--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কুঁৱলীৰ শুভ্ৰ দলিচাত এতিয়া শীতৰ আমেজ লোৱাত ব্যস্ত বহুতো৷ ডিচেম্বৰ মাহ বুলিলেই মনলৈ আহে পিকনিকৰ কথা৷ বজাৰত ইফালে সামগ্ৰীৰ অত্যধিক দামবৃদ্ধি৷ শাক-পাচলিৰ পৰা আৰম্ভ কৰি মাছ-মাংস, ৰন্ধন গেছলৈকে৷ কিন্তু তাৰ মাজতো ডিচেম্বৰৰ কুঁৱলীৰ আচ্ছাদন মাজতে উমাল জেকেট, কম্বলৰ মাজত শীতৰ সেমেকা ৰাতি উপভোগত ব্যস্ত বহুলোক৷ ইপিনে আকৌ শীতৰ নিশা বুলিলেই একাংশ লোকৰ বাবে হৈ পৰে জীৱনৰ বাবে প্ৰত্যাহ্বান, এক কঠোৰ বাস্তৱ৷ শীতৰ ঠেটুৱৈ ধৰা জাৰত কঁপি মুকলি আকাশৰ তলত নিশা পাৰ কৰাটো পৰিণত হয় জীৱন সংগ্ৰামত৷


দপদপাই জ্বলি থকা একুৰা জুইত মাছ, মাংস পুৰি কাষত সোমৰসৰ পিয়লা লৈ কোনোৱে আনন্দ লৈছে শীতৰ৷ কোনোৱে আকৌ বৰফৰ দলিচাত উমলিবৰ বাবে পৰিকল্পনা কৰিছে ফুৰিবলৈ যোৱাৰ৷ মুঠৰ ওপৰত সকলোফালেই ভীষণ ব্যস্ত হৈ পৰিছে পৰিৱেশ৷ কিন্তু এই সময়ছোৱাত প্ৰায়ে আওকান কৰি অহা হয় পদপথৰ বাসিন্দাসকলক৷ ঠাণ্ডাৰ দিনকেইটাত তেওঁলোকৰ জীৱনলৈ বিভীষিকাহে যেন নামি আহে৷ ঘন কুঁৱলী, নিয়ৰ টোপালৰ মাজতে শুই পৰে তেওঁলোক৷ কাৰোবাৰ গাত এখনেই গৰম কাপোৰ৷ কেঁচুৱাৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে সকলোৱে ঠাণ্ডাৰ এই দিনকেইটাত ভুগিছে যমৰ যাতনা৷ কোনে খবৰ ল'ব তেওঁলোকক?


কেন্দ্ৰীয় তথা ৰাজ্যিক চৰকাৰে ইখনৰ পাছত সিখনকৈ আচঁনি ঘোষণা কৰি আহিছে যদিও এইসকলৰ লোকক জীৱনত প্ৰভাৱ পেলাব পৰাকৈ ঢুকি পোৱা নাই কোনো সা-সুবিধাই৷ যাৰ ফলত জাৰৰ দিনকেইটাত এখন কাপোৰকে টনা-আঁজোৰা কৰি কোনোৱে জাৰ নিবাৰণ কৰাৰ লগতে শিশুসকলে আকৌ জাৰত কঁপি ইটোৱে সিটো সাবটি ধৰিয়েই শুই গৈছে৷ জাৰৰ প্ৰকোপত যদি কোনোৱে ওৰে নিশা জুইৰ কাষতে বহি কটাইছে কোনোৱে আকৌ নিশাৰ ঘুমটি মাৰিছে ডাঠ কাগজৰ এটা মাত্ৰ কাৰ্টনৰ মাজতে৷ মুঠৰ ওপৰত তেওঁলোকৰ সংগ্ৰামৰ এই জীয়া ছবিখনে চুব পৰা নাই চৰকাৰ তথা আভিজাত্যৰে ভৰা এই সমাজখনক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত