--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কুঁৱলীৰ শুভ্ৰ দলিচাত এতিয়া শীতৰ আমেজ লোৱাত ব্যস্ত বহুতো৷ ডিচেম্বৰ মাহ বুলিলেই মনলৈ আহে পিকনিকৰ কথা৷ বজাৰত ইফালে সামগ্ৰীৰ অত্যধিক দামবৃদ্ধি৷ শাক-পাচলিৰ পৰা আৰম্ভ কৰি মাছ-মাংস, ৰন্ধন গেছলৈকে৷ কিন্তু তাৰ মাজতো ডিচেম্বৰৰ কুঁৱলীৰ আচ্ছাদন মাজতে উমাল জেকেট, কম্বলৰ মাজত শীতৰ সেমেকা ৰাতি উপভোগত ব্যস্ত বহুলোক৷ ইপিনে আকৌ শীতৰ নিশা বুলিলেই একাংশ লোকৰ বাবে হৈ পৰে জীৱনৰ বাবে প্ৰত্যাহ্বান, এক কঠোৰ বাস্তৱ৷ শীতৰ ঠেটুৱৈ ধৰা জাৰত কঁপি মুকলি আকাশৰ তলত নিশা পাৰ কৰাটো পৰিণত হয় জীৱন সংগ্ৰামত৷


দপদপাই জ্বলি থকা একুৰা জুইত মাছ, মাংস পুৰি কাষত সোমৰসৰ পিয়লা লৈ কোনোৱে আনন্দ লৈছে শীতৰ৷ কোনোৱে আকৌ বৰফৰ দলিচাত উমলিবৰ বাবে পৰিকল্পনা কৰিছে ফুৰিবলৈ যোৱাৰ৷ মুঠৰ ওপৰত সকলোফালেই ভীষণ ব্যস্ত হৈ পৰিছে পৰিৱেশ৷ কিন্তু এই সময়ছোৱাত প্ৰায়ে আওকান কৰি অহা হয় পদপথৰ বাসিন্দাসকলক৷ ঠাণ্ডাৰ দিনকেইটাত তেওঁলোকৰ জীৱনলৈ বিভীষিকাহে যেন নামি আহে৷ ঘন কুঁৱলী, নিয়ৰ টোপালৰ মাজতে শুই পৰে তেওঁলোক৷ কাৰোবাৰ গাত এখনেই গৰম কাপোৰ৷ কেঁচুৱাৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে সকলোৱে ঠাণ্ডাৰ এই দিনকেইটাত ভুগিছে যমৰ যাতনা৷ কোনে খবৰ ল'ব তেওঁলোকক?


কেন্দ্ৰীয় তথা ৰাজ্যিক চৰকাৰে ইখনৰ পাছত সিখনকৈ আচঁনি ঘোষণা কৰি আহিছে যদিও এইসকলৰ লোকক জীৱনত প্ৰভাৱ পেলাব পৰাকৈ ঢুকি পোৱা নাই কোনো সা-সুবিধাই৷ যাৰ ফলত জাৰৰ দিনকেইটাত এখন কাপোৰকে টনা-আঁজোৰা কৰি কোনোৱে জাৰ নিবাৰণ কৰাৰ লগতে শিশুসকলে আকৌ জাৰত কঁপি ইটোৱে সিটো সাবটি ধৰিয়েই শুই গৈছে৷ জাৰৰ প্ৰকোপত যদি কোনোৱে ওৰে নিশা জুইৰ কাষতে বহি কটাইছে কোনোৱে আকৌ নিশাৰ ঘুমটি মাৰিছে ডাঠ কাগজৰ এটা মাত্ৰ কাৰ্টনৰ মাজতে৷ মুঠৰ ওপৰত তেওঁলোকৰ সংগ্ৰামৰ এই জীয়া ছবিখনে চুব পৰা নাই চৰকাৰ তথা আভিজাত্যৰে ভৰা এই সমাজখনক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ