--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঝুলন গোস্বামীৰ জীৱনী ‘চাকদহ এক্সপ্ৰেছ’ত ঝুলনৰ চৰিত্ৰত অভিনয় কৰিছে অনুষ্কা শৰ্মাই। পিছে অনুষ্কাই কাৰ পৰা লৈছে ক্ৰিকেটৰ পাঠ? এই প্ৰশ্নৰ উত্তৰ দিবলৈ ৰকেট বিজ্ঞানৰ কথা জনাৰ কোনো প্ৰয়োজন নিশ্চয় নাই! অনুষ্কাৰ ঘৰত আছে বেটিং কোচ! বিৰাট কোহলীৰ বাহিৰে আৰু কোন হ’ব পাৰে তেওঁ!

বিৰাট পত্নী হোৱাৰ সম্পূৰ্ণ সুবিধা লৈছে অনুষ্কাই। বেটিঙৰ পৰামৰ্শ লোৱাৰ সময়ত সেয়েহে একান্ত বাধ্য ছাত্ৰীৰ দৰে  স্বামীৰ কাষ চাপিছে অনুষ্কাই। বিপক্ষৰ বলাৰসকলৰ দৰেই বেটছমেন বিৰাটক যে অনুষ্কাই সমীহ কৰে তাকো প্ৰমাণ কৰি দিলে বিৰাট পত্নীয়ে। তেওঁ কয়, ‘বেটিং সন্দৰ্ভত পৰামৰ্শ বিচাৰি মই বিৰাটৰ কাষলৈ যাওঁ।’

কেৱল অভিনয় কৰাই নহয়, খেলপথাৰত ক্ৰিকেট খেলা, সঠিকভাৱে বেট ধৰা, দ্ৰুত বলিঙৰ মুদ্ৰা প্ৰয়োগ এই সকলোৰ কৰিবলগীয়া হৈছে অনুষ্কাই। সকলো ঠিকেই আছেনে? এনে সন্দেহৰ পৰাও অনুষ্কাক মুক্ত কৰে বিৰাটে। শ্বুটিঙৰ পিছত অনুষ্কাই ক্ৰিকেটৰ ভিডিঅ’বোৰ দেখুৱায় তেওঁৰ স্বামীক। বিৰাটৰ পৰা সেউজ সংকেত লাভ কৰাৰ পাছতহে পৰৱৰ্তী অংশটোৰ শ্বুট কৰিবলৈ আগবাঢ়ে অনুষ্কাই।

আনকি ‘চাকদহ এক্সপ্ৰেছ’ত তেওঁৰ দৈনন্দিন কাম-কাজৰ প্ৰসংগতো বিৰাটৰ সৈতে আলোচনা কৰে তেওঁ। অনুষ্কাৰ ভাষাত, ‘এইখন চিনেমাক লৈ আমাৰ বিভিন্ন আলোচনা হৈছে। শ্বুটিঙৰ সময়ত যিমানেই ভাল বা বেয়া নিশিকো কিয়, বিৰাটৰ মতামত ল'বলৈকে সকলো ভিডিঅ' তেওঁৰ লগত শ্বেয়াৰ কৰো।’

কেমেৰাৰ সন্মুখত ঝুলনৰ দৰে বলিঙো কৰিবলগীয়া হৈছে তেওঁ। যিহেতু বিৰাট বলাৰ নহয়, সেইবাবে অনুষ্কাৰ বলিং প্ৰশিক্ষক আছে। ধেমালিতে অনুষ্কাই কয়, ‘ভাগ্য, বিৰাট যে বলাৰ নহয়! সেইবাবেই মই মোৰ বলিং প্ৰশিক্ষকৰ কথা বেছি মন দি শুনো।’

উল্লেখ্য যে, প্ৰসিত ৰায়ৰ পৰিচালনাত নিৰ্মিত ‘চাকদহ এক্সপ্ৰেছ’ৰ দৰে প্ৰত্যাহ্বানমূলক ছবি এখনত অভিনয় কৰাটো মুখৰ কথা নহয়। এই ছবিখনত অনুষ্কাই নাদিয়াৰ কন্যা তথা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ঝুলনৰ জীৱনক চিত্ৰিত কৰিছে। স্বাভাৱকিতে ছবিখনৰ মুক্তিৰ দিনটোলৈ অধীৰ অপেক্ষাৰে বাট চাইছে অনুৰাগীয়ে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement