--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চানলিট ষ্টুডিঅ’ ফিল্ম ক্লাবে চানলিট চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰিছিল। মহোৎসৱটোৱে প্ৰতিযোগিতা শিতানত মুঠ ৩৬খন চলচ্চিত্ৰ লাভ কৰিছিল। এই চলচ্চিত্ৰ মহোৎসৱৰ জুৰী সদস্য আছিল মণিপুৰৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা মীনা লংজাম, পুৰস্কাৰ প্ৰাপ্ত চলচ্চিত্ৰ নিৰ্মাতা নগালেণ্ডৰ কিভিনি চোহে, চলচ্চিত্ৰ নিৰ্মাতা আৰু এছআৰএফটিআইৰ প্ৰাক্তন ছাত্ৰী ছিকিমৰ ত্ৰিবেণী ৰায়। 

সুপ্ৰিয়া প্ৰসাদৰ ‘দ্য প’ৰট্ৰেট অব্ দ্য ৱিলো অ’মেন’-এ শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰে। দ্বিতীয় শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰে মহৰ্ষি কাশ্যপৰ ‘মোৰ ঘোঁৰাৰ দূৰন্ত গতি’- এl কেশৰ জ্যোতি দাসে ‘কথাবোৰ’ ছবিৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰেl মহোৎসৱত অতুল পাচনীয়ে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে ‘মোৰ ঘোঁৰাৰ দূৰন্ত গতি’ৰ বাবে। প্ৰণামী বৰাই শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে ‘মঙহ দহাৰ গোন্ধ’ৰ বাবে। জুৰীৰ বিশেষ বঁটা লাভ কৰে ত্ৰিদিশা গোস্বামীৰ ‘আশ্বাবাম’ আৰু চন্দন কুমাৰৰ ‘অৰাজনৈতিক’ শীৰ্ষক ছবিয়ে। মহোৎসৱৰ অধ্যক্ষ অৰূপ মান্নাই কয় যে এই উৎসৱ উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে এক বৃহৎ মঞ্চস্বৰূপ, বিশেষকৈ অসমৰ পৰিপ্ৰেক্ষিতত। 

মহোৎসৱৰ পৰিচালক খঞ্জন কিশোৰ নাথে তেওঁৰ ভাষণত কয় যে আমাৰ যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ আৰু অধিক সাফল্যৰ শীৰ্ষলৈ যোৱাৰ সম্ভাৱনা আছে। উৎসৱৰ আৰ্টিষ্টিক ডাইৰেক্টৰ সুৰজ দুৱৰাই কয় যে চানলিট ষ্টুডিঅ’ ফিল্ম ক্লাবে আমাৰ যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলক উৎসাহ দিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু ভৱিষ্যতেও এই ভূমিকা নিশ্চয় অব্যাহত থাকিব। চানলিট ষ্টুডিঅ’ ফিল্ম ক্লাবৰ প্ৰতিষ্ঠাপক পাৰ্থজিৎ বৰুৱাই প্ৰদান কৰা ধন্যবাদসূচক বক্তব্যৰ সৈতে অনুষ্ঠানটো সমাপ্ত কৰা হয়। তেওঁ আয়োজক মণ্ডলীৰ সকলো সদস্যক ধন্যবাদ জ্ঞাপন কৰে, যি চানলিট চলচ্চিত্ৰ মহোৎসৱক এক বৃহৎ সফলতা প্ৰদান কৰিবলৈ যথেষ্ট অৰিহণা আগবঢ়াইছিল। এই চলচ্চিত্ৰ মহোৎসৱটো গুগল মিটৰ জৰিয়তে আয়োজন কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
AIত দক্ষতাৰ অভাৱ; ৮০০০ কৰ্মচাৰীক ছাটাই কৰিব METAই
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ
আজি গৰু বিহু ; চৌদিশে হেঁপাহৰ ৰঙালীক আদৰাৰ প্ৰস্তুতি
ৰঙালীৰ আনন্দ উল্লাসৰ মাজতে জোনাইত অঘটন ; থিতাতে মৃত্যু এজনৰ