--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীৰ কথা ভাবি নীৰৱে চকুলো টুকি থাকে পত্নীয়ে, ইফালে স্বামীয়ে নিৰুদ্দেশৰ নাটক কৰি নতুন পত্নীৰ সৈতে সংসাৰ কৰাত ব্যস্ত।

ডিজিটেল ডেস্কঃ ৭ বছৰ পূৰ্বে পত্নীক এৰি থৈ ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱা স্বামীক অৱশেষত বিচাৰি পালে পত্নীয়ে। এয়া সম্ভৱ হ’ল ভাইৰেল হোৱা এটা ইনষ্টাগ্ৰাম ৰীলৰ বাবে। নিৰুদ্দেশৰ নাটক সৃষ্টি কৰি পঞ্জাৱত দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হোৱা জিতেন্দ্ৰ ওৰফে বাবলুক প্ৰথম পত্নীয়ে ছ'চিয়েল মিডিয়াত চিনি পালে।


উত্তৰ প্ৰদেশৰ হৰদয় জিলাত সংঘটিত হৈছে এই ঘটনা। ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীৰ কথা ভাবি নীৰৱে চকুলো টুকি থাকে পত্নীয়ে, ইফালে স্বামীয়ে নিৰুদ্দেশৰ নাটক কৰি নতুন পত্নীৰ সৈতে সংসাৰ কৰাত ব্যস্ত।  স্বামীৰ ৰীলবোৰ চাই প্ৰথম পত্নী প্ৰতিশোধৰ জুইত জ্বলিবলৈ ধৰিলে।


জিতেন্দ্ৰ নিৰুদ্দেশ হোৱাৰ পিছত স্বামীৰ পৰিয়ালে জিতেন্দ্ৰক নিৰুদ্দেশ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল পত্নী তথা পত্নীৰ পৰিয়ালৰ বিৰুদ্ধে। তেতিয়াৰ পৰাই পত্নীয়ে একমাত্ৰ পুত্ৰৰ সৈতে দৰিদ্ৰতাত জীৱন কটাবলগীয়া হৈছে। ইমানখিনি অপবাদ তথা দুখ মূৰ পাতি লোৱা মহিলাগৰাকীয়ে এতিয়া স্বামীয়ে আন এগৰাকী মহিলাৰ সৈতে ৰীল বনোৱা দেখি কঠোৰ শাস্তি দিয়াৰ সিদ্ধান্ত লৈছে। 


তথ্য অনুসৰি ২০১৭ চনত আটামৌ গাঁৱৰ বাসিন্দা জিতেন্দ্ৰ ওৰফে বাবলুৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা বুলি জানিবলৈ দিয়ে ভুক্তভোগী পত্নী শ্বীলুৱে।২০১৮ চনত স্বামী জিতেন্দ্ৰই হঠাতে পত্নী-পুত্ৰক এৰি নিৰুদ্দেশ হৈছিল। তেওঁৰ নিৰুদ্দেশৰ এজাহাৰ থানাত দাখিল কৰিছিল জিতেন্দ্ৰ ওৰফে বাবলুৰ পিতৃয়ে। লগতে পত্নীৰ আত্মীয়ই হত্যা কৰি মৃতদেহটো নিৰুদ্দেশ কৰাৰ অভিযোগ উত্থাপন কৰে জিতেন্দ্ৰৰ পৰিয়ালে ।

ভুক্তভোগী পত্নী শ্বীলুৱে নিজৰ মাতৃগৃহত সন্তানসহ দৰিদ্ৰতাৰে কটাবলগীয়া হৈছে। শ্বীলুৱে কয় যে তেওঁ স্বামীৰ উভতি অহাৰ সকলো আশা ত্যাগ কৰিছিল। তাৰ পিছত এদিন মোবাইলত ৰীল চাই থাকোঁতে তেওঁৰ ভৰিৰ তলৰ পৰা মাটি খহি পৰিল, যাক লৈ কান্দি আছিল তেওঁ নতুন পত্নীৰ সৈতে ৰীল বনাই ফূৰ্তি-আনন্দত ব্যস্ত।


স্বামী নিৰুদ্দেশ হোৱাৰ পিছত শ্বীলুৱে সকলো হেৰুৱাই, স্বামীৰ স্মৃতিৰে নিজৰ মাতৃগৃহত পুত্ৰৰ সৈতে সৰু জুপুৰি এটাত বাস কৰি আছে। শ্বীলুৱে কয় যে মোবাইলত ৰীল চাই থাকোতে জিতেন্দ্ৰ ওৰফে বাবলুক এগৰাকী মহিলাৰ সৈতে দেখা পাইছিল। সেইগৰাকী মহিলাৰ লগত তেওঁ বহু ৰীল বনাইছে। শ্বীলুৱে ক’লে যে তেওঁ আমাক সকলোকে মূৰ্খ সাজি লুধিয়ানাত নতুনকৈ বিয়া পাতি সুন্দৰ জীৱন কটাই আছে। ইফালে সন্তানৰ সৈতে তেওঁ শ্বাসৰুদ্ধ জীৱন কটাবলগীয়া হৈছে।


পত্নীয়ে স্বামীৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত প্ৰথম পত্নীক প্ৰতাৰণা, দ্বিতীয় বিবাহ আৰু ভুৱা নিৰুদ্দেশৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে জিতেন্দ্ৰক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ