--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নেটিজেনৰ ঔকিল খাই অৱশেষত টিঙৰ পৰা নামিল বাংলা সংগীতশিল্পী ৰূপংকৰ বাগচী। হিন্দী ছবিজগতৰ জনপ্ৰিয় কণ্ঠশিল্পী কে কে সন্দৰ্ভত অবাঞ্চিত মন্তব্য কৰি বিতৰ্কৰ কেন্দ্ৰ হৈ পৰিছিল ৰূপংকৰ। ৩১ মে’ৰ দিনা এক আকস্মিক দুঃখবৰে যেতিয়া সমগ্ৰ দেশকে শোকাহত কৰি তুলিছিল সেই সময়তে ৰূপংকৰ বাগচীৰ মন্তব্যক লৈ তোলপাৰ লাগিছিল ছ’চিয়েল মিডিয়া।

 

কলকাতাৰ নজৰুল মঞ্চকত সংগীতানুষ্ঠান পৰিৱেশৰ পাছত অসুস্থ হৈ মৃত্যুবৰণ কৰিছিল জনপ্ৰিয় কণ্ঠশিল্পী কে কেই। আৰু তাৰ পাছতে ৰূপংকৰৰ এঠা ভিডিঅ’ক লৈ একপ্ৰকাৰ জুই লাগিছিল ছ’চিয়েল মিডিয়াত। ৰূপংকৰে এটা ভিডিঅ’ প্ৰস্তুত কৰি চৰম ঔদ্ধত্যৰে প্ৰশ্ন কৰিছিল, কোন কে কে? তাৰ পাছত তেওঁক নেটিজেনে সমালোচনাৰে থুকুচি পেলায়।

 

নেটিজেনৰ ঔকিল, আৰু তিক্ত-বিৰক্ত সমালোচনাৰ পাছত এতিয়া টিঙৰ পৰা নামিছে ৰূপংকৰ বাগচী। তেওঁ কে কেৰ পৰিয়ালৰ ওচৰত তেওঁ কৰা মন্তব্যৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে। ৰাজহুৱাভাৱে শিল্পীগৰাকীৰ পৰিয়াললৈ ক্ষমা প্ৰাৰ্থনা কৰিছে ৰূপংকৰে।

 

উল্লেখ্য যে, কে কে সন্দৰ্ভত ভালেমান আপত্তিজনক মন্তব্য কৰিছিল ৰূপংকৰে। তেওঁ এটা ফেচবুক লাইভত কৈছিল, ‘কে কেৰ গীত শুনাৰ পাছত মই উপলব্ধি কৰিছোঁ যে, আমি সকলো গায়কেই কে কেতকৈ বেছি ভাল। আমি সকলোৱে তেওঁতকৈ ভাল গাওঁ। কিহৰ বাবে এই উত্তেজনা? চাৰিওফালে কেৱল কে কে, কে কে, কে কে? কোন কে কে? আমি কে কে তকৈ বেছি ভাল গায়ক।’ শিল্পীগৰাকীৰ মৃত্যুৰ শোতে আচ্ছন্ন কৰি ৰখা অনুৰাগীসকলে ৰূপংকৰৰ এই অবাঞ্চিত আৰু অশিল্পীসুলভ মন্তব্যক লৈ গৰজি উঠে। তেওঁক সমালোচনাৰে থকা-সৰকা কৰি পেলায় নেটিজেনে। আনকি তেওঁৰ পেচাদাৰী জীৱনতো এই বিতৰ্কৰ প্ৰভাৱ পৰা পৰিলক্ষিত হয়।

এনে পৰিস্থিতিত অৱশেষত টিঙৰ পৰা নামিবলৈ বাধ্য হয় ৰূপংকৰ। তেওঁৰ জীৱনলৈও ভাবুকি অহা বুলি তেওঁ শেহতীয়াকৈ মন্তব্য কৰিছে। ৰূপংকৰৰ দৰে এগৰাকী সংবেদনশীল গায়কৰ এনে মন্তব্যক কিন্তু সংগীতানুৰাগীয়ে মুঠেও সহজভাৱে লোৱা নাই।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ