--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিফ্টত কুকুৰ উঠোৱাকলৈ এগৰাকী অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া আৰু এগৰাকী মহিলাৰ মাজত সংঘাত। ঘটনা অনুসৰি জানিব পৰা মতে আৰ পি গুপ্তা নামৰ অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়াগৰাকীয়ে কুকুৰৰ সৈতে লিফ্টত যোৱাত মহিলাগৰাকীক বাধা দিছিল। যেতিয়া মহিলাগৰাকীয়ে তেওঁৰ কথা নুশুনিলে আৰু লিফ্টতে কুকুৰটো ৰাখি দিলে তেতিয়া আৰপি গুপ্তাই ক্ষোভিত হৈ মহিলাগৰাকীক প্ৰচণ্ড চৰ মাৰিলে। এই ঘটনাৰ চিচিটিভি ফুটেজো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ঘটনাৰ তদন্তত ব্যস্ত আৰক্ষী। এই ঘটনা সংঘটিত হৈছে নয়ডাত।

নয়ডাৰ PARX Laureate Society Sector-108ত এই ঘটনা সংঘটিত হৈছে। ভাইৰেল হোৱা চিচিটিভি ফুটেজত অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া আৰ পি গুপ্তাই লিফ্টত এগৰাকী মহিলাক চৰ মাৰি থকা দেখা গৈছে। তথ্য অনুসৰি ছ’চাইটিৰ লিফ্টত গৈ আছিল অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া আৰ পি গুপ্তা। ঠিক তেনেতে এগৰাকী মহিলাও লিফ্টত সোমাই গ’ল। মহিলাগৰাকীৰ লগত আছিল তেওঁৰ পোহনীয়া কুকুৰটো। এই কথা দেখি আৰ পি গুপ্তাই ক’লে যে কুকুৰটোক লিফ্টত নিব নোৱাৰি।

অৱসৰপ্ৰাপ্ত আইএএছ আৰ পি গুপ্তাৰ পৰা এই কথা শুনি মহিলাগৰাকীয়ে প্ৰতিবাদ কৰি কয় যে মই নিজৰ কুকুৰটোক লিফ্টেৰে লৈ যোৱাত আপোনাৰ কিয় আপত্তি? অলপ পাছতে দুয়োৰে মাজৰ কথা-বতৰাই তৰ্কাতৰ্কিৰ ৰূপ ল'লে। এই সময়ত আৰ পি গুপ্তাই ভিডিঅ’ বনাবলৈ নিজৰ ফোনটো উলিয়াই লোৱাত মহিলাগৰাকীয়ে তেওঁৰ হাতৰ পৰা ফোনটো টানি লৈ যায়। মহিলাগৰাকীৰ এই কাৰ্যত আৰ পি গুপ্তাৰ ইমানেই খং উঠিল যে তেওঁ মহিলাগৰাকীক চৰ মাৰি দিয়ে। চিচিটিভিৰ ফুটেজত আৰ পি গুপ্তাই মহিলাগৰাকীক চৰ মাৰি থকা দেখা গৈছে।

সম্প্ৰতি ছেক্টৰ-৩৯ থানাই ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত যোগাযোগ কৰি বিষয়টোৰ তদন্তত ব্যস্ত আছে। তদন্তৰ ভিত্তিত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ