--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মৰ ৰীতি অনুসৰি বৃহস্পতিবাৰটো ভগৱান বিষ্ণু আৰু দেৱগুৰু বৃহস্পতিৰ নামত উচৰ্গা কৰা হৈছে। ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটোত যদি শ্ৰীহৰি পূজা কৰা হয়, তেন্তে এজন ব্যক্তিৰ সকলো দুখ-কষ্ট ব্যৰ্থতা দূৰ হৈ যায়। অতীজৰে পৰা বৃহস্পতিবাৰটোক শ্ৰীহৰিৰ আৰাধনা কৰাৰ বাবে শুভ বুলি গণ্য কৰা হয়। কোৱা হয়,পবিত্ৰ মনেৰে তেওঁৰ পুজা কৰাজনৰ সকলো মনোবাঞ্চা ভগৱান বিষ্ণুৱে পূৰণ কৰেই। 

হিন্দু ধৰ্ম শাস্ত্ৰ মতেও বিষ্ণুৰ পূজা বিধি অনুসৰি কৰিলে জীৱনৰ সকলো সংকটৰ পৰা পৰিত্ৰাণ পাব পাৰি আৰু পাপো খণ্ডন হয়।প্ৰতিজন ব্যক্তিয়ে জীৱনত ধনী হ'ব বিচাৰে। সকলো বস্তুগত সুখ উপভোগ কৰিব বিচাৰে। ইয়াৰ বাবে মানুহেও কঠোৰ পৰিশ্ৰম কৰে। কিছুমান মানুহে বিশেষ কষ্ট নকৰাকৈয়ে সহজে টকা উপাৰ্জন কৰে। কিছুমান মানুহে গোটেই জীৱন কঠোৰ পৰিশ্ৰম কৰিব লগা হয়, কিন্তু সফলতা যেন তেওঁলোকৰ হাতত নাই। ভগৱান বিষ্ণু জগতৰ ৰক্ষক। তেওঁৰ কৃপাতহে মানুহে জীৱনৰ প্ৰতিটো সমস্যা অতিক্ৰম কৰিব পাৰে। ভগৱান বিষ্ণুৱে প্ৰতিজন ভক্তৰ ওপৰত আশীৰ্বাদৰ বৰষুণ কৰে।

বৃহস্পতিবাৰৰ দিনটো ভগৱান বিষ্ণু আৰু দেৱ গুৰু বৃহস্পতিৰ দিন বুলি জনা যায়। হালধীয়া ৰঙটো দুয়োগৰাকীৰে প্ৰিয়। সেয়েহে বৃহস্পতিবাৰৰ পূজাত হালধীয়া সামগ্ৰীৰ বিশেষ ব্যৱহাৰ কৰা হয়। দেৱ-দেৱীৰ পূজাত হালধিৰ বিশেষ স্থান আছে। হিন্দু ধৰ্মত হালধিক বহু শুভ হিচাপে ধৰা হয়। হালধিয়ে কেৱল স্বাস্থ্যই নহয় আপোনাৰ ভাগ্যও ভাল কৰে। শাস্ত্ৰত হালধিৰ বহু উপকাৰৰ কথা উল্লেখ আছে যাৰ দ্বাৰা বহুতো সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰি। জ্যোতিষশাস্ত্ৰৰ মতে হালধিয়ে সকলো সমস্যাৰ সমাধান কৰে। গতিকে বৃহস্পতিবাৰৰ পূজাত ব্যৱহাৰ কৰা হালধিৰ গুণসমূহনো কি জানো আহক। 




আৰ্থিক দিশত লাভ –
আৰ্থিক সমস্যাৰ পৰা মুক্তি পাবলৈ প্ৰত্যেক বৃহস্পতিবাৰে গা ধোৱা পানীত অলপ হালধি মিহলি কৰি স্নান কৰক। ইয়াৰ দ্বাৰা বৃহস্পতি গ্ৰহ মজবুত হয়। ব্যৱসায়ত উন্নতি আৰু চাকৰি লাভ হয় ।

বিবাহৰ বাধা ৰোধ –
সোঁৱৰণীত বৃহস্পতি গুৰু দুৰ্বল হ’লে বিয়াত বাধা জন্মে। বিয়াৰ বাধা দূৰ কৰিবলৈ বৃহস্পতিবাৰে হালধি দান কৰক । ইয়াৰ দ্বাৰা বৃহস্পতি মজবুত হয় আৰু মনে বিচৰা জীৱন সংগী লাভ কৰে ।

কন্দল নাশ –
ঘৰুৱা সমস্যাৰ সন্মুখীন প্ৰত্যেক মানুহেই হয়। কেতিয়াবা ঘৰত বিনা কাৰণত কন্দলৰ সৃষ্টি হয়। তেনে ক্ষেত্ৰত হালধিৰ এইটো উপায়ে বহু ফলপ্ৰসু কাম দিয়ে। ঘৰুৱা কন্দলৰ পৰা হাত সাৰিবলৈ ঘৰৰ বাহিৰত হালধিৰে ৰেখা অংকন কৰক। যিয়ে ঘৰত শান্তি অটুট ৰখাত সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ