--°C
Loading...
Listen to Article
2 min read
80%

কলকাতা : ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হৈছে বিজেপিৰ এগৰাকী যুৱ নেত্ৰী। লগত ১০০ গ্ৰাম কোকেইনসহ গ্ৰেপ্তাৰ কৰা হৈছে বিজেপিৰ যুৱ নেত্ৰীগৰাকীক। এক নাটকীয় ঘটনাত পশ্চিমবংগ বিজেপিৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক পামেলা গোস্বামীক শুকুৰবাৰে সন্ধিয়া কলকাতাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তেওঁ ভ্ৰমণ কৰা গাড়ীত তালাচী চলোৱাৰ সময়ত তেওঁৰ বেগত লক্ষাধিক টকা দামৰ ১০০গ্ৰাম কোকেইন উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

আৰু পঢ়িব পাৰিব : আলফাই অপহৰণ কৰা ‘কুইপ’ৰ ২কৰ্মচাৰীক লৈ ক’লে ড: হীৰেন গোহাঁইয়ে ?

তেওঁৰ সৈতে একেখন গাড়ীতে থকা তেওঁৰ বন্ধু তথা যুৱ মৰ্চাৰ নেতা প্ৰবীৰ কুমাৰ দে-কো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। নিউ আলিপুৰ এলেকাত সন্ধিয়াৰ ভাগত এই ঘটনা সংঘটিত হয়। গোস্বামী আৰু তেওঁৰ সহযোগীজনে এখন গাড়ীত এনআৰ এভিনিউৰ কেফে এখনলৈ গৈ থকাৰ সময়ত আৰক্ষীয়ে তেওঁলোকৰ গাড়ীত তালাচী চলায় আৰু নেত্ৰীগৰাকীৰ জিম্মাৰ পৰা ১০০গ্ৰাম কোকেইন জব্দ কৰে।

তেওঁক ততালিকে থানালৈ লৈ যায় আৰক্ষীয়ে। গোস্বামীৰ বিৰুদ্ধে কোনোৱে ষড়যন্ত্ৰ কৰি এই কাৰ্য সংঘটিত কৰা বুলি তেওঁ অভিযোগ কৰিছে। গোস্বামীৰ নিৰাপত্তাৰক্ষীজনকো আৰক্ষীয়ে প্ৰেপ্তাৰ কৰিছে। বংগৰ বিজেপিয়েও এই ঘটনাত ষড়যন্ত্ৰ গোন্ধ পোৱা বুলি উল্লেখ কৰিছে।

আৰু পঢ়িব পাৰিব : ফাঁচিকাঠৰ দিশে মাতৃ, ৰাষ্ট্ৰপতিক ক্ষমাৰ আবেদন ১২ বছৰীয়া পুত্ৰ

তাৰ বিপৰীতে তৃণমূল কংগ্ৰেছৰ নেত্ৰী চন্দ্ৰিমা ভট্টাচাৰ্যই বিজেপি নেত্ৰীগৰাকীৰ এই কাণ্ডত লজ্জিত বুলি উল্লেখ কৰিছে আৰু এয়াই পশ্চিমবংগত বিজেপিৰ আচল ছবি বুলি কটাক্ষ কৰিছে। আৰক্ষীয়ে পামেলা গোস্বামী আৰু তেওঁৰ সহযোগীৰ ওপৰত পূৰ্বৰে পৰা নজৰ দি আছিল বুলি প্ৰকাশ কৰিছে আৰু মঙলবাৰে তেওঁৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ কথা প্ৰকাশ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ