৰ বিষয়ে বহু ধৰণৰ তথ্য দিয়ে। কি সপোনে কি ইংগিত দিয়ে সপোন শাস্ত্ৰত সেই বিষয়ে উল্লেখ কৰা আছে। সপোন শাস্ত্ৰৰ মতে পুৱা ৩ বজাৰ পৰা ৫ বজাৰ ভিতৰত দেখা সপোনবোৰ প্ৰায়ে ফলিয়ায়। এই সময়ত দেখা বহুতো সপোনে আমাক জীৱনৰ বহু দিশৰ বিষয়ে ইংগিত দিয়ে। ব্রহ্মমুহূর্তত দেখা কি সপোনে কি ইংগিত বহন কৰে সেয়া জানো আহক।

১)হাতত শস্য লৈ থকাঃ এজন ব্যক্তিয়ে যদি সপোনত হাতত যিকোনো শস্য লৈ থকাৰ সপোন দেখে আৰু তেওঁৰ লগালগ যদি টোপনি ভাঙি যায় তেন্তে তাৰ অৰ্থ হ’ল সেই মানুহজনে বহুত টকা লাভ কৰিবলৈ গৈ আছে।

২) আনন্দ কৰি থকা সৰু ল'ৰা-ছোৱালীঃ সপোনশাস্ত্ৰ অনুসৰি এজন ব্যক্তিয়ে যদি সপোনত সৰু ল’ৰা-ছোৱালীক আনন্দ কৰি থকা দেখে তেন্তে সেয়াও ধনী হোৱাৰ লক্ষণ।

৩)পানীৰে ভৰা কলহঃ সপোনত পানীৰে ভৰা কলহ দেখিলে তাৰ অৰ্থ হ’ল আপুনি টকা লাভ কৰিব। একে সময়তে যদি আপুনি ব্ৰহ্ম মুহুৰ্তত মাটিৰ পাত্ৰ দেখা পায় তেন্তে সেইটোও শুভ বুলি গণ্য কৰা হয়। এনে সপোন দেখি এজন ব্যক্তিয়ে অপাৰ ধন-সম্পত্তি লাভ কৰে।

৪)নৈত নিজে গা ধুই থকাঃ যদি আপুনি সপোনত ব্ৰহ্ম মুহুৰ্তৰ সময়ত নদীত গা ধুই থকা দেখিছে তেন্তে সেইটোও অতি শুভ আৰু ফলপ্ৰসূ সপোন। যেতিয়া এনে সপোন দেখা যায় তেতিয়া আপুনি কাৰোবাক ধাৰ দিয়া টকাখিনি সোনকালে ঘূৰাই পায়।

৫)নিজৰ ভঙা দাঁত দেখাঃ যদি কোনোবাই সপোনত দাঁত ভাঙি যোৱা দেখিছে তেন্তে সপোনশাস্ত্ৰ অনুসৰি এনে সপোনে চাকৰিৰ ব্যৱসায়ত লাভ পোৱাৰ ইংগিত দিয়ে।

৬)ইণ্টাৰভিউ দিয়াঃ যদি আপুনি সপোনত নিজকে চাকৰিৰ বাবে ইণ্টাৰভিউ দিয়া দেখিছে তেন্তে এইটো বুজিব যে আপুনি আৰ্থিক সুবিধা লাভ কৰিবলৈ গৈ আছে। 

৭)পূৰ্বপুৰুষক দেখাঃ সপোনত পূৰ্বপুৰুষক দেখিলেও যিকোনো লাভ হোৱাৰ ইংগিত বহন কৰে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ