--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পহলগামৰ সন্ত্রাসবাদী আক্ৰমণ আৰু তাৰ পাছত ভাৰতে পাকিস্তানত চলোৱা অপাৰেশ্যন সেন্দূৰৰ সময়ত শত্ৰু ৰাষ্ট্ৰখনৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত এতিয়ালৈকে ১১জন 'ঘৰ বিভীষণ'ক গ্ৰেপ্তাৰ কৰে। ইয়াৰ ভিতৰত হাৰিয়ানাৰ ইউটিউবাৰ জ্যোতি মালহোত্রাও আছে। জ্যোতিক সোমবাৰে 'নিয়া'ই নিজৰ জিম্মাত লয়। 

পাঁচ দিনৰ আৰক্ষীৰ জিম্মাত থকা জ্যোতিক আজি সোধা-পোছাৰ বাবে নিয়াৰ দল হিছাৰত উপস্থিত হয়। ইয়াৰ পাছত নিয়াই তেওঁক নিজৰ জিম্মাত লয় আৰু চণ্ডীগডলৈ নিয়ে। নিয়াই জ্যোতিক সন্ত্রাসবাদীৰ সৈতে থকা সম্পৰ্কক লৈ জেৰা কৰিব। ইয়াৰ লগতে জম্মু আৰু কাশ্মীৰৰ আৰু কাশ্মীৰৰ আৰক্ষীৰ চোৰাংচোৱা বিভাগেও তেওঁক জেৰা কৰিব। 

ইফালে জ্যোতিৰ ইনষ্টাগ্ৰাম একাউন্ট বন্ধ কৰা হৈছে। ইনষ্টাগ্ৰামত তেওঁৰ ১.৩৯ লাখ ফল'বাৰ আছিল। গ্রেপ্তাৰ কৰাৰ পাছত তেওঁৰ ফল'ৱাৰৰ সংখ্যা ১২ হাজাৰ বৃদ্ধি পায়। ইফালে কালি নিশা হিছাৰৰ আৰক্ষী জ্যোতিৰ ঘৰত উপস্থিত হৈ তালাচী চলায় আৰু কিছুমান নথি-পত্ৰ জব্দ কৰে। জ্যোতিয়ে যোৱা বছৰ আৰু যোৱা ৫ জানুৱাৰীত দুবাৰ কাশ্মীৰলৈ গৈছিল। তেওঁ নিজৰ ভিডিঅ'ত পঞ্জাব আব্ৰু ৰাজস্থান সীমান্তৰ দেখুৱাইছিল। ইয়াৰ ভিতৰত সীমান্ত থকা কাঁইটীয়া তাঁৰৰ বেৰাও আছে। তদন্তকাৰী সংস্থাসমূহে লাভ কৰা তথ্য অনুসৰি জ্যোতিয়ে বিভিন্ন আচিলা লৈ সীমামূৰীয়া ৰাজ্যকেইখন ভ্রমণ কৰিছিল আৰু তাৰ পৰা স্পৰ্শকাতৰ তথ্য সংগ্ৰহ কৰি পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইক যোগান ধৰিছিল। তেওঁ সন্ত্রাসবাদীৰ আক্ৰমণৰ আগে আগে পহলগামৰ লগতে গুলমার্গ, ডাল হ্রদ, লাডাখৰ পেংগং হ্রদ পর্যন্ত ভ্রমণ কৰিছিল। 

উল্লেখযোগ্য যে পহলগামৰ সন্ত্রাসবাদীৰ আক্ৰমণৰ পাছত জ্যোতিয়ে পাকিস্তান বা সন্ত্রাসবাদীৰ সমালোচনা কৰাৰ পৰিৱৰ্তে ভাৰতৰ নিৰাপত্তা সংস্থাসমূহক লৈ প্ৰশ্নৰ অৱতাৰণা কৰি আহিছিল। তেওঁ পহলগামৰ আক্ৰমণৰ বাবে ভাৰত চৰকাৰ আৰু নিৰাপত্তা সংস্থাসমূহকহে দোষাৰোপ কৰে। জ্যোতিয়ে ভাৰতৰ সামৰিক ঘাটি তথা স্থানসমূহৰ লগতে অপাৰেশ্যন সেন্দূৰৰ সৈতে জড়িত স্পৰ্শকাতৰ তথ্যও পাকিস্তানী এজেন্টক যোগান ধৰিছিল। পহলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ পাছত ভাৰতে পাকিস্তানত আক্ৰমণৰ বাবে চলোৱা প্ৰস্তুতিৰ তথ্যও পাকিস্তানক যোগান ধৰে। 

জ্যোতিৰ ট্রেভেল ব্লগ অনুসন্ধান কৰি জানিব পৰা মতে তেওঁ ভাৰতৰ সৈতে সীমা সংযোজিত হৈ থকা দেশ যেনে চীন, ভূটান আৰু নেপাল সীমান্তও ভ্রমণ কৰিছিল আৰু ভিডিঅ' কৰিছিল। থাইলেণ্ড ভ্ৰমণৰ সময়ত কেইবাটাও আপত্তিজনক ভিডিঅ' প্ৰস্তুত কৰাৰো অভিযোগ উঠিছে। তদন্তকাৰী সংস্থাসমূহে জ্যোতিৰ বেংক একাউণ্টৰ তথ্য অনুসন্ধান কৰিব আৰু তেওঁৰ ম'বাইল, লেপটপকে ধৰি সকলো গেজেটৰ ফৰেনছিক পৰীক্ষা কৰিব। 

তেওঁ কাশ্মীৰত একাংশ সন্দেহজনক লোকক লগ ধৰাৰ তথ্য লাভ কৰা হৈছে আৰু এই সম্পর্কত তথ্য সংগ্ৰহ কৰি থকা হৈছে। তদন্তৰ সময়ত লাভ কৰা তথ্য মতে, জ্যোতিয়ে অপাৰেশ্যন সেন্দূৰ চলি থকাৰ সময়তো পাকিস্তানী এজেণ্টৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছিল আৰু ভালেমান স্পৰ্শকাতৰ তথা গোপন তথ্য শত্রু দেশখনক যোগান ধৰিছিল। পাকিস্তানী চোৰাংচোৱাক তেওঁ স্পৰ্শকাতৰ তথ্য হোৱাটছএপ, টেলিগ্রাম আদিৰ জৰিয়তে যোগান ধৰিছিল। আৰক্ষীৰ জেৰাত জ্যোতিয়ে দিয়া স্বীকাৰোক্তি মতে অপাৰেশ্যন সেন্দূৰৰ সময়ত ব্লেকআউটৰ সময়তো তিনিজন পাকিস্তানী 'হেগুলাৰ'ৰ সৈতে জ্যোতিয়ে সম্পৰ্ক ৰক্ষা কৰি আছিল।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ