--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন প্ৰান্তত বায়ু প্ৰদূষণ ক্ৰমান্বয়ে তীব্ৰ হৈ পৰিছে।শীতকাল অহাৰ লগে লগে প্ৰদূষণৰ মাত্ৰা অধিক বৃদ্ধি পাইছে।  যদি এনে অৱস্থা  অব্যাহত থাকে তেন্তে  পৰৱৰ্তী প্ৰজন্মৰ বাবে   প্ৰদূষণে এক ভয়াৱহ বিপদ ঘটাব পাৰে। উচ্চতম ন্যায়ালয়ে সেয়ে এই বিষয়ত উদ্বেগ প্ৰকাশ কৰিছে। 

উচ্চতম ন্যায়ালয়ে বায়ু প্ৰদূষণৰ ফলত বিপজ্জনক পৰিস্থিতিৰ সন্মুখীন হোৱা পাঁচখন ৰাজ্যক প্ৰদূষণ নিয়ন্ত্ৰণত ৰখাৰ বাবে কেনে  পদক্ষেপ গ্ৰহণ কৰিছে সেই বিষয়ে প্ৰশ্ন কৰিছে। এই সন্দৰ্ভত সাত দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈও কোৱা হৈছে।

প্ৰদূষণ সম্পৰ্কীয় গোচৰটোৰ পৰৱৰ্তী শুনানি ৭ নৱেম্বৰত গ্ৰহণ কৰা হ'ব। ন্যায়াধীশ এছ কে কৌল, সুধাংশু ধুলিয়া আৰু পি কে মিশ্ৰৰ বিচাৰপীঠে পাঁচখন ৰাজ্য ক্ৰমে  দিল্লী, পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু ৰাজস্থানক এই বুলি প্ৰশ্ন কৰিছে যে  এই ৰাজ্য কেইখনে প্ৰদূষণ নিয়ন্ত্ৰণত  ৰখাৰ বাবে কেনে  পদক্ষেপ গ্ৰহণ কৰিছে।

 উল্লেখ্য  দিল্লীৰ দৰে চহৰত প্ৰদূষণৰ মাত্ৰা ক্ৰমান্বয়ে বৃদ্ধি পাই গৈছে।বহু বছৰ ধৰি দিল্লীত প্ৰদূষণ হ্ৰাস হোৱাৰ পৰিৱৰ্তে বৃদ্ধিহে হৈ গৈ আছে।   শীৰ্ষ ন্যায়ালয়ে এইবুলিও কৈছে যে বছৰটোৰ এই সময়ত বায়ু প্ৰদূষণৰ মুখ্য কাৰণ হৈছে নৰা  জ্বলোৱাৰ ফলত সৃষ্টি হোৱা  ধোঁৱা। উল্লেখ্য  উচ্চতম ন্যায়ালয়ে  কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ পৰাও প্ৰতিবেদন বিচাৰিছিল।

এক শেহতীয়া অধ্যয়ন অনুসৰি দিল্লী  পৃথিৱীৰ আটাইতকৈ প্ৰদূষিত চহৰসমূহৰ তালিকাৰ শীৰ্ষত আছে।   প্ৰদূষণৰ ফলত ৰাজধানী চহৰ খনৰ বাসিন্দাসকলৰ গড়  আয়ুস প্ৰায়  ১২  বছৰ  হ্ৰাস পোৱা বুলিও বহুতে আশংকা ব্যক্ত কৰিছে।  গৱেষকসকলৰ মতে প্ৰদূষণৰ বাবে দিল্লীৰ বাসিন্দাসকলেই মূলতঃ  দায়বদ্ধ। বাহনৰ প্ৰদূষিত ধোঁৱাৰ পৰা নিৰ্মাণ কাৰ্যলৈকে  সকলোবোৰ কৰ্ম-কাণ্ডই  দিল্লী চহৰ খনৰ প্ৰদূষণ বৃদ্ধি কৰি চহৰ খনৰ বতাহ  বিষাক্ত হৈ  কৰি তুলিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ