--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ সামৰিক সক্ষমতাৰ বিষয়ত আলোকপাত কৰি ভাৰতীয় সেনাৰ বায়ু প্ৰতিৰক্ষাৰ সঞ্চালক প্রধান লেফটেনেণ্ট জেনেৰেল চুমেৰ আইভান ডি' কুনহাই কয় যে পাকিস্তানৰ সমগ্র স্থানত লক্ষ্যত আঘাত হানিব পৰাকৈ ভাৰতীয় সেনাৰ সক্ষমতা আছে। 'অপাৰেশ্যন সেন্দূৰ'ৰ উদাহৰণ দি ভাৰতীয় সেনাৰ জ্যেষ্ঠ বিষয়াজনে কয় যে পাকিস্তানৰ সমগ্র স্থানসমূহক লক্ষ্য কৰি ভাৰতে আক্ৰমণ কৰিব পাৰে। 

ভাৰতীয় সেনাৰ লেফটেনেন্ট জেনেৰেল ডি' কুনহাই কয় যে সমগ্র পাকিস্তান ভাৰতে আক্ৰমণ কৰিব পৰা পৰিসীমাৰ ভিতৰত আছে। তেওঁ পাকিস্তানক কটাক্ষ কৰি কয় যে পাকিস্তানে ইয়াৰ সেনাৰ মুখ্য কাৰ্যালয় ৰাৱালপিণ্ডিৰ পৰা খাইবাৰ পাখতুনখাৱাৰ দৰে অঞ্চললৈ স্থানান্তৰ কৰিলেও পাকিস্তানৰ নিৰাপত্তাৰ বাবে এটা বৃহৎ সুৰুঙা থাকি যাব। 

উল্লেখযোগ্য যে 'অপাৰেশ্যন সেন্দূৰ'ৰ সময়ত ভাৰতীয় সামৰিক বাহিনীয়ে পাকিস্তানৰ কেইবাটাও মুখ্য বিমান ঘাটিত আক্রমণ চলাই সেইবোৰ একপ্ৰকাৰ বিধ্বস্ত কৰিছিল। সেনাৰ জ্যেষ্ঠ বিষয়াজনে কয় যে ভাৰতৰ এনেধৰণৰ অস্ত্র-শস্ত্ৰ মজুত আছে, যিসমূহে পাকিস্তানৰ গভীৰতম লক্ষ্যত আক্রমণ সংঘটিত কৰি বিধ্বস্ত কৰিব পাৰে। লেফটেনেন্ট জেনেৰেল ডি' কুনহাই কয় যে সীমান্ত অথবা ভাৰতৰ ভূমিৰ পৰাই সমগ্র পাকিস্তানত আক্ৰমণ কৰাৰ সক্ষমতা ভাৰতীয় সেনাৰ আছে। 

তেওঁ কয় যে আধুনিক থলুৱা প্ৰযুক্তিসহ দীর্ঘ ৰেঞ্জৰ ড্র'ন আৰু ক্ষেপণাস্ত্রই 'অপাৰেশ্যন সেন্দূৰ'ৰ সময়ত সফলতাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। সেনাৰ জ্যেষ্ঠ বিষয়াজনে কয় যে পাক-ভাৰত সংঘৰ্ষৰ সময়ত ভাৰতীয় সশস্ত্র বাহিনীয়ে পাকিস্তানৰ ১০০০খন ড্র'ন প্রতিহত কৰিবলৈ সক্ষম হৈছিল। চাৰি দিনত সেনাই সমগ্র পশ্চিম সীমান্তৰ এলেকাত পাকিস্তানে নিক্ষেপ কৰা ৮০০-১০০০ ড্র'ন ভাৰতীয় সেনাই ভূপাতিত কৰিছিল আৰু ভাৰতীয় নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰিছিল। তদুপৰি, তেওঁ কয় যে সেনাৰ তিনিওটা শাখাই একেলগে কাম কৰি পাকিস্তানৰ ড্ৰ'ন আৰু ক্ষেপণাস্ত্ৰৰ আক্ৰমণবোৰ প্রতিহত কৰিছিল।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ