--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশে সন্মুখীন হোৱা মন্দাৰ পৰা অৰ্থনীতিক উদ্ধাৰ কৰাৰ বাবে এক শক্তিশালী পৰিকল্পনা তথা আঁচনি প্ৰস্তুতৰ প্ৰয়োজনীয়তাৰ কথা প্ৰকাশ কৰে। কৰ’না মহামাৰীকে ধৰি বিভিন্ন কাৰকে দেশৰ অৰ্থনীতিক ব্যাপকভাৱে প্ৰভাৱিত কৰাৰ কথা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ সহযোগিতা অধিক বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ কথাও প্ৰকাশ কৰে।

আৰু পঢ়িব পাৰিব : নিষিদ্ধ কোকেইনসহ গ্ৰেপ্তাৰ হ’ল বিজেপিৰ যুৱ নেত্ৰী

নীতি আয়োগৰ ষষ্ঠ বৈঠকত সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ব্যক্তিগত খণ্ডক অধিক বিস্তৃতি কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য উভয়কে এই খণ্ডক সমৰ্থন কৰাৰ সপক্ষে মত পোষণ কৰে। তেওঁ কয়, ‘আমি চৰকাৰৰ ফালৰ পৰা ব্যক্তিগত খণ্ডক আত্মনিৰ্ভৰ ভাৰত অভিযানত অংশগ্ৰহণ কৰাৰ বাবে সুবিধা প্ৰদান কৰিব লাগিব।’

আৰু পঢ়িব পাৰিব : আলফাই অপহৰণ কৰা ‘কুইপ’ৰ ২কৰ্মচাৰীক লৈ ক’লে ড: হীৰেন গোহাঁইয়ে ?

বিভিন্ন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা উপ-ৰাজ্যপালসকলে অংশ লোৱা বৈঠকখনত প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে, কৰ’নাৰ সময়ত কেন্দ্ৰ আৰু ৰাজ্যসমূহে সহযোগিতাৰে কাম কৰিছে। এই সন্মিলিত প্ৰচেষ্টাৰে ভাৰত সফল হৈছে আৰু বিশ্বৰ সন্মুখত ভাৰতৰ এখন ভাল ছবি সৃষ্টি হৈছে। ভৱিষ্যতেও কেন্দ্ৰ আৰু ৰাজ্যক ঐক্যবদ্ধ ৰূপত কাম কৰাৰ বাবে তেওঁ আহ্বান জনায়। আজিৰ বৈঠকত লক্ষ্যণীয়ভাৱে পঞ্জাবৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী অনুপস্থিত থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ