ডিজিটেল ডেস্ক: অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগুৱে সমাগত চতুর্থ য়ুথ অলিম্পিকত ভাৰতক প্রতিনিধিত্ব কৰিব। আফ্রিকা মহাদেশৰ ছেনেগালৰ ডাকাৰত হ'ব লগা এই যুৱ অলিম্পিকত তীর্থাংকই ল'ৰাৰ ১০০ আৰু ২০০ মিটাৰ বাটাৰফ্লাই ইভেণ্টত প্রতিদ্বন্দ্বিতা কৰিব।
অহা ৩১ অক্টোবৰৰ পৰা ১৩ নৱেম্বৰলৈ অনুষ্ঠিত হ'ব লগা এই অলিম্পিকত বিশ্বৰ বিভিন্ন দেশৰ ২৭০০ প্রতিযোগীয়ে অংশগ্রহণ কৰিব। ভাৰতৰ ১৭ জনীয়া দলত আছে ১১গৰাকী ছোৱালী আৰু ৬জন ল'ৰা।
অসমৰ যোৰহাটৰ লিচুবাৰী ক্লাবকোড ৰামকৃষ্ণনগৰৰ প্ৰয়াত কুনাল পেগু আৰু প্রতিমা পেগুৰ সন্তানজন বর্তমান কর্ণাটকৰ বালাৰীৰ ইনস্পায়াৰ ইনষ্টিটিউট অব্ স্প'র্টছ চমুকৈ আই আই এছত প্রশিক্ষণ গ্রহণ কৰি আছে।
তীর্থাংকৰ পূৰ্বে অসমৰ অলিম্পিয়ান বক্সাৰ শিৱ থাপাই ২০১০ চনত ছিংগাপুৰৰ প্ৰথম য়ুথ অলিম্পিকত বক্সিঙত ভাৰতক প্রতিনিধিত্ব কৰি ৰূপৰ পদক অর্জন কৰিছিল। তদুপৰি ক্রীড়া সাংবাদিক কল্যাণ সন্থা, অসমে ২০২৫ বৰ্ষত প্রদান কৰা এন আৰ এল প্রতিশ্রুতি সম্পন্ন খেলুৱৈৰ নগদ ধনৰ বঁটা লাভ কৰিবলৈও সক্ষম হৈছিল।
উৎস: দৈনিক জনমভূমি