--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ বিয়াৰ দিনা কি পোছাক পৰিধান কৰিব সেই বিষয়ে আগতীয়াকৈ চিন্তা কৰে ভাবী কইনাই। বিশেষ দিনটোৰ দিনা নিজকে সুন্দৰকৈ সজাই তুলিবলৈ উথপথপ লগাতো স্বাভাৱিক।পাছে বিয়াৰ দিনা আপুনি কেনে পোছাক পৰিধান কৰিব?  লোকচক্ষুৰ মাজত নিজৰ সুষমা শৰীৰক আৰু অধিক দেখনিয়াৰ কৰাৰ প্ৰতিযোগিতা প্ৰায়ে চলে। ইয়ো যে আনি দিয়ে এক অনাবিল আনন্দ। সেই বিবাহৰ গাউন তৈয়াৰ কৰিবলৈ গৈ বিতৰ্কৰ সন্মুখীন হৈছে এজন ফেশ্বন ডিজাইনাৰ। কটাক্ষৰ লক্ষ্য হৈ পৰিছে পোছাক পৰিহিতা মডেলগৰাকীও।

বাৰ্চিলোনাৰ ডিজাইনাৰ ৰু ডি ছেইনে এটা গাউন তৈয়াৰ কৰিছে যাৰ মূল্য প্ৰায় ২,৮৪,০০০ টকা। সেই পোছাক পিন্ধি ৰেম্পত খোজ কাঢ়িবলৈ গৈ বিতৰ্কৰ সন্মুখীন এগৰাকী মডেল। ভাইৰেল হৈ পৰিছে তেওঁৰ ছবি। ছ’চিয়েল মিডিয়াতো আৰম্ভ হৈছে তিক্ত প্ৰতিক্ৰিয়াৰ।

গাখীৰ-বগা ডিজাইনৰ গাউনটো ৰু ডি ছেইনে তৈয়াৰ কৰিছিল। কিন্তু গাউনৰ ডিজাইন ইমানেই স্বচ্ছ হৈ পৰিছে যে, স্পষ্টভাৱে কইনাৰ শৰীৰ দেখা যায়। গাউনটোৰ মূল্য ৩,১৫০ ডলাৰ। সেই গাউন পিন্ধি সমালোচিত মডেল। ছ’চিয়েল মিডিয়াত ট্ৰ'লো কৰা গৈছে তেওঁক।

শেহতীয়াকৈ, 'ৱেডিংছ ইউনিয়ন' নামৰ এটা ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা মডেলগৰাকীৰ এখন ছবি প্ৰকাশ কৰা হৈছিল।ছবিখনৰ কেপচনত লিখিছে, ‘এনে বিবাহৰ পোছাক কোনে বিচাৰে?’ কিন্তু মডেলগৰাকীৰ ছবি পোষ্ট কৰাৰ লগে লগে , দেখিবলৈ পোৱা গ’ল কমেণ্টৰ বন্যা। কোনোবাই লিখিছে, ‘গাউনটো ধুনীয়া। কিন্তু বিয়াত নহয়, ফুলশয্যাৰ বাবেহে উপযুক্ত।’ কোনোবাই আকৌ তেওঁলোকৰ ৰুচীৰ ওপৰত পোনপটীয়াকৈ প্ৰশ্ন উত্থাপন কৰিছে। কোনোবাই আকৌ ফেশ্বন ডিজাইনাৰৰ মুণ্ডন কৰিছে। ইয়াৰ মাজতে একাংশই ছবিখন ভাল পাইছে। ছবিখন বিভিন্ন মাধ্যমত ব্যাপক ভাৱে শ্বেয়াৰো কৰা হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ