--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন প্ৰান্তত বায়ু প্ৰদূষণ ক্ৰমান্বয়ে তীব্ৰ হৈ পৰিছে।শীতকাল অহাৰ লগে লগে প্ৰদূষণৰ মাত্ৰা অধিক বৃদ্ধি পাইছে।  যদি এনে অৱস্থা  অব্যাহত থাকে তেন্তে  পৰৱৰ্তী প্ৰজন্মৰ বাবে   প্ৰদূষণে এক ভয়াৱহ বিপদ ঘটাব পাৰে। উচ্চতম ন্যায়ালয়ে সেয়ে এই বিষয়ত উদ্বেগ প্ৰকাশ কৰিছে। 

উচ্চতম ন্যায়ালয়ে বায়ু প্ৰদূষণৰ ফলত বিপজ্জনক পৰিস্থিতিৰ সন্মুখীন হোৱা পাঁচখন ৰাজ্যক প্ৰদূষণ নিয়ন্ত্ৰণত ৰখাৰ বাবে কেনে  পদক্ষেপ গ্ৰহণ কৰিছে সেই বিষয়ে প্ৰশ্ন কৰিছে। এই সন্দৰ্ভত সাত দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈও কোৱা হৈছে।

প্ৰদূষণ সম্পৰ্কীয় গোচৰটোৰ পৰৱৰ্তী শুনানি ৭ নৱেম্বৰত গ্ৰহণ কৰা হ'ব। ন্যায়াধীশ এছ কে কৌল, সুধাংশু ধুলিয়া আৰু পি কে মিশ্ৰৰ বিচাৰপীঠে পাঁচখন ৰাজ্য ক্ৰমে  দিল্লী, পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু ৰাজস্থানক এই বুলি প্ৰশ্ন কৰিছে যে  এই ৰাজ্য কেইখনে প্ৰদূষণ নিয়ন্ত্ৰণত  ৰখাৰ বাবে কেনে  পদক্ষেপ গ্ৰহণ কৰিছে।

 উল্লেখ্য  দিল্লীৰ দৰে চহৰত প্ৰদূষণৰ মাত্ৰা ক্ৰমান্বয়ে বৃদ্ধি পাই গৈছে।বহু বছৰ ধৰি দিল্লীত প্ৰদূষণ হ্ৰাস হোৱাৰ পৰিৱৰ্তে বৃদ্ধিহে হৈ গৈ আছে।   শীৰ্ষ ন্যায়ালয়ে এইবুলিও কৈছে যে বছৰটোৰ এই সময়ত বায়ু প্ৰদূষণৰ মুখ্য কাৰণ হৈছে নৰা  জ্বলোৱাৰ ফলত সৃষ্টি হোৱা  ধোঁৱা। উল্লেখ্য  উচ্চতম ন্যায়ালয়ে  কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ পৰাও প্ৰতিবেদন বিচাৰিছিল।

এক শেহতীয়া অধ্যয়ন অনুসৰি দিল্লী  পৃথিৱীৰ আটাইতকৈ প্ৰদূষিত চহৰসমূহৰ তালিকাৰ শীৰ্ষত আছে।   প্ৰদূষণৰ ফলত ৰাজধানী চহৰ খনৰ বাসিন্দাসকলৰ গড়  আয়ুস প্ৰায়  ১২  বছৰ  হ্ৰাস পোৱা বুলিও বহুতে আশংকা ব্যক্ত কৰিছে।  গৱেষকসকলৰ মতে প্ৰদূষণৰ বাবে দিল্লীৰ বাসিন্দাসকলেই মূলতঃ  দায়বদ্ধ। বাহনৰ প্ৰদূষিত ধোঁৱাৰ পৰা নিৰ্মাণ কাৰ্যলৈকে  সকলোবোৰ কৰ্ম-কাণ্ডই  দিল্লী চহৰ খনৰ প্ৰদূষণ বৃদ্ধি কৰি চহৰ খনৰ বতাহ  বিষাক্ত হৈ  কৰি তুলিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ