--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিফ্টত কুকুৰ উঠোৱাকলৈ এগৰাকী অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া আৰু এগৰাকী মহিলাৰ মাজত সংঘাত। ঘটনা অনুসৰি জানিব পৰা মতে আৰ পি গুপ্তা নামৰ অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়াগৰাকীয়ে কুকুৰৰ সৈতে লিফ্টত যোৱাত মহিলাগৰাকীক বাধা দিছিল। যেতিয়া মহিলাগৰাকীয়ে তেওঁৰ কথা নুশুনিলে আৰু লিফ্টতে কুকুৰটো ৰাখি দিলে তেতিয়া আৰপি গুপ্তাই ক্ষোভিত হৈ মহিলাগৰাকীক প্ৰচণ্ড চৰ মাৰিলে। এই ঘটনাৰ চিচিটিভি ফুটেজো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ঘটনাৰ তদন্তত ব্যস্ত আৰক্ষী। এই ঘটনা সংঘটিত হৈছে নয়ডাত।

নয়ডাৰ PARX Laureate Society Sector-108ত এই ঘটনা সংঘটিত হৈছে। ভাইৰেল হোৱা চিচিটিভি ফুটেজত অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া আৰ পি গুপ্তাই লিফ্টত এগৰাকী মহিলাক চৰ মাৰি থকা দেখা গৈছে। তথ্য অনুসৰি ছ’চাইটিৰ লিফ্টত গৈ আছিল অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া আৰ পি গুপ্তা। ঠিক তেনেতে এগৰাকী মহিলাও লিফ্টত সোমাই গ’ল। মহিলাগৰাকীৰ লগত আছিল তেওঁৰ পোহনীয়া কুকুৰটো। এই কথা দেখি আৰ পি গুপ্তাই ক’লে যে কুকুৰটোক লিফ্টত নিব নোৱাৰি।

অৱসৰপ্ৰাপ্ত আইএএছ আৰ পি গুপ্তাৰ পৰা এই কথা শুনি মহিলাগৰাকীয়ে প্ৰতিবাদ কৰি কয় যে মই নিজৰ কুকুৰটোক লিফ্টেৰে লৈ যোৱাত আপোনাৰ কিয় আপত্তি? অলপ পাছতে দুয়োৰে মাজৰ কথা-বতৰাই তৰ্কাতৰ্কিৰ ৰূপ ল'লে। এই সময়ত আৰ পি গুপ্তাই ভিডিঅ’ বনাবলৈ নিজৰ ফোনটো উলিয়াই লোৱাত মহিলাগৰাকীয়ে তেওঁৰ হাতৰ পৰা ফোনটো টানি লৈ যায়। মহিলাগৰাকীৰ এই কাৰ্যত আৰ পি গুপ্তাৰ ইমানেই খং উঠিল যে তেওঁ মহিলাগৰাকীক চৰ মাৰি দিয়ে। চিচিটিভিৰ ফুটেজত আৰ পি গুপ্তাই মহিলাগৰাকীক চৰ মাৰি থকা দেখা গৈছে।

সম্প্ৰতি ছেক্টৰ-৩৯ থানাই ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত যোগাযোগ কৰি বিষয়টোৰ তদন্তত ব্যস্ত আছে। তদন্তৰ ভিত্তিত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ