--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ বিয়াৰ দিনা কি পোছাক পৰিধান কৰিব সেই বিষয়ে আগতীয়াকৈ চিন্তা কৰে ভাবী কইনাই। বিশেষ দিনটোৰ দিনা নিজকে সুন্দৰকৈ সজাই তুলিবলৈ উথপথপ লগাতো স্বাভাৱিক।পাছে বিয়াৰ দিনা আপুনি কেনে পোছাক পৰিধান কৰিব?  লোকচক্ষুৰ মাজত নিজৰ সুষমা শৰীৰক আৰু অধিক দেখনিয়াৰ কৰাৰ প্ৰতিযোগিতা প্ৰায়ে চলে। ইয়ো যে আনি দিয়ে এক অনাবিল আনন্দ। সেই বিবাহৰ গাউন তৈয়াৰ কৰিবলৈ গৈ বিতৰ্কৰ সন্মুখীন হৈছে এজন ফেশ্বন ডিজাইনাৰ। কটাক্ষৰ লক্ষ্য হৈ পৰিছে পোছাক পৰিহিতা মডেলগৰাকীও।

বাৰ্চিলোনাৰ ডিজাইনাৰ ৰু ডি ছেইনে এটা গাউন তৈয়াৰ কৰিছে যাৰ মূল্য প্ৰায় ২,৮৪,০০০ টকা। সেই পোছাক পিন্ধি ৰেম্পত খোজ কাঢ়িবলৈ গৈ বিতৰ্কৰ সন্মুখীন এগৰাকী মডেল। ভাইৰেল হৈ পৰিছে তেওঁৰ ছবি। ছ’চিয়েল মিডিয়াতো আৰম্ভ হৈছে তিক্ত প্ৰতিক্ৰিয়াৰ।

গাখীৰ-বগা ডিজাইনৰ গাউনটো ৰু ডি ছেইনে তৈয়াৰ কৰিছিল। কিন্তু গাউনৰ ডিজাইন ইমানেই স্বচ্ছ হৈ পৰিছে যে, স্পষ্টভাৱে কইনাৰ শৰীৰ দেখা যায়। গাউনটোৰ মূল্য ৩,১৫০ ডলাৰ। সেই গাউন পিন্ধি সমালোচিত মডেল। ছ’চিয়েল মিডিয়াত ট্ৰ'লো কৰা গৈছে তেওঁক।

শেহতীয়াকৈ, 'ৱেডিংছ ইউনিয়ন' নামৰ এটা ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা মডেলগৰাকীৰ এখন ছবি প্ৰকাশ কৰা হৈছিল।ছবিখনৰ কেপচনত লিখিছে, ‘এনে বিবাহৰ পোছাক কোনে বিচাৰে?’ কিন্তু মডেলগৰাকীৰ ছবি পোষ্ট কৰাৰ লগে লগে , দেখিবলৈ পোৱা গ’ল কমেণ্টৰ বন্যা। কোনোবাই লিখিছে, ‘গাউনটো ধুনীয়া। কিন্তু বিয়াত নহয়, ফুলশয্যাৰ বাবেহে উপযুক্ত।’ কোনোবাই আকৌ তেওঁলোকৰ ৰুচীৰ ওপৰত পোনপটীয়াকৈ প্ৰশ্ন উত্থাপন কৰিছে। কোনোবাই আকৌ ফেশ্বন ডিজাইনাৰৰ মুণ্ডন কৰিছে। ইয়াৰ মাজতে একাংশই ছবিখন ভাল পাইছে। ছবিখন বিভিন্ন মাধ্যমত ব্যাপক ভাৱে শ্বেয়াৰো কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ