--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহেন্দ্ৰ সিং ধোনীৰ মাজত তাৰকাসুলভ মনোভাৱ দেখিবলৈ পোৱা নাযায়। ভাৰতীয় ক্ৰিকেট দলৰ যুগদ্ৰষ্টা হিচাপে চিহ্নিত হোৱাৰ উপৰি অজস্ৰ খ্যাতিৰ গৰাকী হৈয়ো বিনয়ী ধোনী। সেইবাবে ধোনীৰ প্ৰতি প্ৰতিগৰাকী অনুৰাগীৰ আছে অপৰিসীম ভালপোৱা, অকুণ্ঠ শ্ৰদ্ধা। বিশ্ব ক্ৰিকেটৰ কিংবদন্তীত পৰণিত হোৱা স্বত্বেও অনুৰাগীৰ আহ্বানৰ প্ৰতি অনায়াসে সঁহাৰি জনায় তেওঁ। অনুৰাগীৰ সৈতে যেন জী থকাৰ আজন্ম হেঁপাহ ধোনীৰ। চলিত আইপিএলৰ মাজতে অনুৰাগীৰ প্ৰতি চেন্নাই ছুপাৰ কিংছৰ অধিনায়কগৰাকীৰ সহানুভূতি পুনৰবাৰ দেখিবলৈ পোৱা গ’ল।

এগৰাকী অনুৰাগীয়ে চেন্নাইৰ অধিনায়কগৰাকীলৈ এখন ফ্ৰেমযুক্ত চিঠি প্ৰেৰণ কৰিছিল। ধোনীয়ে কেৱল চিঠিখন পঢ়ি থৈ দিয়া নাছিল। চিঠিখনৰ ওপৰত তেওঁৰ অনুভৱো ব্যক্ত কৰিছে। তেওঁ লিখিছে, ‘গ্ৰেট ৰাইটিং, গুড লাক।’ ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে স্বাক্ষৰো কৰিছে। আইপিএল ফ্ৰেঞ্চাইজীটোৱে সামাজিক মাধ্যমৰ জৰিয়তে অনুৰাগীৰ প্ৰতি ধোনীৰ মৰম-ভালপোৱা শ্বেয়াৰ কৰিছে। 

মন কৰিবলগীয়া যে, আইপিএলৰ আৰম্ভণিৰ পূর্বে চেন্নাইৰ অধিনায়কৰ পৰা ধোনীৰ পদত্যাগ অনুৰাগীয়ে মানি ল’ব পৰা নাছিল৷ ধোনীক অধিনায়কৰ ৰূপত চাবলৈ অনুৰোধ জনাই এই চিঠিখন লিখিছিল অনুৰাগীয়ে। ধাৰাবাহিক ব্যৰ্থতাৰ বাবে ৰবীন্দ্ৰ জাদেজাই যেতিয়া অধিনায়কত্ব ত্যাগ কৰে তেতিয়া অভিজ্ঞ ধোনীক পুনৰ সেই পদ প্ৰদান কৰা হয়। ইয়াৰ  পিছতে চিএছকেই আৱেগিক অনুৰাগীৰ চিঠিখন মুকলিকৈ শ্বেয়াৰ কৰে।

৪বাৰৰ আইপিএল চেম্পিয়ন চেন্নাইয়ে এইবাৰ আশা কৰা ধৰণে প্ৰদৰ্শন আগবঢ়াব নোৱাৰিলেও ধোনীৰ জনপ্ৰিয়তা যে আজিও অক্ষুণ্ণ, অনুৰাগীৰ এই চিঠিখনেই প্ৰমাণ।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ