--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নেটিজেনৰ ঔকিল খাই অৱশেষত টিঙৰ পৰা নামিল বাংলা সংগীতশিল্পী ৰূপংকৰ বাগচী। হিন্দী ছবিজগতৰ জনপ্ৰিয় কণ্ঠশিল্পী কে কে সন্দৰ্ভত অবাঞ্চিত মন্তব্য কৰি বিতৰ্কৰ কেন্দ্ৰ হৈ পৰিছিল ৰূপংকৰ। ৩১ মে’ৰ দিনা এক আকস্মিক দুঃখবৰে যেতিয়া সমগ্ৰ দেশকে শোকাহত কৰি তুলিছিল সেই সময়তে ৰূপংকৰ বাগচীৰ মন্তব্যক লৈ তোলপাৰ লাগিছিল ছ’চিয়েল মিডিয়া।

 

কলকাতাৰ নজৰুল মঞ্চকত সংগীতানুষ্ঠান পৰিৱেশৰ পাছত অসুস্থ হৈ মৃত্যুবৰণ কৰিছিল জনপ্ৰিয় কণ্ঠশিল্পী কে কেই। আৰু তাৰ পাছতে ৰূপংকৰৰ এঠা ভিডিঅ’ক লৈ একপ্ৰকাৰ জুই লাগিছিল ছ’চিয়েল মিডিয়াত। ৰূপংকৰে এটা ভিডিঅ’ প্ৰস্তুত কৰি চৰম ঔদ্ধত্যৰে প্ৰশ্ন কৰিছিল, কোন কে কে? তাৰ পাছত তেওঁক নেটিজেনে সমালোচনাৰে থুকুচি পেলায়।

 

নেটিজেনৰ ঔকিল, আৰু তিক্ত-বিৰক্ত সমালোচনাৰ পাছত এতিয়া টিঙৰ পৰা নামিছে ৰূপংকৰ বাগচী। তেওঁ কে কেৰ পৰিয়ালৰ ওচৰত তেওঁ কৰা মন্তব্যৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে। ৰাজহুৱাভাৱে শিল্পীগৰাকীৰ পৰিয়াললৈ ক্ষমা প্ৰাৰ্থনা কৰিছে ৰূপংকৰে।

 

উল্লেখ্য যে, কে কে সন্দৰ্ভত ভালেমান আপত্তিজনক মন্তব্য কৰিছিল ৰূপংকৰে। তেওঁ এটা ফেচবুক লাইভত কৈছিল, ‘কে কেৰ গীত শুনাৰ পাছত মই উপলব্ধি কৰিছোঁ যে, আমি সকলো গায়কেই কে কেতকৈ বেছি ভাল। আমি সকলোৱে তেওঁতকৈ ভাল গাওঁ। কিহৰ বাবে এই উত্তেজনা? চাৰিওফালে কেৱল কে কে, কে কে, কে কে? কোন কে কে? আমি কে কে তকৈ বেছি ভাল গায়ক।’ শিল্পীগৰাকীৰ মৃত্যুৰ শোতে আচ্ছন্ন কৰি ৰখা অনুৰাগীসকলে ৰূপংকৰৰ এই অবাঞ্চিত আৰু অশিল্পীসুলভ মন্তব্যক লৈ গৰজি উঠে। তেওঁক সমালোচনাৰে থকা-সৰকা কৰি পেলায় নেটিজেনে। আনকি তেওঁৰ পেচাদাৰী জীৱনতো এই বিতৰ্কৰ প্ৰভাৱ পৰা পৰিলক্ষিত হয়।

এনে পৰিস্থিতিত অৱশেষত টিঙৰ পৰা নামিবলৈ বাধ্য হয় ৰূপংকৰ। তেওঁৰ জীৱনলৈও ভাবুকি অহা বুলি তেওঁ শেহতীয়াকৈ মন্তব্য কৰিছে। ৰূপংকৰৰ দৰে এগৰাকী সংবেদনশীল গায়কৰ এনে মন্তব্যক কিন্তু সংগীতানুৰাগীয়ে মুঠেও সহজভাৱে লোৱা নাই।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ