--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গুজৰাটৰ আহমেদাবাদৰ মিনি বাংলাদেশ ৰূপে খ্যাত চান্দোলা হ্রদ অঞ্চলত প্রশাসনে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে বৃহৎ বুলডজাৰ অভিযান আৰম্ভ কৰে। মহানগৰখনৰ চান্দোলা হ্রদ এলেকাত ঘাটি পাতি থকা অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলোৱা অভিযানৰ মঙলবাৰে প্ৰথম দিনা তিনি সহস্রাধিক ঘৰ আৰু দোকান উচ্ছেদ কৰা হয়। 

গুজৰাট পুলিচে মিনি বাংলাদেশ ৰূপে খ্যাত অঞ্চলটোত দ্বিতীয় পর্যায়ত চলোৱা অভিযানত অবৈধ বাংলাদেশীয়ে দখল কৰি থকা বিশাল এলেকাত এই অভিযান চলিব। তিনি দিনত ৮ হাজাৰৰো অধিক ঘৰ-দুৱাৰ তথা দোকান আদি উচ্ছেদ কৰা হ'ব। 

উল্লেখযোগ্য যে গুজৰাট পুলিচে সোমবাৰৰ নিশাৰ পৰাই এই অভিযানৰ প্ৰস্তুতি আৰম্ভ কৰে। অবৈধ বাংলাদেশীক উচ্ছেদ কৰাৰ কামত ৫০খন বুলডজাৰ, ৫০খন ডাম্পাৰ আৰু ২৫টা হিতাচী মেচিন ব্যৱহাৰ কৰা হৈছে। ইয়াৰ লগতে এই অভিযানত গুজৰাট পুলিচৰ তিনি সহস্রাধিক লোকক নিয়োগ কৰা হৈছে। অঞ্চলটোত পুলিচ, আৰক্ষীৰ অপৰাধ শাখা, এছ অ' জি, চাইবাৰ ক্রাইম আৰু এছ আৰ পি ২৫টা কোম্পানী মোতায়েন কৰা হৈছে। উল্লেখযোগ্য যে প্রথম পৰ্যায়ৰ অভিযানত প্রায় ডেৰ লাখ বর্গমিটাৰ এলেকাত উচ্ছেদ অভিযান চলে আৰু ৩ সহস্রাধিক ঘৰ ধ্বংস কৰে। 

গুজৰাট পুলিচে অঞ্চলটোৰ পৰা ৮৯০জন সন্দেহজনক অবৈধ বাংলাদেশীক কৰায়ত্ত কৰে আৰু ইয়াৰে ২৪৩জনক চিনাক্ত কৰা হয় আৰু ১৪৩জনক বহিষ্কাৰ কৰা হয়। বাকীসকলৰ বিৰুদ্ধে তদন্ত অব্যাহত আছে। গুজৰাটৰ মিনি বাংলাদেশ ৰূপে খ্যাত প্রায় ১২০০ হেক্টৰ এলেকাৰ অঞ্চলটো অপৰাধমূলক কাম-কাজৰ বাবে কুখ্যাত। বাংলাদেশী নাগৰিকে আনকি চান্দোলা হ্রদটো বেদখল আৰম্ভ কৰে আৰু পানীৰ ওপৰত বাঁহেৰে সৰু সৰু কোঠ সাজি থাকিবলৈ লয়। এই অঞ্চলটোত বাস কৰা অবৈধ বাংলাদেশীৰ কাৰণে স্থানীয় ভাৰতীয় মুছলমান সম্প্ৰদায়ৰ লোকসকলো সমস্যাৰ সন্মুখীন হৈছে। 

আহমেদাবাদৰ আৰক্ষী আয়ুক্তজনে জনোৱা মতে, অঞ্চলটো অবৈধ বাংলাদেশীৰ দখলৰ পৰা মুক্ত কৰাৰ কাৰণে ৩-৪ দিন সময়ৰ প্রয়োজন হ'ব। উল্লেখযোগ্য যে অঞ্চলটোত উচ্ছেদ অভিযান চলোৱাৰ আগতে জাননী জাৰি কৰা হয় আৰু যোৱা দুদিনে লাউড স্পীকাৰ যোগে ঘৰ খালী কৰাৰ আহ্বান জনাই অহা হৈছিল। আহমেদাবাদৰ উপ-আৰক্ষী আয়ুক্ত ৰবি নোহন ছৈনীয়ে কয়, 'সমগ্র হ্রদ এলেকাত অভিযান চলিব। ইয়াত যিমানবোৰ নিৰ্মাণকাৰ্য কৰা হৈছে সকলো অবৈধ। সেয়েহে, মঙলবাৰৰ পৰা উচ্ছেদ অভিযান চলিছে। প্রথম পর্যায়ত চলোৱা উচ্ছেদ অভিযানৰ সময়ত বৃহৎ সংখ্যক বাংলাদেশী নাগৰিকক কৰায়ত্ত কৰা হৈছিল। 

কৰায়ত্ত কৰা বাংলাদেশী নাগৰিকসকলক বিচাৰত কৰাৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে যোৱা ২৯-৩০ এপ্ৰিলত চলোৱা প্ৰথম পৰ্যায়ত চলোৱা উচ্ছেদ অভিযানত তিনি সহস্রাধিক ঘৰ ধ্বংস কৰা হৈছিল। ইয়াৰে অধিকাংশ আছিল অবৈধ বাংলাদেশী নাগৰিকৰ।উল্লেখযোগ্য যে গুজৰাট পুলিচে বিগত কেইটামান সপ্তাহত কেইবা হাজাৰ অবৈধ বাংলাদেশী নাগৰিকক কৰায়ত্ত কৰে। ইয়াৰে অধিকাংশ আহমেদাবাদৰ। উল্লেখযোগ্য যে চান্দোলা হ্রদত চলা উচ্ছেদ অভিযানৰ বিৰুদ্ধে গুজৰাট উচ্চ ন্যায়ালয়ত আৱেদন জনোৱা হৈছিল, কিন্তু আদালতে তাত কৰা সকলো নির্মাণ অবৈধ বুলি ঘোষণা কৰে আৰু উচ্ছেদ অভিযানত স্থগিতাদেশ জাৰি কৰিবলৈ অস্বীকাৰ কৰে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে