--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশে সন্মুখীন হোৱা মন্দাৰ পৰা অৰ্থনীতিক উদ্ধাৰ কৰাৰ বাবে এক শক্তিশালী পৰিকল্পনা তথা আঁচনি প্ৰস্তুতৰ প্ৰয়োজনীয়তাৰ কথা প্ৰকাশ কৰে। কৰ’না মহামাৰীকে ধৰি বিভিন্ন কাৰকে দেশৰ অৰ্থনীতিক ব্যাপকভাৱে প্ৰভাৱিত কৰাৰ কথা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ সহযোগিতা অধিক বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ কথাও প্ৰকাশ কৰে।

আৰু পঢ়িব পাৰিব : নিষিদ্ধ কোকেইনসহ গ্ৰেপ্তাৰ হ’ল বিজেপিৰ যুৱ নেত্ৰী

নীতি আয়োগৰ ষষ্ঠ বৈঠকত সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ব্যক্তিগত খণ্ডক অধিক বিস্তৃতি কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য উভয়কে এই খণ্ডক সমৰ্থন কৰাৰ সপক্ষে মত পোষণ কৰে। তেওঁ কয়, ‘আমি চৰকাৰৰ ফালৰ পৰা ব্যক্তিগত খণ্ডক আত্মনিৰ্ভৰ ভাৰত অভিযানত অংশগ্ৰহণ কৰাৰ বাবে সুবিধা প্ৰদান কৰিব লাগিব।’

আৰু পঢ়িব পাৰিব : আলফাই অপহৰণ কৰা ‘কুইপ’ৰ ২কৰ্মচাৰীক লৈ ক’লে ড: হীৰেন গোহাঁইয়ে ?

বিভিন্ন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা উপ-ৰাজ্যপালসকলে অংশ লোৱা বৈঠকখনত প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে, কৰ’নাৰ সময়ত কেন্দ্ৰ আৰু ৰাজ্যসমূহে সহযোগিতাৰে কাম কৰিছে। এই সন্মিলিত প্ৰচেষ্টাৰে ভাৰত সফল হৈছে আৰু বিশ্বৰ সন্মুখত ভাৰতৰ এখন ভাল ছবি সৃষ্টি হৈছে। ভৱিষ্যতেও কেন্দ্ৰ আৰু ৰাজ্যক ঐক্যবদ্ধ ৰূপত কাম কৰাৰ বাবে তেওঁ আহ্বান জনায়। আজিৰ বৈঠকত লক্ষ্যণীয়ভাৱে পঞ্জাবৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী অনুপস্থিত থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ