--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গুজৰাটৰ আহমেদাবাদৰ মিনি বাংলাদেশ ৰূপে খ্যাত চান্দোলা হ্রদ অঞ্চলত প্রশাসনে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে বৃহৎ বুলডজাৰ অভিযান আৰম্ভ কৰে। মহানগৰখনৰ চান্দোলা হ্রদ এলেকাত ঘাটি পাতি থকা অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলোৱা অভিযানৰ মঙলবাৰে প্ৰথম দিনা তিনি সহস্রাধিক ঘৰ আৰু দোকান উচ্ছেদ কৰা হয়। 

গুজৰাট পুলিচে মিনি বাংলাদেশ ৰূপে খ্যাত অঞ্চলটোত দ্বিতীয় পর্যায়ত চলোৱা অভিযানত অবৈধ বাংলাদেশীয়ে দখল কৰি থকা বিশাল এলেকাত এই অভিযান চলিব। তিনি দিনত ৮ হাজাৰৰো অধিক ঘৰ-দুৱাৰ তথা দোকান আদি উচ্ছেদ কৰা হ'ব। 

উল্লেখযোগ্য যে গুজৰাট পুলিচে সোমবাৰৰ নিশাৰ পৰাই এই অভিযানৰ প্ৰস্তুতি আৰম্ভ কৰে। অবৈধ বাংলাদেশীক উচ্ছেদ কৰাৰ কামত ৫০খন বুলডজাৰ, ৫০খন ডাম্পাৰ আৰু ২৫টা হিতাচী মেচিন ব্যৱহাৰ কৰা হৈছে। ইয়াৰ লগতে এই অভিযানত গুজৰাট পুলিচৰ তিনি সহস্রাধিক লোকক নিয়োগ কৰা হৈছে। অঞ্চলটোত পুলিচ, আৰক্ষীৰ অপৰাধ শাখা, এছ অ' জি, চাইবাৰ ক্রাইম আৰু এছ আৰ পি ২৫টা কোম্পানী মোতায়েন কৰা হৈছে। উল্লেখযোগ্য যে প্রথম পৰ্যায়ৰ অভিযানত প্রায় ডেৰ লাখ বর্গমিটাৰ এলেকাত উচ্ছেদ অভিযান চলে আৰু ৩ সহস্রাধিক ঘৰ ধ্বংস কৰে। 

গুজৰাট পুলিচে অঞ্চলটোৰ পৰা ৮৯০জন সন্দেহজনক অবৈধ বাংলাদেশীক কৰায়ত্ত কৰে আৰু ইয়াৰে ২৪৩জনক চিনাক্ত কৰা হয় আৰু ১৪৩জনক বহিষ্কাৰ কৰা হয়। বাকীসকলৰ বিৰুদ্ধে তদন্ত অব্যাহত আছে। গুজৰাটৰ মিনি বাংলাদেশ ৰূপে খ্যাত প্রায় ১২০০ হেক্টৰ এলেকাৰ অঞ্চলটো অপৰাধমূলক কাম-কাজৰ বাবে কুখ্যাত। বাংলাদেশী নাগৰিকে আনকি চান্দোলা হ্রদটো বেদখল আৰম্ভ কৰে আৰু পানীৰ ওপৰত বাঁহেৰে সৰু সৰু কোঠ সাজি থাকিবলৈ লয়। এই অঞ্চলটোত বাস কৰা অবৈধ বাংলাদেশীৰ কাৰণে স্থানীয় ভাৰতীয় মুছলমান সম্প্ৰদায়ৰ লোকসকলো সমস্যাৰ সন্মুখীন হৈছে। 

আহমেদাবাদৰ আৰক্ষী আয়ুক্তজনে জনোৱা মতে, অঞ্চলটো অবৈধ বাংলাদেশীৰ দখলৰ পৰা মুক্ত কৰাৰ কাৰণে ৩-৪ দিন সময়ৰ প্রয়োজন হ'ব। উল্লেখযোগ্য যে অঞ্চলটোত উচ্ছেদ অভিযান চলোৱাৰ আগতে জাননী জাৰি কৰা হয় আৰু যোৱা দুদিনে লাউড স্পীকাৰ যোগে ঘৰ খালী কৰাৰ আহ্বান জনাই অহা হৈছিল। আহমেদাবাদৰ উপ-আৰক্ষী আয়ুক্ত ৰবি নোহন ছৈনীয়ে কয়, 'সমগ্র হ্রদ এলেকাত অভিযান চলিব। ইয়াত যিমানবোৰ নিৰ্মাণকাৰ্য কৰা হৈছে সকলো অবৈধ। সেয়েহে, মঙলবাৰৰ পৰা উচ্ছেদ অভিযান চলিছে। প্রথম পর্যায়ত চলোৱা উচ্ছেদ অভিযানৰ সময়ত বৃহৎ সংখ্যক বাংলাদেশী নাগৰিকক কৰায়ত্ত কৰা হৈছিল। 

কৰায়ত্ত কৰা বাংলাদেশী নাগৰিকসকলক বিচাৰত কৰাৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে যোৱা ২৯-৩০ এপ্ৰিলত চলোৱা প্ৰথম পৰ্যায়ত চলোৱা উচ্ছেদ অভিযানত তিনি সহস্রাধিক ঘৰ ধ্বংস কৰা হৈছিল। ইয়াৰে অধিকাংশ আছিল অবৈধ বাংলাদেশী নাগৰিকৰ।উল্লেখযোগ্য যে গুজৰাট পুলিচে বিগত কেইটামান সপ্তাহত কেইবা হাজাৰ অবৈধ বাংলাদেশী নাগৰিকক কৰায়ত্ত কৰে। ইয়াৰে অধিকাংশ আহমেদাবাদৰ। উল্লেখযোগ্য যে চান্দোলা হ্রদত চলা উচ্ছেদ অভিযানৰ বিৰুদ্ধে গুজৰাট উচ্চ ন্যায়ালয়ত আৱেদন জনোৱা হৈছিল, কিন্তু আদালতে তাত কৰা সকলো নির্মাণ অবৈধ বুলি ঘোষণা কৰে আৰু উচ্ছেদ অভিযানত স্থগিতাদেশ জাৰি কৰিবলৈ অস্বীকাৰ কৰে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement