--°C
Loading...
Listen to Article
2 min read
80%

কলকাতা : ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হৈছে বিজেপিৰ এগৰাকী যুৱ নেত্ৰী। লগত ১০০ গ্ৰাম কোকেইনসহ গ্ৰেপ্তাৰ কৰা হৈছে বিজেপিৰ যুৱ নেত্ৰীগৰাকীক। এক নাটকীয় ঘটনাত পশ্চিমবংগ বিজেপিৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক পামেলা গোস্বামীক শুকুৰবাৰে সন্ধিয়া কলকাতাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তেওঁ ভ্ৰমণ কৰা গাড়ীত তালাচী চলোৱাৰ সময়ত তেওঁৰ বেগত লক্ষাধিক টকা দামৰ ১০০গ্ৰাম কোকেইন উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

আৰু পঢ়িব পাৰিব : আলফাই অপহৰণ কৰা ‘কুইপ’ৰ ২কৰ্মচাৰীক লৈ ক’লে ড: হীৰেন গোহাঁইয়ে ?

তেওঁৰ সৈতে একেখন গাড়ীতে থকা তেওঁৰ বন্ধু তথা যুৱ মৰ্চাৰ নেতা প্ৰবীৰ কুমাৰ দে-কো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। নিউ আলিপুৰ এলেকাত সন্ধিয়াৰ ভাগত এই ঘটনা সংঘটিত হয়। গোস্বামী আৰু তেওঁৰ সহযোগীজনে এখন গাড়ীত এনআৰ এভিনিউৰ কেফে এখনলৈ গৈ থকাৰ সময়ত আৰক্ষীয়ে তেওঁলোকৰ গাড়ীত তালাচী চলায় আৰু নেত্ৰীগৰাকীৰ জিম্মাৰ পৰা ১০০গ্ৰাম কোকেইন জব্দ কৰে।

তেওঁক ততালিকে থানালৈ লৈ যায় আৰক্ষীয়ে। গোস্বামীৰ বিৰুদ্ধে কোনোৱে ষড়যন্ত্ৰ কৰি এই কাৰ্য সংঘটিত কৰা বুলি তেওঁ অভিযোগ কৰিছে। গোস্বামীৰ নিৰাপত্তাৰক্ষীজনকো আৰক্ষীয়ে প্ৰেপ্তাৰ কৰিছে। বংগৰ বিজেপিয়েও এই ঘটনাত ষড়যন্ত্ৰ গোন্ধ পোৱা বুলি উল্লেখ কৰিছে।

আৰু পঢ়িব পাৰিব : ফাঁচিকাঠৰ দিশে মাতৃ, ৰাষ্ট্ৰপতিক ক্ষমাৰ আবেদন ১২ বছৰীয়া পুত্ৰ

তাৰ বিপৰীতে তৃণমূল কংগ্ৰেছৰ নেত্ৰী চন্দ্ৰিমা ভট্টাচাৰ্যই বিজেপি নেত্ৰীগৰাকীৰ এই কাণ্ডত লজ্জিত বুলি উল্লেখ কৰিছে আৰু এয়াই পশ্চিমবংগত বিজেপিৰ আচল ছবি বুলি কটাক্ষ কৰিছে। আৰক্ষীয়ে পামেলা গোস্বামী আৰু তেওঁৰ সহযোগীৰ ওপৰত পূৰ্বৰে পৰা নজৰ দি আছিল বুলি প্ৰকাশ কৰিছে আৰু মঙলবাৰে তেওঁৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ কথা প্ৰকাশ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ